ETV Bharat / state

বন্দুক চলোৱা দুহাতৰ আঙুলিৰ পৰশত এতিয়া প্ৰাণ পাই উঠিছে পেলনীয়া সামগ্ৰী

গহপুৰৰ এজন ব্যতিক্ৰমী সেনা জোৱান । অৱসৰৰ সময়ছোৱাত এতিয়া নিজকে নিয়োগ কৰিছে সৃষ্টিমূলক কাৰ্যত ।

Gohpur retired army great works
গহপুৰৰ এজন প্ৰাক্তন সেনা জোৱানৰ অপূৰ্ব সৃষ্টিকৰ্ম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 30, 2025 at 4:52 PM IST

6 Min Read
Choose ETV Bharat

গহপুৰ: সাধাৰণতে মানুহৰ মনত এটা ধাৰণাৰ সৃষ্টি হয় যে সেনাবাহিনী বা আৰক্ষীত নিয়োজিত লোকসকল যথেষ্ট ৰুক্ষ হয় । তেওঁলোকে গধুৰ দায়িত্বত ব্যস্ত থকাৰ বাবে নিজৰ সৃষ্টি-কৃষ্টিৰ পৰা আঁতৰত থাকিবলগা যেন অনুভৱ হয় । যেন জীৱনটোৱে এক অন্য গতি লাভ কৰে ।

কিন্তু সেয়া একেবাৰে সঁচা নহয় । দেশমাতৃৰ সেৱাৰ দৰে গধুৰ দায়িত্বত নিয়োজিত হৈ থাকিলেও তেওঁলোকৰ মনবোৰ যথেষ্ট কোমল হয়, য'ত প্ৰাণ পাই উঠে বিভিন্ন সৃষ্টিশীল ৰচনাই । দুহাতত গধুৰ অস্ত্ৰ থাকিলেও সেই হাতৰ আঙুলিৰে সৃষ্টি কৰিব পাৰে বিভিন্ন চিত্ৰ-কলা-ভাস্কৰ্য । বাস্তৱিক ৰুক্ষতাৰ আঁৰতো তেওঁলোক একো একোগৰাকী সৃষ্টিশীল মনৰ মানুহ । অন্ততঃ এই প্ৰতিবেদনৰ বিষয়বস্তু আৰু ইয়াৰ লগত জড়িত ব্যক্তিজনৰ জীৱনত প্ৰৱেশ কৰিলে এক নতুন ধাৰণা আপোনাৰ মনতো জাগ্ৰত হৈ উঠিব ।

এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ অপূৰ্ব কৰ্ম (ETV Bharat Assam)

ভাৰতীয় সেনাৰ প্ৰাক্তন জোৱান সঞ্জীৱ পেগু

বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ মাগনিৰ এজন ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান হৈছে সঞ্জীৱ পেগু। সঞ্জীৱ পেগুৱে ২০০৫ চনত ভাৰতীয় সেনাবাহিনীত সেনা জোৱান হিচাপে যোগদান কৰিছিল ।

Gohpur retired army great works
সেনাবাহিনীত থকাৰ সময়ত সঞ্জীৱ পেগু (ETV Bharat Assam)

দেশমাতৃৰ সেৱাত তেওঁ ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমি ফুৰিছিল । মহাৰাষ্ট্ৰ,পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ লগতে ভাৰতৰ বাহিৰতো তেওঁ ভাৰতীয় সেনাবাহিনীক প্ৰতিনিধিত্ব কৰি সেৱা আগবঢ়াইছে । ২০১২ চনত আফ্ৰিকাৰ কংগোত সংঘটিত গৃহযুদ্ধৰ সময়ছোৱাত ৰাষ্ট্ৰসংঘৰ শান্তি বাহিনীত ভাৰতীয় সেনা হিচাপে সেৱা আগবঢ়াইছিল সঞ্জীৱ পেগুৱে । এনেদৰে বিভিন্ন দায়িত্ব পালন কৰি ২০২২ বৰ্ষত ভাৰতীয় সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰে সঞ্জীৱ পেগুৱে ।

Gohpur retired army great works
সঞ্জীৱ পেগুৰ সৃষ্টিকৰ্ম (ETV Bharat Assam)

দক্ষ ফুটবলাৰ হোৱাৰ সুবাদত সেনাবাহিনীত চাকৰি লাভ সঞ্জীৱ পেগুৰ

তেওঁ প্ৰকাশ কৰা অনুসৰি তেওঁ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ দক্ষ ফুটবল খেলুৱৈ আছিল । যাৰ ফলত ২০০৫ চনত ভাৰতীয় সেনাত ভৰ্তিৰ বাবে খেলুৱৈসকলৰ সংৰক্ষিত আসন সন্দৰ্ভত তেওঁক গাঁৱৰে কৰ্মৰত আন এগৰাকী ভাৰতীয় সেনা জোৱান বন্ধুৱে এই খবৰটো দিছিল ।

