দৰিদ্ৰ জনজাতীয় শিক্ষাৰ্থীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি অহা অচ্যুত সামন্তক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান
বাক্সাৰ বৰমাত গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ন্যাসৰ সহযোগত প্ৰদান কৰা হয় এই বঁটা ।

Published : April 19, 2025 at 4:42 PM IST
বাক্সা: গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ন্যাসৰ সহযোগত আৰু বি টি চিৰ উদ্যোগত বাক্সাৰ বৰমা মহাবিদ্যালয়ত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ১৬৬ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰা হয় । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সপ্তম সংখ্যক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা-২০২৫ প্ৰদান কৰা হয় KIIT & KISS, ওড়িশাৰ প্ৰতিষ্ঠাপক তথা শিক্ষাগুৰু অধ্যাপক অচ্যুত সামন্তক । এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰৰ লগতে একলাখ টকা ।
বৰমা মহাবিদ্যালয়ৰ ৰেণু বড়ো প্ৰেক্ষাগৃহত বি টি চিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, অধ্যক্ষ কাতিৰাম বড়ো, বিধায়ক ভূপেন বড়ো, এম চি এল এ ৰাকেশ ব্ৰহ্ম, গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ন্যাসৰ সভাপতি অজিত বড়োৰ উপস্থিতিত শুক্ৰবাৰে 'গুৰুদেৱ কালিচৰণ ব্ৰহ্ম' বঁটা প্ৰদান কৰা হয় ।
গুৰুদেৱ কালিচৰণ ব্ৰহ্ম:
অবিভক্ত গোৱালপাৰা জিলাৰ পৰ্বতঝোৰাৰ কাজিগাঁৱত ১৮৬০ চনৰ ১৮ এপ্ৰিলত জন্ম হৈছিল গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ৷ পিতৃৰ নাম সৌলা মেচ আৰু মাকৰ নাম আছিল ৰণ্ডিনী মেচ । বড়ো সমাজ সংস্কাৰ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল ব্ৰহ্মই । অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাই কেনেকৈ সমাজত ভাল পৰিৱেশ আনিব পাৰি তাৰ বাবে অহৰহ চেষ্টা কৰিছিল কালিচৰণ ব্ৰহ্মই । তেওঁ বড়ো সমাজৰ সংস্কাৰৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰিছিল ।
কিয়নো তেওঁলোকে বাথৌ ধৰ্ম পালন কৰিছিল যদিও বাথৌ ধৰ্মৰ মূল নীতি পাহৰি কেৱল অন্ধবিশ্বাসকে ধৰি ৰখা বাবে ধৰ্মৰ মূল উদ্দেশ্যৰ পৰা আঁতৰি আহিছিল । ইয়াৰ লগতে তেওঁলোকে কেইবাগৰাকী দেৱ-দেৱীৰ পূজা কৰিছিল আৰু এই সংখ্যা লাহে-লাহে বৃদ্ধি হ'বলৈ ধৰিছিল । তেওঁলোক বড়ো নিচাজাতীয় পানীয় জৌৰ প্ৰতি আসক্ত হৈছিল আৰু এইবোৰে সমাজত নানা সমস্যাৰ সৃষ্টি কৰিছিল । সেয়েহে কালিচৰণে বড়ো সমাজৰ উত্তৰোত্তৰ কামনা কৰি সমাজ আৰু ধৰ্মীয় সংস্কাৰৰ কাম হাতত লয় ।
১৯০৫ চনত তেওঁ মোহিনী মোহন চট্টোপধ্যায়ে ৰচনা কৰা 'সাৰনৃত্য ক্ৰিয়া' পঢ়ে । এই গ্ৰন্থখন স্বামী শিৱনাৰায়ণ পৰমহংসৰ নীতি আৰু শিকনিসমূহ সম্বলিত আছিল । এইখন পঢ়ি তেওঁ ব্ৰহ্ম সমাজৰ প্ৰতি আকৃষ্ট হয় । ৩৯ বছৰ বয়সত তেওঁ কলকাতাত স্বামী শিৱনাৰায়ণ পৰমহংসৰ ঘৰত ব্ৰহ্ম ধৰ্ম গ্ৰহণ কৰে । তাৰ পিছত তেওঁ নিজা গাঁৱলৈ উভতি আহি ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰত নামি পৰে ।
বঁটাপ্ৰাপক অচ্যুত সামন্ত:
ওড়িশাৰ বিখ্যাত কলিংগ বিশ্ববিদ্যালয়, কলিংগ ইনষ্টিটিউট অৱ ইনফৰ্মেচন টেকন'লজি (KIIT) আৰু কলিংগ ইনষ্টিটিউট অৱ ছ'চিয়েল চায়েঞ্চ (KISS) ৰ প্ৰতিষ্ঠাপক হৈছে অধ্যাপক অচ্যুত সামন্ত ৷
উল্লেখ্য যে অধ্যাপক অচ্যুত সামন্তে সমাজ সেৱাৰ লগতে জনজাতীয় ল'ৰা-ছোৱালীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি আহিছে সুদীৰ্ঘ সময়জুৰি ৷ এই নিঃস্বাৰ্থ সেৱাৰ বাবে তেওঁ দেশে-বিদেশে সমাদৃতও হৈছে ৷ দেশ-বিদেশত বিভিন্ন সন্মানো বুটলিবলৈ সক্ষম হৈছে অধ্যাপক অচ্যুত সামন্তে ।

