ভাৰত চৰকাৰে মুকলি কৰি দিলে বন্ধ হৈ থকা অসমৰ ৯,৩৫,৬৮২ গৰাকী লোকৰ আধাৰ কাৰ্ড - Assam CM Himanta Biswa Sarma
Assam CM on Blocked Adhaar Card : বন্ধ কৰি ৰখা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিয়াৰ বাবে ইউ আই ডি কৰ্তৃপক্ষক নিৰ্দেশ ভাৰত চৰকাৰৰ । অসম চৰকাৰৰ অনুৰোধৰ প্ৰতি সঁহাৰি । ব্লক কৰি ৰখা হৈছিল ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০১৯ চনৰ আগষ্ট মাহৰ ভিতৰত এন আৰ চি তথা আধাৰ কেন্দ্ৰসমূহত আধাৰ কাৰ্ডৰ বায়'মেট্ৰিক সংগ্ৰহ কৰা লোকসকলৰ আধাৰ কাৰ্ড । এন আৰ চিত নাম নথকাৰ বিষয়টো নিজৰ ঠাইতে আছে । এইখিনি লোকৰ এন আৰ চিৰ লগত সম্পৰ্ক নাই । দিছপুৰত সংবাদমেলযোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

Published : August 28, 2024 at 1:51 PM IST
গুৱাহাটী, ২৮ আগষ্ট : আধাৰ কাৰ্ড বন্ধ হৈ থকা ৰাজ্যৰ ৯,৩৫,৬৮২ গৰাকী লোকৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিছে ভাৰত চৰকাৰে । অসম চৰকাৰৰ অনুৰোধত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে বন্ধ কৰি ৰখা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে । এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
বুধবাৰে দিছপুৰৰ লোক সেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রীয়ে এই কথা সদৰী কৰে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০১৯ চনৰ আগষ্ট মাহৰ ভিতৰত এন আৰ চি তথা আধাৰ কেন্দ্ৰসমূহত আধাৰ কাৰ্ডৰ বায়'মেট্ৰিক সংগ্ৰহ কৰা লোকসকলৰ আধাৰ কাৰ্ড ব্লক কৰি ৰখা হৈছিল । আধাৰ কাৰ্ড নোহোৱা বাবে এই লোকসকল ৰেচন কাৰ্ডকে ধৰি বিভিন্ন আঁচনি তথা সুবিধাৰ পৰা বঞ্চিত হৈ আছিল । ইয়াৰে বহু লোকৰ এন আৰ চিৰ লগত কোনো সম্পৰ্ক নাছিল । এই বিষয়টো অধ্যয়ন কৰাৰ বাবে কেবিনেট উপ-সমিতি গঠন কৰা হৈছিল । কেবিনেট উপ-সমিতিয়ে আছুকে ধৰি বিভিন্ন পক্ষৰ লগত আলোচনা কৰিছিল ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "পৰীক্ষাৰ অন্তত দেখা গৈছিল যে এই লোকসকলৰ এন আৰ চি আৰু আধাৰ কাৰ্ডৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাছিল । যাৰ বাবে এই বিষয়টোত কাৰো আপত্তি নাছিল । বিগত দুবছৰ ধৰি এই বিষয়টোৰ সমাধানৰ বাবে ভাৰত চৰকাৰৰ লগত যোগাযোগত আছিলোঁ । ভাৰত চৰকাৰৰ অনুৰোধত চলিত বৰ্ষৰ ১৯ জুলাইত অসম চৰকাৰৰ তৰফৰ পৰা ভাৰত চৰকাৰলৈ প্ৰস্তাৱ দিয়া হয় । অসম চৰকাৰৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে অৰ্থাৎ ২৭ আগষ্টত ভাৰত চৰকাৰে বন্ধ কৰি ৰখা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিয়াৰ বাবে ইউ আই ডি কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে । ভাৰত চৰকাৰ আধাৰ কাৰ্ড বিতৰণৰ পূৰ্বতে থকা বাধা প্ৰত্যাহাৰ কৰিছে।"
ইয়াৰ লগতে মুখ্যমন্ত্রীয়ে কয়, "ভাৰত চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ ফলত ৯,৩৫,৬৮২ গৰাকী লোকে আধাৰ কাৰ্ড লাভৰ পথ প্ৰশস্ত হ'ল । ১৫ দিন নাইবা এমাহৰ ভিতৰত সংশ্লিষ্ট আধাৰ কেন্দ্ৰসমূহৰ পৰা এই লোকসকলে নিজৰ আধাৰ কাৰ্ড সংগ্ৰহ কৰিব পাৰিব । ২০১৯ চনৰ ফেব্ৰুৱাৰীৰ পৰা আগষ্টৰ ভিতৰত সেইকেইটা মাহত যিসকল লোকে আধাৰ কাৰ্ডৰ বাবে গৈছিল, তেওঁলোকৰে বন্ধ হৈ আছিল । ইয়াত জাতি-ধৰ্ম-বৰ্ণৰ কথা নাছিল ।"
বন্ধ হৈ থকা আধাৰ কাৰ্ডৰ সংখ্যা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "ডিব্ৰুগড়ত ১৫ হাজাৰ, গোলাঘাটত ৮ হাজাৰ, শিৱসাগৰত ১০ হাজাৰকে ধৰি বিভিন্ন ঠাইত ৯,৩৫,৬৮২ গৰাকী লোকৰ আধাৰ কাৰ্ড বন্ধ কৰি ৰখা হৈছিল । ইয়াত কোনো সম্প্ৰদায়ৰ কথা নাছিল । এই লোকসকলৰ এন আৰ চিৰ খচৰা আৰু চূড়ান্ত তালিকাত নাম আছিল । কেৱল সেই পাঁচ মাহত বায়'মেট্ৰিক দিয়া লোকসকলৰ আধাৰ কাৰ্ড ব্লক কৰি ৰখা হৈছিল । এন আৰ চিত নাম নথকাৰ বিষয়টো নিজৰ ঠাইতে আছে । এইখিনি লোকৰ এন আৰ চিৰ লগত সম্পৰ্ক নাই । ১৯ লাখ লোকৰ বন্ধ হৈ থাকিলে কথাটো অন্য হ'লহেঁতেন । এন আৰ চিৰ লগত সম্পৰ্ক থাকিলে ১৯ লাখৰ বন্ধ হৈ থাকিলহেঁতেন ।"

