ETV Bharat / state

প্ৰায় ৩কোটি টকাৰ ড্ৰাগছ লৈ কহিমাৰ পৰা ফৰকাটিঙলৈ আহিছিল দিগন্ত, কিন্তু আদবাটতে পৰিল আৰক্ষীৰ ফান্দত - RS 3 CRORE GANJA SEIZED

গোলাঘাটত প্ৰায় তিনি কোটি টকাৰ ড্ৰাগছসহ মুঠ তিনিজনক আটক কৰে আৰক্ষীয়ে ৷

Golaghat police seize heroin worth Rs 3 crore nearly 1000 kg of ganja
প্ৰায় তিনি কোটি টকাৰ ড্ৰাগছ জব্দ (@assampolice X)
author img

By ETV Bharat Assamese Team

Published : May 17, 2025 at 7:55 AM IST

3 Min Read

গোলাঘাট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ তথাপিও ৰাজ্যৰ পৰা নিৰ্মূল হোৱা নাই নিচাজাতীয় সামগ্ৰীৰ বেহা ৷ এইবাৰ গোলাঘাটত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় তিনি কোটি মূল্যৰ নিচাজাতীয় সামগ্ৰী ৷

শুকুৰবাৰে গোলাঘাটৰ ফৰকাটিঙত এখন বলেৰ’ বাহনৰ পৰা ৪৫ টা চাবোনৰ বাকচত প্ৰায় তিনি কোটি টকাৰ ড্ৰাগছসহ দুজন লোকৰ আটক কৰে আৰক্ষীয়ে ৷ জানিব পৰা মতে, AS 01 AW 9192 নম্বৰৰ এখন বলেৰ’ বাহনখনত অতি কৌশলেৰে তেলৰ টেংকীত ড্ৰাগছ ভৰাই কহিমাৰ পৰা ফৰকাটিঙলৈ নি আছিল ৷ তেনে সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ ড্ৰাগছখিনি ৷

ড্ৰাগছ জব্দ (ETV Bharat)

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, আটকাধীনকেইটা ক্ৰমে ফৰকাটিং তিৰোৱালৰ ফৰিদুৰ ৰহমান(মামু) আৰু গোলাঘাট জোনাকীনগৰৰ দিগন্ত বৰগোহাঁই ৷ দীৰ্ঘদিন ধৰি ফৰিদুৰ ৰহমান অবৈধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, গোলাঘাটত দীৰ্ঘদিন ধৰি আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছৰ লগতে ইয়াৰ লগত জড়িত বহু ব্যক্তিকো আটক কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত মাষ্টাৰমাইন ফৰিদুৰ ৰহমানক ফৰকাটিং আৰক্ষী চকীত সোধপোচ কৰি থকা হৈছে ৷ আনহাতে এই ড্ৰাগছৰ লগত জড়িত প্ৰফুল্ল দত্ত নামৰ আন এগৰাকীকো তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে বুলি উল্লেখ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসে ৷

Golaghat police seize heroin worth Rs 3 crore nearly 1000 kg of ganja
প্ৰায় তিনি কোটি টকাৰ ড্ৰাগছ জব্দ (ETV Bharat)

এই সম্পৰ্কে গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসে কয়, ‘‘এই ড্ৰাগছ সৰবৰাহৰ বিষয়টো বিগত এবছৰ আগৰে পৰা নজৰ দি আহিছিলো । বৃহস্পতিবাৰে নিশা এখন বাহন কহিমাৰ পৰা ওলাই আহিছে বুলি আমি তথ্য লাভ কৰিছিলো ৷ তাৰ পাছৰে পৰা আমি অভিযান আৰম্ভ কৰিছিলো আৰু আজি ফৰকাটিং আৰক্ষী থানাৰ সন্মুখত এখন বলেৰ’ গাড়ীত তালাচি চলাই তেলৰ টেংকিত ৪৫ টা চাবোনৰ বাকচত ৫১২ গ্ৰাম ওজনৰ ড্ৰাগছসহ চালক গোলাঘাটৰ দিগন্ত বৰগোহাঁই আৰু সৰবৰাহকাৰী তিৰোৱাল গাঁৱৰ ফৰিদুৰ ৰহমান (মামু) গ্ৰেপ্তাৰ কৰাৰ লগতে এই ড্ৰাগছখিনি যিজন লোকে লোৱাৰ কথা আছিল তেওঁক (তিনিচুকীয়াৰ প্ৰফুল্ল দত্ত) ইতিমধ্যে শদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।’’

আনহাতে এই সম্পৰ্কে ধৃত চালক দিগন্ত বৰগোহাঁয়ে কয়, ‘‘কহিমাত এজন নগা লোকে গাড়ীখন মোক গতাই দিয়ে আৰু তাৰ গাড়ীখন তিনিচুকীয়া জিলাৰ ধলালৈ লৈ গৈ আছিলো । ৪৫ টা চাবোনৰ বাকচত এই তেলৰ টেংকিত ভৰাই দিছিল । বিগত এমাহৰ পৰা এই ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত হৈছো ।’’

গোলাঘাটত প্ৰায় তিনি কোটি টকাৰ ড্ৰাগছ জব্দ (ETV Bharat)

লগতে পঢ়ক : ড্ৰাগছ সেৱনকাৰীয়েই হত্য়া কৰিলে নেকি দেৱাংগক ! আটক ১০ যুৱক

লগতে পঢ়ক : মন্ত্ৰী-বিধায়কৰ ড্ৰাগছ টেষ্ট কিয় কৰাব দিলে গৌৰৱ গগৈয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.