Gohpur retired army great works
এখন চিত্ৰ-ভাস্কৰ্যত অন্তিম পৰশ দিয়াত ব্যস্ত (ETV Bharat Assam)

উক্ত খবৰমৰ্মেই তেওঁ মহাৰাষ্ট্ৰলৈ সকলো পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় সেনাবাহিনীৰ জোৱান হিচাপে মহাৰাষ্ট্ৰতে প্ৰশিক্ষণ লৈ ভাৰতীয় সেনাত যোগদান কৰিছিল ।

সৃষ্টিশীল মনৰ গৰাকী সঞ্জীৱ পেগু

সঞ্জীৱ পেগুৱে ই টিভি ভাৰত অসমৰ আগত প্ৰকাশ কৰা অনুসৰি তেওঁ গাৰ্ড ৰেজিমেণ্টৰ এজন সেনা জোৱান হিচাপে কাৰ্যনিৰ্বাহ কৰে । ২০২২ চনত অৱসৰৰ পাছত আৰ্মী জোৱান সঞ্জীৱ পেগুৱে নিজকে ব্যস্ত ৰাখিছে সৃষ্টিশীল কৰ্মত । কিয়নো সঞ্জীৱ পেগুৰ এটা আছে সৃষ্টিশীল মন । তেওঁৰ দুহাতৰ যাদুত প্ৰাণ পাই উঠে বিভিন্ন সামগ্ৰী । ৰূপ লয় অসাধাৰণ চিত্ৰ-ভাস্কৰ্যৰ ।

Gohpur retired army great works
তেওঁৰ সৃষ্টিকৰ্মৰ অপূৰ্ব নিদৰ্শন এখন টেবুল (ETV Bharat Assam)

পেলনীয়া সামগ্ৰীক সজীৱ কৰিছে প্ৰাক্তন সোনা জোৱানগৰাকীয়ে

তেওঁ পেলনীয়া সামগ্ৰী যেনে গাড়ীৰ টায়াৰ,কাঠ ইত্যাদিৰে বিভিন্ন ধৰণৰ ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰি এক সুন্দৰ কলাৰ নিদৰ্শন দাঙি ধৰিছে । তেওঁ পেলনীয়া গাড়ীৰ টায়াৰেৰে চোফা, ঘড়ী, ছাউণ্ড বক্স, টেবুল, ডাইনিং টেবুলৰ লগতে ঘৰত সজাই ৰখা বিভিন্ন ধৰণৰ কাঠৰ বনৰীয়া জীৱ-জন্তু যেনে গঁড়, সিংহ, বাঘ, চৰাই ইত্যাদি তৈয়াৰ কৰি উলিয়াইছে ।

Gohpur retired army great works
নিজে তৈয়াৰ কৰা এটা গঁড়ৰ সৈতে সঞ্জীৱ পেগু (ETV Bharat Assam)

চাকৰি কৰি থকাৰ সময়ছোৱাতে তেওঁ আজৰি সময়ত এইবোৰ শিল্পকলাৰ চৰ্চা আৰম্ভ কৰিছিল । আৰু পিছলৈ ই তেওঁৰ অনন্য কাৰুকলাৰ উদ্ভাৱনৰ কৌশল হিচাপে গঢ় লৈ উঠে । প্ৰথম সময়ছোৱাত তেওঁ নিজৰ ঘৰত সজাবলৈ এই সামগ্ৰীসমূহ তৈয়াৰ কৰিছিল । কিন্তু বৰ্তমান তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ অনুৰোধমৰ্মে অইন লোককো ন্যূনতম মূল্যতে তৈয়াৰ কৰি দিয়ে প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী ।

সঞ্জীৱ পেগুৰ ভৱিষ্যৎ পৰিকল্পনা

সঞ্জীৱ পেগুৱে লগতে প্ৰকাশ কৰা অনুসৰি, ভৱিষ্যতে তেওঁ এই আচবাবসমূহৰ এক প্ৰতিষ্ঠিত ব্যৱসায়িক ৰূপ দিয়াৰো পৰিকল্পনা আছে । তেওঁ ঘৰৰ চাৰিওফালে আটোমটোকাৰিকৈ এই সামগ্ৰীসমূহ সজাই ৰখা দেখা গৈছে ।

Gohpur retired army great works
এটা কাঠৰ মাছৰ আকৃতিত ঘড়ী (ETV Bharat Assam)

আনহাতে, যিহেতু তেওঁ গড়ুৰ ৰেজিমেণ্টৰ অন্তৰ্গত আছিল, সেয়ে তেওঁৰ বাসগৃহৰ ওপৰত এটা গড়ুৰ পক্ষীৰ মূৰ্তি সুন্দৰভাৱে তৈয়াৰ কৰি বাসগৃহটোৰ শোভা বৰ্ধন কৰাইছে । ইয়াৰ উপৰি তেওঁ বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি তৈয়াৰ কৰি বাসগৃহৰ বিভিন্ন অংশত সজাই ৰাখিছে ।

