ETV Bharat / state

চমকৰ মাজত আবদ্ধ চাহ শ্ৰমিক: নিগমৰ শ্ৰমিকে পোৱা নাই প্ৰাপ্য ২৯৮ কোটি - ASSAM TEA CORPORATION

তিনি বছৰে ৰাজ্য চৰকাৰখনে মোকলাই দিয়া নাই শ্ৰমিকৰ প্ৰাপ্য় ।

Assam Tea Industry
চমকৰ মাজত আবদ্ধ চাহ শ্ৰমিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 18, 2025 at 9:48 PM IST

7 Min Read

গুৱাহাটী : দুশবছৰীয়া গৌৰৱোজ্বল ইতিহাসেৰে মহিমামণ্ডিত অসমৰ চাহশিল্প তথা চাহ উদ্যোগটোৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই । তাৰ প্ৰমাণ অসম চাহ নিগমৰ লাওলোৱা অৱস্থা । অৱশ্যে চমক সৃষ্টিৰ ক্ষেত্রত চৰকাৰখনে কিন্তু অলপো কৃপণালি কৰা নাই । লাগিলে এই উদ্যোগটোৰ লগত জড়িত শ্ৰমিকসকলে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ নাথাকক কিয় চমক সৃষ্টিৰ ক্ষেত্রত থমকি ৰোৱা নাই অসম চৰকাৰ ।

অলপতে অসমৰ চাহ উদ্যোগৰ দুশবছৰ উপলক্ষ্যে অসম চৰকাৰে গুৱাহাটীত ঝুমুৰ নৃত্যৰ বিশাল আৰু বিয়াগোম আয়োজনেৰে বিশ্ববাসীৰ আগত চমক দিলে । য'ত উপস্থিত আছিল প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী । ইফালে, শেহতীয়া ২০২৫-২৬ বৰ্ষৰ বাজেটতো চমকপ্ৰদ আঁচনি ঘোষণা কৰা হৈছে । কিন্তু বাস্তৱত এই চমকৰ মাজত চাহ শ্ৰমিকসকলে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে ।

অসম চাহ নিগমৰ লাওলোৱা অৱস্থা :

লক্ষণীয় বিষয় যে আজিৰ তাৰিখত অসম চাহ নিগমৰ হাতত মাত্ৰ ছয়খন বাগিচা আছে । কিন্তু উক্ত ছয়খন বাগিচাই লোকচানৰ সন্মুখীন হৈ আহিছে । আনহাতে, লোকচানৰ ভৰ সহিব নোৱাৰি চাহ নিগমে ইতিমধ্যে ছয়খনকৈ বাগিচা লীজত দিছে । চাহ নিগমৰ অধীনৰ বাগিচাসমূহৰ এনে শোচনীয় পৰিস্থিতিৰ বিপৰীতে কিন্তু ভোটৰ অংকত ৰাজ্য চৰকাৰখনে চাহ শ্ৰমিকসকলৰ বাবে ইখনৰ পাছত সিখনকৈ আঁচনি ঘোষণা কৰিয়েই আছে । যোৱা ১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত দাখিল কৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত ৰাজ্যৰ ৬.৮ লাখ চাহ শ্রমিকৰ প্ৰত্যেকজনকে এককালীন বিত্তীয় সাহায্য হিচাপে পাঁচ হাজাৰ টকাকৈ আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰিছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰখনৰ ব্যয় হ'ব ৩৪২ কোটি টকা ।

শ্রমিকৰ ২৯৮ কোটি টকা তিনি বছৰে মোকলাই দিয়া নাই ৰাজ্য চৰকাৰে :

লক্ষণীয় বিষয় যে চাহ শ্ৰমিকসকলৰ প্ৰতিগৰাকীকে পাঁচ হাজাৰ টকাকৈ ধন দিবলৈ ওলোৱা ৰাজ্য চৰকাৰখনে পিছে আজিলৈকে নিগমৰ অধীনৰ বাগিচাকেইখনৰ শ্ৰমিক-কৰ্মচাৰীসকলে পাবলগীয়া ধনৰাশিকে মোকলাই দিয়া নাই । তথ্য অনুসৰি উচ্চতম ন্যায়ালয়ে গঠন কৰা এজনীয়া আয়োগৰ প্ৰতিবেদন অনুসৰি ২০২১ চনৰ ৩১ অক্টোবৰলৈকে শ্রমিক আৰু কৰ্মচাৰীসকলে পাবলগীয়া ধনৰ পৰিমাণ আছিল ৬৩০.৭৭ কোটি টকা । ইয়াৰে ভিতৰত অসম চৰকাৰে এতিয়ালৈকে বিভিন্ন শিতানত ৩৩৯.৬৭ কোটি টকা মোকলাই দিছে । কিন্তু আশ্চর্যজনকভাৱে উচ্চতম ন্যায়ালৰ নিৰ্দেশৰ পাছতো একমাত্র শ্রমিকসকলে পাবলগীয়া বাকী ২৯৮ কোটি টকা যোৱা তিনি বছৰে ৰাজ্য চৰকাৰখনে মোকলাই দিয়া নাই ।

