ETV Bharat / state

দেহত ক'লা-বগা কাপোৰৰ সলনি আজি ৰংমন-ৰাংঢালী হৈ ওলাল গোলাঘাটৰ অধিবক্তা সন্থা - RONGALI BIHU 2025

গোলাঘাটত অধিবক্তা সন্থাৰ উদ্যোগত ৰঙালী বিহু উদযাপন ।

Golaghat Bar Association
অধিবক্তা সন্থাৰ উদ্যোগত ৰঙালী বিহু উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 9:02 PM IST

2 Min Read

গোলাঘাট : গাত বগা চাৰ্ট, ক'লা কোৰ্ট আৰু ক'লা পেন্টৰ সলনি কান্ধত ঢোল, পেঁপা, বাঁহী, ঠিক তেনেদৰে মহিলাসকলে নিজৰ পেছাদাৰী পোছাকৰ সলনি নাচনী সাজেৰে মঞ্চত বিহু নচাত ব্যস্ত গোলাঘাটৰ অধিবক্তা সন্থাৰ কাৰ্যালয় চৌহদত ।

ব'হাগৰ বিহুৰ এই সময়চোৱাত ঢোল, পেঁপাৰ মাত শুনিলেই অসমীয়া ডেকা-গাভৰুৰ পৰা আৰম্ভ কৰি সকলোৱে এপাক নাচিবলৈ মন ৰাই জাই কৰে । কিন্তু নিজৰ পেছাগত কামৰ বাবে সেই কাম সম্ভৱ হৈ নুঠে অধিবক্তাসকলৰ । কিয়নো বছৰৰ বাৰ মহে বিভিন্ন গোচৰৰ সংক্ৰান্তত দিনটো আদালতৰ কাম কাজত ব্যস্ত থকাৰ লগতে পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলগীয়া হয় । কিন্তু ইয়াৰ ব্যতিক্ৰম গোলাঘাট অধিবক্তা সন্থা ।

গোলাঘাটৰ অধিবক্তা সন্থা (ETV Bharat Assam)

বিগত তিনিটা বছৰৰ দৰে এই বছৰো আয়োজন কৰিছে ৰঙালী বিহুৰ । অধিবক্তা সন্থাৰ কাৰ্যালয় চৌহদত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই বিহুত অধিবক্তা সকলৰ মাজেৰে কোনোৱে যদি ঢোল বাদন কৰিছে কোনোৱে আকৌ পেঁপা বজাই নচোৱাছে নাচনী ।

মঞ্চত মহিলাসকলে ঢোল, পেঁপাৰ মাতত মানৰ আনন্দত আত্মহাৰা হৈ বিহু নাচ প্ৰদৰ্শন কৰিছে । ইয়াৰ উপৰিও অধিবক্তাসকলৰ পৰিয়ালৰ কণ কণ মাইনাসকলেও নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে মঞ্চত ।

RONGALI BIHU 2025
ৰঙালী বিহু উদযাপন (ETV Bharat Assam)

এই সম্পৰ্কে অধিবক্তা সন্থাৰ সভাপতি দিপমৰঞ্জন সন্দিকৈয়ে কয়, ''আমি যিহেতু অসমীয়া আৰু যি জাতিৰ কৃষ্টি নাই সেই জাতিৰ ভৱিষ্যত নাই । গতিকে আমি অসমীয়া আমাৰ মনে প্ৰাণে বিহু সোমাই আছে । সেইবাবে আমি অধিবক্তা সন্থাই এদিনীয়া কাৰ্যসূচীৰে বিহু আয়োজন কৰো আৰু সকলোৱে কিছু আনন্দ উল্লাস কৰো । ইয়াৰ মূলতে হৈছে আমাৰ ভাতৃত্ববোধ জীয়াই থাকক, অসমীয়া সমাজত অসমীয়া কৃষ্টি জীয়াই থাকক, সেয়া আমাৰ লক্ষ্য ।''

RONGALI BIHU 2025
গোলাঘাটত অধিবক্তা সন্থাৰ উদ্যোগত ৰঙালী বিহু উদযাপন (ETV Bharat Assam)

''ইয়াৰ উপৰিও অসমত প্ৰথমবাৰৰ বাবে গোলাঘাট অধিবক্তা সন্থাই বিহু আয়োজন কৰিছিলো আৰু আজি তাৰিখলৈকে চলি আছে । আশাকৰো অনাগত দিনত গোলাঘাট অধিবক্তা সন্থাই এনে কাৰ্যসূচী চলাই যাব ।'' সন্দিকৈয়ে কয় ।

লগতে পঢ়ক : ১৬ টা বিহুৱা দলৰ ঢোল-পেঁপা-গগণাৰ মাতৰে মুখৰিত জামুগুৰিহাট

লগতে পঢ়ক : দৃষ্টিহীন ডেকা-গাভৰুৰ বিহু: ৰৈ নাথাকিল ৰূপজ্যোতি কুৰ্মীও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.