১০ লাখ টকা কোনে থপিয়াই নিছিল ? কৃষ্ণই কয়- মই চোৰ নহয়
কলকতাৰ পৰা গোলাঘাটৰ আৰক্ষীয়ে ধৰি আনিছে কৃষ্ণ শীলক । গোলাঘাট নগৰৰ মাজমজিয়াৰ পৰাই আত্মসহায়ক গোটৰ পৰা ১০ লাখ টকা লুটি নিয়াৰ অভিযোগ ।

Published : March 25, 2025 at 9:13 PM IST
গোলাগাট: ক্ৰমাৎ যেন গোলাঘাট জিলাত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । দিন-দুপৰতে সংঘটিত হৈছে চুৰি-ডকাইতিৰ দৰে ঘটনা । যাৰ পৰিপ্ৰেক্ষিতত চিন্তিত হৈ পৰিছে গোলাঘাটবাসী ৰাইজ । চোৰৰ সংখ্যা যেন বৃদ্ধি পাইছে গোলাঘাট নগৰত । দিন দুপৰতে তেনে এক ঘটনা সংঘটিত হৈছিল ৩ মাৰ্চত ।
গোলাঘাটৰ কাবৰু গাঁও অশ্বিনী আত্মসহায়ক গোটৰ ১০ গৰাকী মহিলাই ষ্টেট বেংকৰ পুলিবৰ শাখাৰ পৰা ১০ লাখ টকা ঋণ লৈ মোনাত ভৰাই গৈ থকা অৱস্থাত নগৰৰ মাজমজিয়াৰ প্ৰধান ডাকঘৰৰ সন্মুখত এখন বাইকত উঠি অহা দুৰ্বৃত্তই লুট কৰিছিল টকাখিনি । যাৰ পাছত গোলাঘাট সদৰ আৰক্ষী থানাত এই সম্পৰ্কে এক গোচৰ ৰুজু কৰিছিল আত্মসহায়ক গোটৰ মহিলাসকলে । উক্ত গোচৰ পোৱাৰ পিছতে অধিক তৎপৰ হৈ পৰিছিল গোলাঘাট আৰক্ষী ।
ইয়াৰ ভিত্তিতে সোমবাৰে বিশেষ সূত্ৰৰ পম খেদি গোলাঘাট আৰক্ষীৰ এটা দলে কলকতাৰ কালিয়াগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত হাস্পতালপাৰাৰ পৰা আটক কৰে কৃষ্ণ শীলক । বৰ্তমান আৰক্ষীয়ে অভিযুক্ত কৃষ্ণ শীলক স্বাস্থ্য পৰীক্ষা কৰাই নিজৰ জিম্মাত ৰাখি সোধা-পোছা অব্যাহত ৰাখিছে । কেমেৰাৰ সন্মুখত কৃষ্ণ শীলে এই ঘটনাৰ লগত তেওঁ জড়িত নহয় বুলি দাবী কৰে ।
এই সম্পৰ্কে কৃষ্ণ শীলে কয়, "মই চোৰ কৰা নাই ৷ মোৰ মোবাইল ফোনৰ লোকেচন এই স্থানত থকাৰ বাবে মোক ধৰিছে । মোৰ ঘৰ কালিয়াগঞ্জত ৷ মই এয়াৰটেল কোম্পানীত কাম কৰো । মই ইয়ালৈ অহা নাই । উক্ত দিনা মই কাৰ্যালয়ত আছিলো ।" পিছে সঁচাকৈয়ে কৃষ্ণ শীল এই চুৰিকাণ্ডৰ লগত জড়িত হয়নে নহয় সেয়া প্ৰমাণিত হ'ব আৰক্ষীৰ তদন্তৰ পিছত ।

