তিনিদিনীয়া কাৰ্যসূচীৰে ডিমা হাছাওত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য
ডিমা হাচাওৰ স্বাধীনতা সংগ্ৰামী বীৰ সম্বোধন ফংলোৰ মৃত্যু তিথি উপলক্ষ্যে তেওঁৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় ৰাজ্যপাল আৰ্চাযই ।

Published : February 12, 2025 at 8:08 PM IST
হাফলং: তিনিদিনীয়া কাৰ্যসূচীৰে বুধবাৰে ডিমা হাছাও জিলাত উপস্থিত হয় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য । গুৱাহাটীৰ পৰা বিশেষ টুৰিষ্ট ৰে’লেৰে আহি আজি দুপৰীয়া 12 টা বজাত নিউ হাফলং ষ্টেচনত উপস্থিত হয় ৰাজ্যপাল আৰ্চাৰ্য । নিউ হাফলং ষ্টেচনত ৰাজ্যপালগৰাকীক আদৰণি জনায় উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই ।
নিউ হাফলং ষ্টেচনৰ পৰা পোনে পোনে আহি হাফলং চাৰ্কিট হাউচত উপস্থিত হয় ৰাজ্যপাল আৰ্চাৰ্য । ইয়াৰ পাচত দুপৰীয়া প্ৰায় 1.15 বজাত হাফলং চহৰৰ থকা স্বাধীনতা সংগ্ৰামী বীৰ সম্বোধন ফংলোৰ মৃত্যু তিথি উপলক্ষ্যে তেওঁৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় আৰ্চাযই । বীৰ সম্বোধন ফংলোৰ মৃত্যু তিথিৰ দিনটো ডিমা হাছাও জিলাত প্ৰতিবছৰে শ্বহীদ দিৱস হিচাবে পালন কৰা হয় ।
ৰাজ্যপাল আচাৰ্যই হাফলঙৰ নিলগত থকা সম্পাৰিদিচা গাঁও পৰিদৰ্শন কৰি জলজীৱন মিছন আঁচনিৰ কামৰ অগ্ৰগতিলৈ বুজ লয় ৷ তেওঁ প্ৰধানমন্ত্ৰী আবাস যোজনা- গ্ৰামীণ আৰু অৰুণোদয় হিতাধিকাৰীসকলৰ লগতো মতবিনিময় কৰে ৷ সন্ধিয়া তেওঁ হাফলং জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক ময়ংক কুমাৰ আৰু অসম ৰাইফলছৰ বিষয়াসকলৰ লগত জিলাখনৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত হয় ৷ তেওঁ জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগত এখন বৈঠক মিলিত হৈ তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয় ।
ৰাজ্যপাল আচাৰ্যই তেওঁ X ত পোষ্ট কৰি কয়, "আজি ডিমা হাচাও জিলাৰ সম্পাৰদিছা গাঁৱত গাঁওবাসীৰ সৈতে মত বিনিময় কৰি জল জীৱন মিছন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাকে ধৰি বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কল্যাণমূলক আঁচনিৰ ৰূপায়ণ আৰু প্ৰভাৱ পৰ্যবেক্ষণ কৰোঁ ।"
লগতে পঢ়ক: কেনে চলিছে তিনিচুকীয়াত চৰকাৰী আঁচনিৰ কামকাজ ? হিচাপ ল'লে ৰাজ্যপালে

