ETV Bharat / state

চিন্তা নকৰিব, এতিয়া ঘৰৰ পৰাই বিনামূলীয়াকৈ সংগ্ৰহ কৰি লৈ যাব শুকান জাবৰ - GOODEEBAG APP

আপোনাৰ ঘৰত শুকান জাবৰ পেলোৱাৰ সমস্য়া হৈছে নেকি ? ডাইনলোড কৰক এই এপটো । এই এপটোতেই লাভ কৰিব পুৰস্কাৰ পইণ্ট ।

Goodeebag app open for dry waste collection
গুডীবেগ এপে বিনামূলীয়াকৈ সংগ্ৰহ কৰিব শুকান জাবৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 7:10 PM IST

4 Min Read

গুৱাহাটী: গুৱাহাটীবাসীৰ বাবে সুখবৰ । এতিয়াৰে পৰা প্লাষ্টিককে ধৰি শুকান জাবৰ ক'ত পেলাম বুলি চিন্তা কৰাৰ প্ৰয়োজন নাই । কিয়নো 'গুডীবেগ' এপে আপোনাৰ ঘৰৰ পৰাই বিনামূলীয়াকৈ সংগ্ৰহ কৰিব শুকান জাবৰ । এই এপত আপুনি আবেদন কৰিলেই আপোনাৰ ঘৰৰ পৰা সংগ্ৰহ কৰি লৈ যাব শুকান জাবৰ ।

এইদৰে বিনামূলীয়াকৈ সংগ্ৰহ কৰা জাবৰবোৰ পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিবলৈকে এই ব্য়ৱস্থা গ্ৰহণ কৰা হৈছে । এই ব্যৱস্থা গ্ৰহণ কৰিছে অসমৰ কেইগৰাকীমান যুৱক-যুৱতীয়ে । 'দ্য মিডৱে জাৰ্ণি' নামৰ বেচৰকাৰী সংস্থাটোৰ জৰিয়তে ক'ভিডৰ পিছৰে পৰাই বিগত চাৰি বছৰ ধৰি আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিৱেশ বহনক্ষমতাৰ হেতু কাম কৰি আহিছে এই যুৱক-যুৱতীসকলে ।

গুডীবেগ এপে বিনামূলীয়াকৈ সংগ্ৰহ কৰিব শুকান জাবৰ (ETV Bharat Assam)

আৰম্ভণিতে মহানগৰীৰ তিনিটা পৰিয়ালৰ পৰা শুকান জাবৰ সংগ্ৰহ কৰিছিল সংস্থাটোৱে । বৰ্তমান দুহেজাৰ পৰিয়ালৰ পৰা এই শুকান জাবৰ সংগ্ৰহ কৰি আছে । 'গুডীবেগ' এপটো আৰম্ভ হোৱাৰ পিছতেই ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা আৰু বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰি সংস্থাটোৰ সদস্য শীর্ষেন্দু শেখৰ দাসে কয়, "মানুহৰ ঘৰৰ পৰা ওলোৱা পেলনীয়া শুকান জাবৰে আমাৰ পৰিৱেশলৈ ভাবুকি কঢ়িয়াই আনিছে । তাকে ভাবিয়ে চাৰিবছৰ আগতে প্ৰথমে তিনিঘৰ মানুহৰ পৰা শুকান জাবৰ সংগ্ৰহ কৰা আৰম্ভ কৰো । এতিয়া দুহাজাৰ পৰিয়ালৰ পৰা শুকান জাবৰ সংগ্ৰহ কৰি আছো । এই এপটো মুকলি হোৱাৰ পিছত ২০ হাজাৰ পৰিয়ালক সামৰি ল'ব পাৰিম আৰু পৰৱৰ্তী সময়ত ইয়াৰ সংখ্যা বৃদ্ধি হ'ব ।"

Goodeebag app open for dry waste collection
বস্তাই বস্তাই শুকান জাবৰ (ETV Bharat Assam)

ক'ত উপলব্ধ হ'ব এই সেৱা ?

