ETV Bharat / state

চৰকাৰী বিষয়াৰ বাহনৰ খুন্দাত নিহত এজন, আহত তিনিজন

চৰাইদেউৰ চৰকাৰী বিষয়াৰ বাহনে নিশা সংঘটিত কৰে ভয়ংকৰ দুৰ্ঘটনা । মথুৰাপুৰত বলেৰ' বাহনৰ খুন্দাত থিতাতে নিহত এজন, আহত তিনিজন ।

Joint Director of Health's vehicle in Charaideo carried out a horrific road accident at night
চৰকাৰী বিষয়াৰ বাহনৰ খুন্দাত নিহত এজন, আহত তিনিজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 4:49 PM IST

2 Min Read
Choose ETV Bharat

চৰাইদেউ: চৰাইদেউত চাঞ্চল্যকৰ ঘটনা । চৰকাৰী বাহনৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী লোকৰ । চৰাইদেউৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ বাহনে যোৱানিশা সংঘটিত কৰে ভয়ংকৰ পথ দুৰ্ঘটনা । চৰাইদেউ জিলাৰ মথুৰাপুৰ পকা পুলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো । জানিব পৰা অনুসৰি চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ বলেৰ' বাহনখন চালকজনে তীব্ৰ বেগত আনি এখন পালচাৰ বাইকক মহতিয়াই নিয়ে ।

AS 04AH 1873 নম্বৰৰ বলেৰ' বাহনখন দুৰ্ঘটনা সংঘটিত কৰি পথৰ দাঁতিতে বাগৰি পৰে । এই ঘটনাত থিতাতে নিহত হয় মটৰচাইকেল আৰোহী মথুৰাপুৰৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মদন কুৰ্মীৰ পুত্ৰ জয়ন্ত কুৰ্মী । ইফালে এই দুৰ্ঘটনাত পথৰ কাষত ৰৈ থকা কমলা কাণু নামৰ মহিলাগৰাকীৰ সৈতে আন দুজন গুৰুতৰভাৱে আহত হয় ।

চৰকাৰী বিষয়াৰ বাহনৰ খুন্দাত নিহত এজন, আহত তিনিজন (ETV Bharat Assam)

দুৰ্ঘটনাত আহতসকলক ততাতৈয়াকৈ ৰজাপুখুৰীস্থিত জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । দুৰ্ঘটনাত আহত হোৱা মহিলাগৰাকীৰ স্বাস্থ্য অতি সংকটজনক বুলি জানিব পৰা গৈছে । আনহাতে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত নিশাই মথুৰাপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাক লৈ তদন্ত আৰম্ভ কৰে ।

দুৰ্ঘটনা সংঘটিত কৰা চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ বাহনৰ চালকজন ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে । এজন চৰকাৰী বিষয়াৰ বাহনে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত কৰাত জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে নিশা উত্তপ্ত পৰিস্থিতিও সৃষ্টি হয় ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি বাহনখনৰ চালকজনে অত্যধিক সুৰাপান কৰি তীব্ৰ বেগেৰে আহি এই ঘটনাটো সংঘটিত কৰে । আনহাতে সমগ্ৰ ঘটনাক লৈ দেওবাৰে চৰাইদেউ সদৰ আৰক্ষী থানাৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে ঘটনাৰ সময়ত যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকী নাছিল বাহনখনত। বাহনখনৰ চালকজনো আহত হৈছে আৰু তেওঁ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: পৰীক্ষাকেন্দ্ৰৰ নিৰীক্ষকক আক্ৰমণ; গ্ৰেপ্তাৰ দুই ছাত্ৰ আৰু কনিষ্ঠ সহায়ক - CACHAR INVIGILATOR ATTACK CASE

মদাহী স্বামীৰ নিৰ্যাতনেই কাল হ'ল নেকি ! ৰেলে মহটিয়াই নিলে মাতৃ-কন্যাক - TRAGIC INCIDENT IN NALBARI