ETV Bharat / state

উন্নয়ন পুঁজি ব্যয়ত ধাৰাবাহিকভাৱে ব্যৰ্থ অসম চৰকাৰ : বিশেষ নির্দেশনা ড'নাৰ মন্ত্ৰণালয়ৰ

বছৰটোক চাৰিটা ভাগত ভাগ কৰি কোনটোত কিমান পৰিমাণৰ পুঁজি চৰকাৰে ব্যয় কৰিব লাগিব সেয়া চলিত বিত্তীয় বৰ্ষত মন্ত্রণালয়ে নির্ধাৰণ কৰি দিলে ।

STATE GOVT FAILS TO UTILISE FUNDS
উন্নয়ন পুঁজি ব্যয়ত ধাৰাবাহিকভাৱে ব্যৰ্থ অসম চৰকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 9:35 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : ঋণৰ ওপৰত ঋণ লোৱা অসম চৰকাৰে কিন্তু ৰাজ্যৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ধন ব্যয় কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই । বিশেষকৈ ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে উত্তৰ-পূৱ উন্নয়ন মন্ত্ৰণালয়ে (ড’নাৰ) আবণ্টন দিয়া পুঁজি ব্যয়ত অসম ধাৰাবাহিকভাৱে ব্যৰ্থ হৈছে । যাৰবাবে ড'নাৰ মন্ত্রণালয়ে অসমক অৱশেষত ব্যয় কৰিবলগীয়া ধনৰ পৰিমাণ নিৰ্দিষ্ট কৰি দিবলৈ বাধ্য হৈছে ।

বছৰটোক চাৰিটা ভাগত ভাগ কৰি কোনটোত কিমান পৰিমাণৰ পুঁজি চৰকাৰে ব্যয় কৰিব লাগিব সেয়া চলিত বিত্তীয় বৰ্ষত মন্ত্রণালয়ে নির্ধাৰণ কৰি দিলে । উল্লেখ্য যে ২০২২-২৩ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত অসমে ড'নাৰৰ আবণ্টিত পুঁজি ব্যয়ত অভাৱনীয়ভাৱে ব্যর্থ হয় ।

লক্ষ্যণীয় বিষয় যে আন্তঃগাঁথনি উন্নয়নেৰে অসমক নতুন মাত্রা দিব বিচৰা ৰাজ্য চৰকাৰখনে ইয়াৰ বিপৰীতে তেনে উন্নয়নমূলক কামৰ বাবে আবণ্টিত ড'নাৰ মন্ত্ৰণালয়ৰ পুঁজি সংশ্লিষ্ট দুটা বিত্তীয় বৰ্ষত সর্বাধিক ৪০ শতাংশহে ব্যয় কৰিবলৈ সক্ষম হয় । ইয়াকে লৈ ড'নাৰ মন্ত্রণালয়ে গভীৰ উদ্বিগ্নতা প্রকাশ কৰিছে । কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উন্নয়নৰ বাবে গঠন কৰা বিভাগটোৰ আবণ্টিত পুঁজিয়েই যদি ৰাজ্যই ব্যয় কৰিব নোৱাৰে তেন্তে বিভাগটো গঠনৰ অর্থই নাথাকিব ।

উল্লেখ্য যে ২০২২-২৩ বৰ্ষত ৪০.৪২ শতাংশ আৰু ২০২৩-২৪ বৰ্ষত ৩৩.৫৫ শতাংশ পুঁজিহে অসম চৰকাৰে ব্যয় কৰিবলৈ সক্ষম হৈছিল । এনে অভাৱনীয় ব্যৰ্থতাৰ পৰিপ্ৰেক্ষিতত পুঁজি ব্যয়ত চৰকাৰক দায়বদ্ধ কৰিবলৈ এইবাৰ ড’নাৰ মন্ত্ৰণালয়ে ধাৰ্য কৰি দিবলৈ বাধ্য হৈছে কোনটো সময়ত কিমান টকা খৰচ কৰিব । এই সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগৰ এগৰাকী উপ-সচিব পৰ্যায়ৰ বিষয়াই জনোৱা মতে মন্ত্রণালয়ে চলিত বিত্তীয় বৰ্ষটোক চাৰিটা ভাগত ভাগ কৰিছে । তিনিমাহকৈ ধৰা প্ৰতিটো ভাগত বৃদ্ধি কৰা হৈছে ব্যয় কৰিবলগীয়া পুঁজিৰ পৰিমাণ ।

