ETV Bharat / state

চৈ-দিয়া গৰুগাড়ীৰে জীৱন সংগীক নিবলৈ আহিল দৰা

গোলাঘাটৰ এখন ব্যতিক্ৰমী বিয়াই চৰ্চা লাভ কৰিছে সমগ্ৰ জিলাত । বিলাসী বাহনৰ পৰিবৰ্তে চৈ-দিয়া গৰুগাড়ীত উঠি কইনা আনিবলৈ গ’ল দৰা ।

The groom came to marry in a bullock cart Golagaht
চৈ-দিয়া গৰু গাড়ীৰে জীৱন সংগীক নিবলৈ আহিল দৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 26, 2025 at 9:25 AM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: গ্ৰাম্য জীৱনৰ চানেকী, পৰম্পৰা ৰক্ষা কৰি গৰুগাড়ীত উঠি ন-কইনা আনিবলৈ গ'ল দৰা । গোলাঘাটৰ তামুলীপথাৰত শুকুৰবাৰে গৰু গাড়ীত উঠি কইনা আনিবলৈ গ’ল দৰা অনুজ শইকীয়া । গৰুগাড়ীৰ আগে পাছে ঢোলে-দগৰে বিহু নাচি খোজকাঢ়ি গ’ল বৰযাত্ৰীৰ দল । দীৰ্ঘদিনৰ প্ৰেমৰ অন্তত তামুলীপথাৰৰ অনুজ শইকীয়াই বিয়া পাতিলে একেখন গাঁৱৰে নয়নমনি কোঁৱৰক ।

চৈ-দিয়া গৰুগাড়ীত দৰা অহাত কইনাই আবেগিক হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "আজি এক ভাবিব নোৱাৰা পৰিৱেশ । মই যথেষ্ট আনন্দিত হৈছো । বিদ্যালয়ৰ দিনৰ পৰা মোক ভালপাই আছিল, কিন্তু মই তেখেতৰ জীৱনত বহু পলমকৈ আহিছো ।"

চৈ-দিয়া গৰু গাড়ীৰে জীৱন সংগীক নিবলৈ আহিল দৰা (ETV Bharat Assam)

পুৰণি পৰম্পৰা নৱপ্ৰজন্মক দেখুওৱাৰ উদ্দেশ্যৰেই বিলাসী বাহনৰ পৰিৱৰ্তে গৰুগাড়ীত কইনা আনিবলৈ যোৱা সম্পৰ্কে দৰাৰ মাতৃয়ে কয়, "আজি মোৰ বহুত সুখ অনুভৱ হৈছে ৷ কাৰণ এই বিবাহৰ জৰিয়তে এক যিবোৰ প্ৰাচীন পৰম্পৰা হেৰাই গৈছে তাক পুনৰ উদ্ধাৰ হোৱাত সহায় হৈছে । এনে এক সময় আছিল, যেতিয়া মানুহৰ আৰ্থিক অনাটন বা গাড়ী মটৰৰ ব্যৱস্থা নাছিল । তেতিয়া মানুহে গৰুগাড়ীৰ জৰিয়তে যাত্ৰা কৰিছিল । কিন্তু বৰ্তমান বিলাসীতাৰ যুগত সেই পৰম্পৰা হেৰাই গ'ল । মই আজি সুখ অনুভৱ কৰিছো যে মোৰ পুত্ৰই পুৰণি পৰম্পৰাৰ জৰিয়তে নিজৰ বিবাহপাশত আবদ্ধ হ'বলৈ গৈছে । আমি বিলাসী বাহনত যাব পাৰো ৷ কিন্তু তাৰ দ্বাৰা আমাৰ বিলাসীতা প্ৰদৰ্শন কৰা হ'ব ৷ প্ৰাচীন পৰম্পৰাসমূহ শেষ হৈ যাব, যাৰ পৰিপ্ৰেক্ষিতত অতীজৰ পৰম্পৰা নতুন প্ৰজন্মই আকোঁৱালি লোৱা বা অৱলম্বন কৰা উচিত ।"

আটকধুনীয়াকৈ ফুলৰ মালাৰে সজোৱা হ’ল গৰু গাড়ীখন । গৰুগাড়ীৰ লগত খোজকাঢ়ি বিহু নাচি বৰযাত্ৰী হৈ সকলোৱে আনন্দত আত্মহাৰা হোৱা দেখা গ’ল । এই সম্পৰ্কে দৰা অনুজ শইকীয়াই কয়, "অতীজৰ পৰম্পৰা স্মৰণ কৰাৰ উদ্দেশ্য আগত ৰাখি এই প্ৰচেষ্টা লৈছো । আমাৰ ঐতিহ্য আৰু পৰম্পৰা আমি ধৰি ৰাখিব লাগিব কাৰণ আমাৰ পৰিচয় অসমীয়া । আমি যদি অসমীয়া হৈ অসমখন পাহৰি যাও পৃথিৱীত আমাৰ বেলেগ পৰিচয় নাথাকিব । ইয়াৰ উপৰিও আমাৰ বিবাহৰ চিঠি মই নিজে হাতেৰে লিখা আৰু আমাৰ প্ৰেম যথেষ্ট পুৰণি ।" আনহাতে এই ব্যতিক্ৰমী বিবাহক কেন্দ্ৰ কৰি গোলাঘাট জিলাত এতিয়া চলিছে ব্যাপক চৰ্চা ।

লগতে পঢ়ক: বিয়লিৰ বলুকাত বহি বালিভাত ৰান্ধিব ককা-আইতাই, সাক্ষী হ'ল হোমাগ্নি - ELDERLY COUPLE GETS MARRIED

বিয়াঘৰত জিলিকিল অসমীয়া পৰম্পৰা, প্ৰদৰ্শিত হ'ল ঐতিহ্যপূৰ্ণ পুতলা নাচ - PUPPET DANCE IN NALBARI