সংস্থাটোৰ সদস্যগৰাকীয়ে কয়, "গুৱাহাটী মহানগৰীৰ ৬০ টা ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা হ'ব শুকান জাবৰ । গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ ভিতৰৰ যিকোনো লোকে Goodeebag এপটো প্লে ষ্টোৰত গৈ ডাউনলোড কৰি এপটোত আবেদন কৰিলে আমাৰ মানুহে গৈ সংগ্ৰহ কৰিব । সেইবোৰ সংগ্ৰহ কৰি লালগণেশত থকা ৰোলিং মিললৈ নিয়াৰ পিছত ৬০-৭০ টা ভাগত পৃথক কৰা হ'ব । পৃথক কৰি পুনৰ ব্যৱহাৰ কৰাৰ বাবে আন উদ্য়োগক যোগান ধৰা হ'ব ।"

শুকান জাবৰ সংগ্ৰহ কৰিছে গুডীবেগে (ETV Bharat Assam)

কোনবোৰ শুকান জাবৰ সংগ্ৰহ কৰিব ?

এই সন্দৰ্ভত তেওঁ কয়, "এই এপটোৰ জৰিয়তে যিবোৰ লোকে আবেদন কৰিব তেওঁলোকৰ ঘৰলৈ গৈ শুকান জাবৰ যেনে যিকোনো ধৰণৰ প্লাষ্টিক, কাগজ, লো, টিন, গ্লাছ, ইলেক্ট্ৰনিক সামগ্ৰী বিনামূলীয়াকৈ সংগ্ৰহ কৰা হ'ব । যিসকলে আচবাব বা পুৰণি কাপোৰ দিব বিচাৰে তেওঁলোকৰ পৰা গাড়ীৰ ভাৰা লৈ কাপোৰ আৰু আচবাব সংগ্ৰহ কৰা হ'ব । এই সামগ্ৰীবোৰ দিয়াৰ পিছত এপটোৰ ব্যৱহাৰকাৰীয়ে এপটোতেই পুৰস্কাৰ পইণ্ট লাভ কৰিব । এই পইণ্টৰ জৰিয়তে পৰিৱেশ অনুকূল সামগ্ৰী ক্ৰয় কৰিব পাৰিব ।"

এই এপ ব্যৱহাৰ কৰা দেশৰ দ্বিতীয়খন মহানগৰ:

সংস্থাটোৰ সদস্যগৰাকীয়ে পুনৰ কয়, "গুডীবেগ এপ ব্যৱহাৰ কৰা দেশৰ দ্বিতীয়খন মহানগৰ হৈছে গুৱাহাটী । গুডীবেগ হৈছে হায়দৰাবাদস্থিত এটা ষ্টাৰ্টআপ । গুডীবেগে প্ৰায় তিনি বছৰ পূৰ্বে হায়দৰাবাদত এই এপৰ জৰিয়তে শুকান জাবৰ সংগ্ৰহ কৰা আৰম্ভ কৰিছিল । এইবাৰ গুৱাহাটীত 'দ্য মিডৱে জাৰ্ণি' উদ্যোগ আৰু গুডীবেগৰ সহযোগত এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । দেওবাৰে আনুষ্ঠানিকভাৱে গুৱাহাটীত এপটো মুকলি কৰা হৈছে । পৰৱৰ্তী সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য চহৰত এই এপটো আৰম্ভ কৰাৰ পৰিকল্পনা আছে ।"

এনেকৈয়ে গুডীবেগে শুকান জাবৰ লৈ যাব (ETV Bharat Assam)

চাৰি বছৰত ২০০ টন শুকান জাবৰ সংগ্ৰহ :

গুৱাহাটীত প্ৰতিদিনে কিমান শুকান জাবৰ ওলাই সেই সন্দৰ্ভত তেওঁ কয়, "চৰকাৰী তথ্য অনুসৰি গুৱাহাটীত দৈনিক ১৫০-২০০ টন শুকান জাবৰ ওলাই । আমি পূৰ্বতে মাহে ৫ টন শুকান জাবৰ সংগ্ৰহ কৰিছিলো । এতিয়াৰ সপ্তাহত ৫ টন আৰু মাহত ২০ টন শুকান জাবৰ সংগ্ৰহ কৰাৰ লক্ষ্য বান্ধি লৈছো । বিগত চাৰি বছৰত আমি ২০০ টন শুকান জাবৰ সংগ্ৰহ কৰিছো ।"

লগতে পঢ়ক:গুৱাহাটীত ৪০-৫০ শতাংশ মানুহেই চৰকাৰী মাটিত বিনা অনুমতিত ঘৰ বনাই আছে :জয়ন্ত মল্লবৰুৱা - GUWAHATI LANDSLIDE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.