STATE GOVT FAILS TO UTILISE FUNDS
ৰাজ্য চৰকাৰে ব্যয় কৰা পুঁজিৰ পৰিমাণ (ETV Bharat Assam)

এই বিত্তীয় বৰ্ষটোত মন্ত্রণালয়ে আবণ্টন দিয়া পুঁজিৰ পৰিমাণ হ'ল ৫,৯১৫ কোটি টকা । ইয়াৰে ১,২১১ কোটি টকা ব্যয় কৰিব দিয়া হৈছিল এপ্ৰিলৰ পৰা জুনৰ ভিতৰত । জুলাইৰ পৰা ছেপ্টেম্বৰলৈ ব্যয় কৰিব লাগিব ১,৪৯৪ কোটি টকা, অক্টোবৰৰ পৰা ডিচেম্বৰলৈ ব্যয় কৰিব লাগিব ১,৫৫৫ কোটি টকা আৰু জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত ব্যয় কৰিব লাগিব ১,৬৫২ কোটি টকা ।

STATE GOVT FAILS TO UTILISE FUNDS
মাহ অনুসৰি ব্যয় কৰিবলগীয়া পুঁজি (ETV Bharat Assam)

ড'নাৰ মন্ত্ৰণালয়ৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰি আহিছে । তেনে সময়ত বিভাগে আবণ্টন দিয়া পুঁজি ব্যয়ত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাটো কেন্দ্ৰৰ বাবে গভীৰ উদ্বেগৰ বিষয় । সেয়েহে তেনে ব্যর্থতাক অতিক্ৰম কৰিব পৰাকৈ তথা পুঁজি ব্যয়ত চৰকাৰক দায়বদ্ধ কৰিবলৈ ব্যয়ৰ পৰিমাণ সময় ভিত্তিত বিভাগে নিৰ্ধাৰণ কৰি দিবলগীয়া হৈছে । শেহতীয়াকৈ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অসম ভ্ৰমণৰ সময়তো পুঁজি সময়মতে আৰু সম্পূৰ্ণকৈ ব্যয়ত গুৰুত্ব আৰোপ কৰিছিল ।

পি এম ডিভাইন আঁচনিৰ ক্ষেত্রত ব্যৰ্থতা :

লক্ষণীয় বিষয় যে উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নমূলক প্রকল্পসমূহ কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা 'প্রধানমন্ত্রী ডেভেলপমেন্ট ইনিছিয়েটিভ ফৰ নর্থ-ইষ্ট ৰিজিয়ন' (পি এম ডিভাইন) আঁচনিখনৰ বাবে অনুমোদিত ধন ব্যয় কৰিবলৈ অসমকে ধৰি আন ৰাজ্যকেইখনক সকীয়াই দিবলগীয়া হৈছে ।

পি এম ডিভাইনৰ ন'ডেল বিভাগ ড'নাৰ মন্ত্রণালয়ে জুনত জাৰি কৰা এখন কার্যালয় স্মাৰকত উল্লেখ কৰে যে এতিয়াও আঁচনিখনৰ অধীনত ১,৫২৮ কোটি টকা অব্যবহৃত হৈ পৰি আছে । ৰাজ্যবোৰে সময়মতে নতুন প্ৰকল্পৰ প্ৰস্তাৱ দাখিল কৰি অনুমোদন নাপালে অহা ৩১ মাৰ্চৰ পাছতে এই বৃহৎ ধনৰাশি কেন্দ্ৰৰ ৰাজকোষলৈ উভতি যাব । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমেই বৃহৎ । সেই হেতুকে অনুমোদিত ধনৰ সিংহভাগ অসমেই ব্যয় কৰাৰ সুবিধা লাভ কৰে ।

