মাজুলী: মাজুলীৰ প্ৰায় দুই লাখ বাসিন্দাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ । যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্যৰ লগত জড়িত ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচন লিমিটেডক আনুষ্ঠানিকভাৱে অব্যাহতি দিলে চৰকাৰে । মাজুলীৰ ৰাইজৰ সপোন আছিল যোৰহাট-মাজুলী সংযোগী এখন দলং হওক । কিয়নো, মাজুলীৰ দক্ষিণ পাৰৰ লগত সংযোগৰ একমাত্ৰ সম্বল আছিল ফেৰীকেইখন ।
যাৰ ফলশ্ৰুতিত মাজুলীৰ দুই লক্ষ জনসাধাৰনে যোৰহাট-মাজুলী সংযোগী এখন দলঙৰ দাবী জনাই আহিছিল । মাজুলীবাসীৰ এই সপোনক বাস্তৱ ৰূপ দিবলৈ ২০২১ চনৰ ২৯ নৱেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাজুলীবাসীৰ সপোনৰ দলংখনৰ খুঁটাৰ কামৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল । এই দলংখনৰ ঠিকা লাভ কৰিছিল ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচনে । ৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই দলংখনৰ দৈৰ্ঘ ৮ কিলোমিটাৰ ।
দলংখনৰ মুঠ খুঁটাৰ সংখ্যা ৭২ টা ৷ ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচনৰ পৰা এই দলংখন নিৰ্মাণৰ কাম উপ-ঠিকা হিচাপে লৈ ব্ৰদী ৰায় এণ্ড কোম্পানীয়ে দলঙৰ কাম কৰি আছিল । যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কন্দলৰ বাবে যোৱা ৬ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণকাৰ্য । এই দলংখন নিৰ্মাণৰ উপ-ঠিকা লৈ কাম কৰা ব্ৰদী ৰায় এণ্ড কোম্পানীয়ে দলঙৰ কাম নকৰাৰ সিদ্ধান্ত লৈ ইতিমধ্যে দলং নিৰ্মাণৰ বাবে অনা তেওঁলোকৰ সকলো সামগ্ৰী লৈ গল ।
দলং নিৰ্মাণস্থলীত নিমাওমাও পৰিবেশে বিৰাজ কৰি থকাৰ সময়তে মাজুলীবাসীৰ বাবে আহিল আশাৰ বতৰা । কেইটামান দিনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তত্বাৱধানত মাজুলীৰ বিধায়কগৰাকীৰ নেতৃত্বত যোৱা এটা দলে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিছিল । কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন বিভাগৰ মন্ত্ৰীগৰাকীয়ে দলংখনৰ পুনৰ নিৰ্মাণকাৰ্য সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল দলটোক ।
ইয়াৰ পিছতে দেওবাৰে এই দলং নিৰ্মাণৰ লগত জড়িত মূল ঠিকাদাৰ প্ৰতিষ্ঠান ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচন লিমিটেডক আনুষ্ঠানিকভাৱে দলং নিৰ্মাণকাৰ্যৰ পৰা অব্যাহতি দিয়া হয় । অতি সোনকালে এই দলং নিৰ্মাণৰ বাবে নতুনকৈ নিবিদা হ'ব বুলি জানিব পৰা গৈছে । সামাজিক মাধ্যমত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে এই কথা ।
লগতে পঢ়ক: মাজুলীলৈ দলং নিৰ্মাণৰ কাম আকৌ আৰম্ভ হ’ব; সেউজ সংকেত গাডকাৰীৰ