ETV Bharat / state

গাঞ্জা ব্যৱসায়ীৰ কোটি টকীয়া সম্পত্তি বাজেয়াপ্ত গোলাঘাট আৰক্ষীৰ

গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ গোলাঘাট আৰক্ষী । ব্যৱসায়ীৰ অট্টালিকা, ভূমিসহ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ।

Golaghat Police
গাঞ্জা ব্যৱসায়ীৰ কোটি টকীয়া সম্পত্তি বাজেয়াপ্ত গোলাঘাট আৰক্ষীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 30, 2024 at 2:13 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট : আন্তঃৰাজ্যিক পৰ্যায়ত গাঞ্জা ব্যৱসায়েৰে বিশাল সম্পত্তিৰ গৰাকী গোলাঘাটৰ এজন লোকৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ পদক্ষেপ । গোলাঘাট জিলাৰ ফৰকাটিং তিৰোৱাল গাঁৱৰ গাঞ্জা ব্যৱসায়ী বিজিত নাথ ওৰফে বনগুটিৰ পত্নীৰ নামত থকা প্ৰায় ১ কোটি ৪৪ লাখ টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে আৰক্ষীয়ে ।

ব্যৱসায়ীজনৰ দুটাকৈ অট্টালিকা, মাটিসহ সম্পত্তিখিনি ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনৰ ৰাজহ বিভাগৰ কম্পিটেণ্ট অথ'ৰিটীৰ আদেশ মৰ্মে গোলাঘাটৰ আৰক্ষীয়ে বাজেয়াপ্ত কৰি চীল কৰে । ফৰকাটিঙত থকা ২ লাখ ৮০ হাজাৰ টকাৰ ২ কঠা ১৬ লেচা মাটি আৰু নিৰ্মীয়মান অৱস্থাত থকা ১ কোটি ৪১ লাখ ৯৭ হাজাৰ ৯৭১ টকাৰ অট্টালিকা বাজেয়াপ্ত কৰি আৰক্ষীয়ে জাননী জাৰি কৰে ।

গাঞ্জা ব্যৱসায়ীৰ কোটি টকাৰ সম্পত্তি

উল্লেখ্য যে, কিছুদিন পূৰ্বে গোলাঘাট আৰক্ষীয়ে বিজিত নাথৰ ফৰকাটিঙৰ ঘৰৰ পৰা বিশাল পৰিমাণৰ গাঞ্জা জব্দ কৰিছিল । লগতে বিজিত নাথক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল । গোলাঘাট আৰক্ষী থানাৰ গোচৰ নম্বৰ ১২৮/২০২৪( U/S 20(b)(ii)B/29 NPDS ধাৰা অনুযায়ী গাঞ্জা সৰবৰাহৰ জৰিয়তে গঢ়া বিশাল সম্পত্তিৰ তালিকা গোলাঘাট জিলাৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষীয়ে প্ৰস্তুত কৰি ভাৰত চৰকাৰৰ কম্পিটেণ্ট অথ'ৰিটীলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ এক প্ৰতিবেদনসহ আবেদন জনাইছিল ।

যাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ কম্পিটেণ্ট অথ'ৰিটীয়ে প্ৰ'পাৰ্টি এক্ট ১৯৭৬ আৰু এনপিডিএছ ১৯৮৫ অনুযায়ী গোলাঘাট আৰক্ষীক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । উক্ত নিৰ্দেশৰ ভিত্তিত আৰক্ষীয়ে সম্পত্তি বাজেয়াপ্ত কৰি জাননী জাৰি কৰে । জাননী অনুসৰি উক্ত ভূমি বা ঘৰ তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব ।

পূৰ্বেও জেললৈ গৈছিল বিজিত নাথ

গোলাঘাট আৰক্ষীয়ে বিজিত নাথ ওৰফে বনগুটিক গাঞ্জাসহ গ্ৰেপ্তাৰ কৰিছিল । তাৰ পিছতে আৰক্ষীয়ে কলকতাৰ কম্পিটেণ্ট অথ'ৰিটীক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এক আবেদন কৰিছিল । আয়ৰ উৎস সঠিকভাৱে জনাব পৰা নাছিল গাঞ্জা ব্যৱসায়ী বিজিত নাথে । মাত্ৰ চতুৰ্থ শ্ৰেণীলৈকে অধ্যয়ন কৰা বিজিতে গাঞ্জাৰ ব্যৱসায় কৰি প্ৰায় এক কোটিৰো অধিক ধন ব্যয় কৰি ফৰকাটিঙত নিৰ্মাণ কৰিছিল এটা বিশাল অট্টালিকা ।

কেৱল ইমানেই নহয় আয় বহিৰ্ভূতভাৱে গোলাঘাট চহৰ, ফৰকাটিং আদিত ভূমি ক্ৰয় কৰিছিল বিজিতে ৷ ইফালে নিচাযুক্ত সামগ্ৰী ব্যৱসায়ৰ লগত জড়িত হৈ কেইবাবাৰো ৰঙাঘৰৰ আলহী হৈছিল বিজিত নাথ । আৰক্ষীৰ জাননীৰ লগে লগে ‌এতিয়াৰে পৰা এই বাসগৃহটো মেৰামতিৰ লগতে বেংকৰ পৰাও ঋণ ল'ব নোৱাৰিব গৰাকীয়ে ৷

প্ৰথমবাৰৰ বাবে গোলাঘাটৰ আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ীৰ বিৰুদ্ধে এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত ৰাইজে আদৰণি জনাইছে ৷ ইফালে উক্ত ঘটনাৰ আলম লৈ তিনিচুকীয়াৰ ৰন্তু সোণোৱাল নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰো প্ৰায় ডেৰ কোটি টকাৰ সম্পত্তি গোলাঘাট আৰক্ষীয়ে বাজেয়াপ্ত কৰিছিল ।

লগতে পঢ়ক :২০২৪ত বিএছএফ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ দ্বাৰা ১২.৭ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