সৰুৰে পৰাই শিল্প সাধনাত আগ্ৰহী

লগতে তেওঁ তৈয়াৰ কৰি উলিয়াইছে বহুকেইখন টেবুল, যিকেইখন টেবুলত তেওঁৰ অনন্য শিল্পকলাৰ নিদৰ্শন প্ৰতিফলিত হৈ উঠিছে । ইয়াৰ উপৰি তেওঁ কাঠত কাটি নিৰ্মাণ কৰিছে বহুকেইখন পৌৰাণিক আৰু ঐতিহাসিক ঘটনা সমৃদ্ধ ফটো । উক্ত ফটোসমূহৰ ভিতৰত ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ ফটোখন হৈছে অন্যতম ।

Gohpur retired army great works
সঞ্জীৱ পেগুৰ এখন সুন্দৰ চিত্ৰ-ভাস্কৰ্য (ETV Bharat Assam)

তেওঁৰ শিল্প সাধনা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত সেনা জোৱান সঞ্জীৱ পেগুৱে কয়, "মই চাকৰি কৰিলোঁ ১৭ বছৰ । বহু দেশ-বিদেশ ঘূৰিলোঁ । তাৰ পিছত অৱসৰ লৈ আহি এইবিলাকে কৰি আছোঁ । এইবোৰত আগ্ৰহ আছে আৰু কিবা এটা ভাল আইডিয়া সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ । টায়াৰটো এতিয়া কৰি আছোঁ । ৰাইজে ভাল পাইছে ।"

টায়াৰৰ পৰা সামগ্ৰী নিৰ্মাণ সন্দৰ্ভত তেওঁ কয়, "মই টেবুল বনাওঁ, চকী বনাওঁ । মই পকাৰো কাম কৰোঁ । পকীমিস্ত্ৰী কাম নহয়, পকাৰ ডিজাইন বনাওঁ, মূৰ্তি বনাওঁ । যেনে ধৰক ঈগলটো বনাইছোঁ, ৰাইনো বনাইছোঁ । আৰু কাঠৰ বনাওঁ ডিজাইনবিলাক ।"

Gohpur retired army great works
তেওঁ তৈয়াৰ কৰা বিভিন্ন প্ৰকাৰৰ বাঁহী (ETV Bharat Assam)

এই কামৰ লগত কেতিয়াৰ পৰা জড়িত

তেওঁ কয়, "সৰুৰে পৰাই ইয়াৰ প্ৰতি মোৰ আগ্ৰহ আছে । আগৰে পৰাই কিবাকিবি কৰি থাকোঁ । মোবাইল চাওঁ । মোবাইলত আইডিয়া লওঁ । তাৰ পিছত নিজে চেষ্টা কৰি চাওঁ । ইম্প্ৰভ হৈ যায় । ছাকচেছ হৈ যায় ।"

Gohpur retired army great works
সৃষ্টিশীল কৰ্মৰে জিলিকি থকা বাসগৃহটো (ETV Bharat Assam)

প্ৰাক্তন সেনা জোৱানজনে নিজৰ সৃষ্টিকৰ্ম সন্দৰ্ভত লগতে কয়, "মই পকাৰ পালেং বনাইছোঁ । ভাবিলোঁ সকলোৱে কাঠৰ পালেং বনায় । কেতিয়াবা ঘূণেও খায় । মই ভাবিলোঁ যে পকাৰ যদি বনাওঁ লাইফ টাইম থাকিব । মই যেতিয়া বুঢ়া হৈ যাম নাতি-পুতিয়ে চাব । ককাই এনেকৈ বনাই গৈছে ।"

এইদৰেই প্ৰাক্তন সেনা জোৱান সঞ্জীৱ পেগুৱে সৃষ্টিশীল কৰ্মত নিয়োজিত থাকি অতিবাহিত কৰিছে তেওঁৰ অৱসৰী জীৱন । লগতে জোৱানজনৰ এই শিল্পকলাই আন যুৱকসকলকো এই কৰ্মত নিয়োজিত হোৱাৰ বাবে অনুপ্ৰাণিত হোৱাৰ এক নিদৰ্শন দাঙি ধৰিছে ।

লগতে পঢ়ক :ডিজিটেল মাধ্যমৰ প্ৰত্যাহ্বান নেওচি গ্ৰন্থ অধ্যয়নৰ পৰিবেশ গঢ়িছে নগাঁও জিলা পুথিভঁৰালে - NAGAON DISTRICT LIBRARY
লগতে পঢ়ক :হস্তনিৰ্মিত অলংকাৰৰ জড়িয়তে মোকলাইছে জীৱন যাত্ৰাৰ পথ - HANDMADE JEWELRY BUSINESS