ETV Bharat / state

হায়ৈ ৰহিমলা ৰৈ ৰৈ ধেমালি কৰো... ! চেনেহী বিহুত পথাৰত আনন্দৰে নাচিছে জীয়াৰী-বোৱাৰীয়ে

অসমীয়াৰ বাপতিসাহোন বিহুৰ অন্যতম ভাগ হৈছে জেং বিহু । বিশ্বাস আছে- এই নৃত্যৰ ধ্বনিয়ে কৃষিভূমিক কৰে উৰ্বৰা ।

JENG BIHU IN TEOK
চেনেহী বিহুত আনন্দৰে নাচিছে জীয়াৰী-বোৱাৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 4:07 PM IST

2 Min Read
Choose ETV Bharat

টীয়ক: আজি চেনেহী বিহু । ৰঙালী বিহুৰ এক অনন্য ৰূপ চেনেহী বিহু । ৰঙালীৰ সাত বিহুৰ অন্যতম চেনেহী বিহু অৰ্থাৎ জেং বিহুৰ দিনা টীয়কৰ মিধাখাট অঞ্চলৰ জীয়াৰী-বোৱাৰী সকলোৱে মিলি পথাৰত আনন্দৰে নাচিছে ।

উল্লেখ্য় যে এই বিহুত পুৰুষৰ কোনো ভূমিকা নাই । স্থান নাই ঢোল, তাল, বাঁহী, পেঁপাৰ । কেৱল হাতত টকা লৈ গগণা আৰু হাত চাপৰিৰে বিহু জুৰে জীয়াৰী-বোৱাৰীসকলে, য'ত সামাজিক আৰু সাংস্কৃতিক একতা প্ৰকাশ পায় ।

চেনেহী বিহুত আনন্দৰে নাচিছে জীয়াৰী-বোৱাৰীয়ে (ETV Bharat Assam)

লোকবিশ্বাস যে এই নৃত্যৰ ধ্বনিয়ে কৃষিভূমিক উৰ্বৰা কৰে । জীৱনলৈ আনে পলাশৰ সুবাসেৰে ভৰা নতুন আশাৰ বতৰা । বিহুৰ আনন্দৰ মাজতে এগৰাকী নাচনীয়ে ক'লে, "পূৰ্বৰ পৰম্পৰা অটুত ৰাখি আমি জীয়াৰী-বোৱাৰী একত্ৰিত হৈ এইদৰে পথাৰত বিহু গাই আনন্দ কৰিছো, দৰাচলতে এই বিহু পুৰুষৰ পৰা কিছু আতৰি কৰা হয় । আগৰ দিনত মহিলাসকলে পুৰুষৰ আগত নানাচে । তথাপি বিহুৰ আনন্দ লগ-সমনীয়াৰ সৈতে উপভোগ কৰিবলৈ তথা নাচিবলৈ অলপ আবুৰতা ৰাখিবলগীয়া হয় । লগতে লোকবিশ্বাস যে নাচনীৰ পদচালনাত মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি হয় ।"

তেওঁ লগতে কয়, "আজি আমাৰ সমাজখন যদিও এশ শতাংশ কৃষিৰ লগত জড়িত নহয় তথাপি পূৰ্বৰ পৰম্পৰা অটুত ৰাখি আমি সকলো একত্ৰিত হৈ বিহু মাৰিছো আৰু এইদৰে আগলৈও পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত বিহু মাৰি যাম । আজিকালি বিহু বুলি সামাজিক মাধ্যমত ফটো দিবলৈ হ'লেও আমাৰ প্ৰজন্মই জাতীয় সাজযোৰ পিন্ধে যি আমাৰ বাবে শুভ সংকেত । লগতে এনেবোৰ পদক্ষেপে আধুনিকতাৰ ধামখুমীয়াৰ মাজতো আমাৰ লোক সংস্কৃতি জীয়াই ৰখাত সহায়ক হ'ব ।"

লগতে পঢ়ক:টকাৰ মাতে শুনি ৰ'ব মই নোৱাৰো... খোৱাঙৰ চোতালে চোতালে জেং বিহু - RONGALI BIHU 2025

জেং বিহু চাবলৈ অকলে নাযাবা আমাকো লগতে নিবা..., চলিছে জেং বিহুৰ আখৰা - BOHAG BIHU 2025