Assam Tea Industry
অসমৰ চাহখেতিৰ ইতিহাস (ETV Bharat Assam)
অসম চাহ নিগমৰ চাহ বাগিচা :

অসম চাহ নিগমে সম্প্রতি চলাই থকা বাগিচাকেইখন হৈছে ক্ৰমে চিনামৰা চাহ বাগিচা, চৈকটা চাহ বাগিচা, আমলখী চাহ বাগিচা, ভোলগুৰি চাহ বাগিচা, লংগাই চাহ বাগিচা আৰু ইছাবিল চাহ বাগিচা। ইফালে নিগমে এই চাহ বাগিচাকেইখনো ভালদৰে চলোৱাৰ পৰিৱৰ্তে লোকচানৰ সন্মুখীন হৈ থকাৰ দোহাই দি লীজত দিয়াৰ বাবে চিন্তা-চৰ্চা কৰিছে । ইফালে, এই সন্দৰ্ভত কেইবাখনো বৈঠকো অনুষ্ঠিত হৈছে ।

আনহাতে, ইতিমধ্যে নিগমে বোকাহোলা টি কোম্পানী প্রাইভেট লিমিটেডক নেঘেৰিটিং, ৰঙামাটি, মিচামৰা, ডিজুভেলী চাহ বাগিচা, চাপানলা টি ই এল পি নামৰ কোম্পানীটোক লুং চুং আৰু জালিংগা টিকে (ইণ্ডিয়া) প্রাইভেট লিমিটেডক নাগিনীজান চাহ বাগিচা লিজত দিছে । কিন্তু লীজত দিয়া চাহ বাগিচাকেইখনৰ শ্ৰমিকসকলেও চৰকাৰৰ পৰা পাবলগীয়া ধনৰাশি আজিলৈকে পোৱা নাই ।

Assam Tea Industry
ক'ত কিমান বাগিচা (ETV Bharat Assam)

ইফালে, চৰকাৰৰ এনে কাৰ্যৰ ফলত নিগমৰ অধীনত থকা তথা লোকচান ভৰি থকা বাগিচাসমূহৰ শ্ৰমিকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে যদিও এনে প্রতিবাদেও গা লৰাব পৰা নাই ৰাজ্য চৰকাৰখনৰ । চৰকাৰখনে ভোটৰ অংকত চাহ শ্রমিকসকলক আকৰ্ষিত কৰাৰ বাবে এককালীন সাহাৰ্য প্ৰদানৰ সিদ্ধান্ত লৈছে যদিও প্ৰাপ্যখিনি মোকলাই দিয়াৰ ক্ষেত্রত কোনো উদ্যোগ গ্ৰহণ কৰা নাই ।

অসমৰ চাহ উদ্যোগ :

পোনপ্ৰথমে চাহ খেতি চীন দেশত আৰম্ভ হৈছিল । চীনৰ পিছতেই ভাৰত, শ্ৰীলংকা, জাপান আদি বিশ্বৰ বহু দেশত লাহে লাহে এই চাহখেতিৰ আৰম্ভণি হয় । অসমত চাহ আৱিষ্কাৰ কৰা আৰু এই চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আঁৰত দুগৰাকী বিশেষ ব্যক্তিৰ নাম উচ্চাৰিত হয় ৷ তেওঁলোক হৈছে ৰবাৰ্ট ব্ৰুচ আৰু চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ । ৰবাৰ্ট ব্ৰুচক চাহৰ আৱিষ্কাৰক বুলি কোৱা হয় । উল্লেখ্য যে ১৮২৩ চনত ৰবাৰ্ট ব্ৰুচে আৱিষ্কাৰ কৰি উলিয়াইছিল অসমৰ হাবিয়ে-বননিয়ে উপলব্ধ হোৱা চাহ গছক ।