অসমে ইতিমধ্যে পি এম ডিভাইনৰ অধীনত ১,৪৩৭.৬২ কোটি টকাৰ পাঁচটা প্ৰকল্পত অনুমোদন লাভ কৰিছে । সেইকেইটা বৰ্তমানলৈ সম্পূৰ্ণ হোৱা নাই । ইয়াৰ বিপৰীতে ছিকিমে দুটা প্রকল্প লাভ কৰিছিল আৰু দুয়োটা প্রকল্পই সম্পূর্ণ হৈছে । উল্লেখ্য যে পি এম ডিভাইন আঁচনিখন পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ কৰি থকা হৈছিল । এই আয়োগৰ সময়সীমা হ'ল ২০২২-২৩ ৰ পৰা ২০২৫-২৬ লৈ ।

এই আঁচনিখনৰ অধীনত ইতিমধ্যে অনুমোদন দিয়া পুঁজিৰ ভিতৰত অসমৰে আছে সর্বাধিক অংশ । তেনেস্থলত অসমে মাত্র পাঁচটা প্ৰকল্প ৰূপায়ণৰ বাবদ ১৪০০ কোটি টকাহে ব্যয়ৰ অনুমোদন লাভ কৰিছে । এই পৰিমাণো বৃহত্তৰ অঞ্চলটোৰ ৰাজ্যকেইখনৰ ভিতৰত সর্বাধিক । প্রসংগক্রমে উল্লেখ্য যে অনুমোদিত এই পুঁজিৰ ভিত্তিত এই পর্যন্ত উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ৩৮টা প্ৰকল্পৰ বাবে ৫,০৭২ কোটি টকা ব্যয়ত অনুমোদন দিয়া হৈছে । আন ৰাজ্যবোৰৰ প্ৰকল্পবোৰ অসমৰ দৰে সামগ্রিকভাৱে বৃহৎ নহয় । তাৰ বিপৰীতে অসমৰ আঁচনিবোৰ সামগ্ৰিকভাৱে বৃহৎ আৰু ব্যয়বহুল ।

কেন্দ্ৰীয় চৰকাৰে এশ শতাংশ পুঁজি যোগান ধৰা আঁচনিখনৰ অধীনত অসমে ইতিপূৰ্বে লাভ কৰা পাঁচটা প্ৰকল্প হ'ল শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ, কামাখ্যা কৰিড'ৰ নিৰ্মাণ, কামৰূপৰ ২০ খন শিক্ষানুষ্ঠানক 'চেণ্টাৰ অৱ এক্সিলেন্স ৰূপে গঢ় দিয়া', লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ সংযোগী ভি আই পিৰ পৰা ধাৰাপুৰলৈ থকা দ্বৈত শাৰীৰ পথ চাৰিশাৰীযুক্তলৈ উন্নীত কৰা আৰু গুৱাহাটীত এটা অত্যাধুনিক প্রযুক্তি সম্বলিত 'হেমাটো লিম্ফোইড' কেন্দ্র স্থাপন আদি । ইয়াৰে এটা প্ৰকল্পও বৰ্তমানলৈ সম্পূর্ণ হোৱা নাই ।

লগতে পঢ়ক : বিভিন্ন আঁচনিয়েও কিয় ৰোধ কৰিব পৰা নাই ড্ৰ'প আউট: উদ্বিগ্ন অসম চৰকাৰে অধ্যয়নৰ বাবে গঠন কৰিলে টীম

১,৪৫০ টা গৰু একেদিনাই কাটি পেলোৱা হ'ল, অথচ কোনেও দুখ প্ৰকাশ কৰা দেখা নাই: মুখ্যমন্ত্ৰী

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যন