ETV Bharat / state

বিধায়কৰ নতুন ঘৰৰ কাষতেই ওলাল দুটাকৈ গ্ৰেণেড

বিহুৰ বতৰত সৰুপথাৰত বোমাৰ আতংক । গ্ৰেনেড দুটাত বৰ্তমানেও ছেফটি পিন সংলগ্ন হৈ আছে ৷

Grenade recovered near newly constructed residence of MLA Biswajit Phukan in Sarupathar
বিহুৰ বতৰত সৰুপথাৰত বোমাৰ আতংক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 15, 2025 at 7:07 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সৰুপথাৰ নগৰত দুটাকৈ বোমা উদ্ধাৰ । সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নৱ-নিৰ্মিত আবাস গৃহৰ সন্মুখত বুধবাৰে উদ্ধাৰ হয় গ্ৰেণেড দুটা । বিধায়কৰ নৱ-নিৰ্মিত আবাস গৃহৰ সন্মুখত থকা এটা পৰিত্যক্ত ভঁৰালৰ তলত গ্ৰেণেড দুটা পোৱা যায় । বিধায়কৰ সৰুপথাৰ নগৰত বাসগৃহৰ কাষতেই থকা বাসগৃহৰ এটা ভঁৰাল ঘৰ ভাঙি আছিল মিস্ত্ৰীয়ে । তেনে অৱস্থাতেই উদ্ধাৰ হৈছে দুটাকৈ পুৰণি গ্ৰেণেড ।

ইতিমধ্যে ঘটনাস্থলীত অসম আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । বাতৰি লিখাৰ সময়লৈকে গোলাঘাটৰ পৰা প্ৰশাসনৰ এটা বিশেষ দল আহি থকাৰ খবৰ পোৱা গৈছে । সৰুপথাৰৰ এজন বিজেপি সদস্যই মন্তব্য কৰা অনুসৰি, "সৰুপথাৰৰ বিধায়কৰ নৱ-নিৰ্মিত বাসগৃহৰ নিচেই কাষতে থকা মৃদুল গোঁহাইৰ বাসগৃহৰ এটা ভঁৰাল ঘৰ ভাগি আছিল মিস্ত্ৰীয়ে । তেনে অৱস্থাতে প্ৰত্যক্ষ কৰে দুটাকৈ বোমা । তৎক্ষণাত মিস্ত্ৰী এজনে বোমা উদ্ধাৰ হোৱা কথাটো অৱগত কৰে । সেই মুহূৰ্ততে বিধায়কক ফোনযোগে অৱগত কৰোঁ ।"

বিহুৰ বতৰত সৰুপথাৰত বোমাৰ আতংক (ETV Bharat Assam)

তেওঁ লগতে কয়, "বিধায়কে আৰক্ষীৰ দল উপস্থিত হোৱাৰ কথা জানিবলৈ দিয়ে লগতে বোমাৰ পৰা আঁতৰত থাকিবলৈ জনায় । বোমা দুটা পুৰণি যদিও হাতেৰে স্পৰ্শ কৰোঁ ।" উল্লেখ্য যে, কিছুদিনৰ পিছৰে পৰাই সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে নৱ-নিৰ্মিত এই বাসগৃহত থকাৰ কথা । এইখিনিতে প্ৰশ্ন হৈছে যে ভঁৰাল ঘৰটো ভাগিল বুলিহে উদ্ধাৰ হৈছে দুটাকৈ বোমা । কিন্তু যদিহে ভঁৰালঘৰটো পূৰ্বৰ অৱস্থাতেই থাকিলহেতেন তেন্তে কোনেও হয়তো গমকেই নাপালেহেতেন ।

প্ৰশ্ন হৈছে কোনে ৰাখিছিল সেই গ্ৰেনেড দুটা ? বিধায়ক আবাসৰ নিচেই কাষতেই থকা ভঁৰালত উদ্ধাৰ হোৱা গ্ৰেনেড দুটাত বৰ্তমানেও ছেফটি পিন সংলগ্ন হৈ আছে ।

উল্লেখযোগ্য যে ২০২৪ বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বোমা সংস্থাপনৰ খবৰে ৰাজ্যৰ জনতাক আতংকিত কৰিছিল । সেই সময়ত সৰুপথাৰ নগৰৰ মাজমজিয়াতো উদ্ধাৰ হৈছিল বোমাসদৃশ সামগ্ৰী । এতিয়া গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সৰুপথাৰ সমষ্টিৰ বিধায়কৰ বাসগৃহৰ কাষতেই উদ্ধাৰ হোৱা দুটাকৈ গ্ৰেনেডক লৈ চিন্তিত ৰাইজ । আৰক্ষীৰ তদন্তৰ পিছতেহে গম পোৱা যাব কোনে থৈছিল সেই গ্ৰেনেড দুটা ।

লগতে পঢ়ক: অনিশ্চয়তাত উমৰাংছ’ত আবদ্ধ শ্ৰমিকৰ ভৱিষ্যৎ: উভতি গ’ল নৌ-সেনা - UMRANGSO COAL MINE TRAGEDY

মকৰ সংক্ৰান্তি আৰু পৰশুৰাম কুণ্ডৰ স্নানৰ আছে এক ওতঃপ্ৰোত সম্পৰ্ক - PARSHURAM KUND