ডিব্ৰুগড়: ৰঙালী বিহু বুলি ক'লেই হুঁচৰি আৰু জেং বিহু আমাৰ মনলৈ আহে । জেং বিহু ৰঙালী বিহুৰ অবিচ্ছেদ্য অংশ বুলি বিবেচিত হৈ আহিছে যদিও জেং বিহুৰ পৰম্পৰা ক্ৰমাৎ হেৰাই যোৱাৰ দৰে পৰিৱেশ সৃষ্টি হৈছে । কেৱল যুৱতী মহিলাৰ দ্বাৰা পৰিৱেশন হয় জেং বিহু । কিছু কিছু লোকে জেং বিহুক গাভৰু বিহু বুলিও কয় । বাঁহৰে নিৰ্মাণ কৰা টকা আৰু হাত চাপৰি বজাই বজাই জেং বিহু পৰিৱেশন কৰা হয় ।
আধুনিক সমাজ ব্যৱস্থাত জেং বিহু প্ৰায় নোহোৱাৰ দৰেই হৈ পৰিছে । ঠায়ে ঠায়ে প্ৰতিযোগিতাৰ বাবে জেং বিহুৰ দল গঠন হয় যদিও গৃহস্থৰ চোতালত জেং বিহু কৰা পৰম্পৰা কমি আহিছে । কিন্তু এনে সময়ত অসমীয়া সমাজ জীৱনত হেৰাই যাবলৈ ধৰা জেং বিহুৰ পৰম্পৰা জীয়াই ৰখাৰ বাবে আগবাঢ়ি আহিছে নতুন প্ৰজন্ম । কিয়নো অসমীয়াৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী ।
ব'হাগৰ জাননী পাই গাত তৰণি নাই প্ৰতিগৰাকী অসমীয়াৰ । ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহু কৰ্মশালা । কান্ধত চেনেহৰ ঢোলটো লৈ সাঁজু হৈছে ঢুলীয়া ককাইজন । আনহাতে হাততে টকাটি, মুখতে হাঁহিটি লৈ বিহুলৈ যাবলৈ সাজু জেং বিহুৰ দলসমূহো ।
জেং বিহুৰ আখৰাত ব্যস্ত এজাক গাভৰু:
ৰঙালী বিহুক লৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক উচাহ । হুঁচৰি আৰু জেং বিহুৰ আখৰা তুংগত কৰি তুলিছে অসমীয়া ডেকা-গাভৰুৱে । ঢোল-পেঁপাৰ মাতত মুখৰিত হৈ পৰিছে চৌদিশ । ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্ততো এতিয়া অনুৰূপ পৰিৱেশ । তিলৈ নগৰত জেং বিহুৰ আখৰাত ব্যস্ত এজাক অসমীয়া গাভৰু । মৰাণ আঞ্চলিক সমন্বয় জেং বিহু দলটিয়ে এইবাৰ তৃতীয় বৰ্ষৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে ।

মৰাণ আৰু খোৱাং অঞ্চলৰ বিভিন্ন গাঁৱৰ ১৮ গৰাকী যুৱতীৰে গঠিত এই জেং বিহুৰ দলটিয়ে দিনে-নিশাই তিলৈ নগৰত আখৰাত ব্যস্ত হৈ পৰিছে । এইবেলি বিহুত বিভিন্ন বিহু মঞ্চৰ লগতে গৃহস্থৰ চোতালে চোতালে জেং বিহু পৰিবেশন কৰিব দলটিয়ে ।
টিংখাঙত সাজু নাজিতৰা গাভৰু জেং বিহু দল:
প্ৰকৃতিৰ লঠঙা বিৰিষেও পুৰণি সাজ সলাইছে । কপৌ, তগৰ আদি ফুলে নানাৰঙী আস্বাদনেৰে ধৰাৰ বুকু সজাই তুলিছে । কুলি-কেতেকীয়ে আনিছে ব'হাগৰ বতৰা । তেনে সময়ত টিংখাঙৰ শলগুৰি গাঁৱত চলিছে, 'নাজিতৰা গাভৰু জেং বিহু দল'ৰ আখৰা । পৰম্পৰা অক্ষুণ্ণ ৰাখি বিগত বছৰসমূহৰ দৰেই এইবাৰো গৃহস্থৰ চোতালৰ লগতে ৰঙালীৰ মঞ্চ কঁপাবলৈ সাজু হৈছে নাজিতৰা গাভৰু জেং বিহু দল । যাৰ বাবে লাহি কঁকালটি ঘূৰাই শেষ আখৰাত ব্যস্ত হৈ পৰিছে বিহুৱতী ।

গৃহস্থৰ চোতালৰ লগতে মঞ্চৰ বাবে আখৰাত ব্যস্ত জেং বিহু দল:
মৰাণ আঞ্চলিক সমন্বয় জেং বিহু দলৰ সদস্যসকলে কয়, "আমি ১৮ জনী বিহুৱতী একলগ হৈ জেং বিহুৰ আখৰা কৰিছোঁ । এইবাৰ ৰাইজৰ চোতালে চোতালে বিহু কৰাৰ লগতে বিহু মঞ্চৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি পৰিকল্পনা কৰিছোঁ । বিহুৰ আখৰা কৰাৰ উপৰিও বিহুলৈ বুলি গামোচা, ৰুমাল বোৱাৰ লগতে চিৰা জলপান প্ৰস্তুত কৰা হৈছে ।
আনহাতে নাজিতৰা গাভৰু জেং বিহু দলৰ সদস্যসকলে কয়,"আমাৰ জেং বিহুৰ দলটোৱে এইবাৰ তিনিবছৰত ভৰি দিছে । এইবাৰ আমি কেৱল প্ৰতিযোগিতাৰ বাবে মঞ্চত বিহু কৰিবলৈ আখৰা কৰিছোঁ ।"