১৮২২ চনত ৰবাৰ্ট ব্ৰুচে মণিৰাম দেৱানৰ পৰা অৱগত হৈছিল অসমৰ চাহ গছৰ কথা ৷ সেই সময়ত চিংফৌ জনগোষ্ঠীৰ লোক সকলে চাহ খেতি কৰিছিল, যি কথা সাধাৰণতে সকলোৱে জনা নাছিল ৷ ১৮২৩ চনত গড়গাঁৱত ব্যৱসায় কৰি থাকোঁতে ৰবাৰ্ট ব্ৰুচে এজন চিংফৌৰ মুখীয়ালৰ সৈতে পৰিচয় হয় ৷ বিছা গাম নামৰ চিংফৌ মুখীয়ালগৰাকীয়ে তেওঁক এই চাহ উদ্ভিদৰ নমুনা যোগান ধৰিবলৈ ইচ্ছুক হৈছিল ৷ কিন্তু ১৮২৪ চনত ৰবাৰ্ট ব্ৰুচৰ মৃত্যু হয় । ইয়াৰ পাছত এই চাহ গছক বাণিজ্যিক ৰূপ দিয়া আৰু ইয়াক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ভূমিকা পালন কৰিছিল চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে । চাৰ্লছ আলেকজেণ্ডাৰ আছিল ৰবাৰ্ট ব্ৰুচৰ ভাতৃ ৷

Assam Tea Industry
ক'ত কিমান বাগিচা (ETV Bharat Assam)

ৰবাৰ্ট ব্ৰুচৰ মৃত্যুৰ পাচত এই চাহ গছৰ নমুনাবোৰ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ ওচৰলৈ যায় আৰু তেওঁ সেই নমুনা অসমৰ আয়ুক্ত ডেভিদ স্কটৰ ওচৰলৈ প্ৰেৰণ কৰে । ব্ৰিটিছ পক্ষৰ পৰা অসমত চাহ খেতিৰ আৰম্ভণিৰ কৃতিত্ব চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচক দিয়া হয় । অসমত চাহ গছৰ খেতি ১৮৩০ চনত আৰম্ভ হয় । অসমত চাহ উদ্ভাৱনৰ ক্ষেত্ৰত ৰবাৰ্ট ব্ৰুচৰ নাম উচ্চাৰিত হয় যদিও পৰৱৰ্তী সময়ত চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে এই চাহ গছ এবিধ সতেজ পানীয় হিচাবে আৱিষ্কাৰ কৰে । ১৮৭১ চনত তেজপুৰত চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ মৃত্যু হয় । চাহক এক বাণিজ্যিক ৰূপ দিবলৈ সক্ষম হোৱা এইগৰাকী চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ সমাধিক্ষেত্ৰ আজিও তেজপুৰৰ ব্ৰিটিছ চিমেট্ৰিত আছে । উল্লেখ্য যে অসমৰ প্ৰথমজন চাহ খেতিয়ক হৈছে স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান ।

বৰ্তমান অসমত প্ৰায় ৮০০‌ খন চাহ বাগিচা আছে। তাৰে শিৱসাগৰত ৮৫ খন, তিনিচুকীয়াত ১২২ খন, গোলাঘাটত ৭৪ খন, কাৰ্বি আংলংত ১৫ খন, যোৰহাটত ৮৮ খন, ডিব্ৰুগড়ত ১৭৭ খন, ধুবুৰীত ৩ খন, বঙাইগাঁওত ১ খন, গোৱালপাৰাত ২ খন, ওদালগুৰিত ২৪ খন, কোকৰাঝাৰত ৩ খন, বাক্সাত ৪ খন, চিৰাঙত ১‌ খন, কামৰূপ মহানগৰত ৩ খন, কামৰূপত ৩‌ খন, নগাঁৱত ২১ খন, শোণিতপুৰত ৫৯ খন, লখিমপুৰত ৯ খন, ধেমাজিত ২ খন, কাছাৰত ৫৬ খন, ডিমা হাছাওত ২‌ খন, কৰিমগঞ্জত ২৩ খন চাহ বাগিচা আছে ।

লগতে পঢ়ক:ক'ত কেনেদৰে আছে মণিৰাম দেৱানৰ সমাধি ? - MANIRAM DEWAN

এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচাখন চাই আহোগৈ আহক... - MONABARIE TEA ESTATE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.