ETV Bharat / state

এতিয়া জুবিনদাৰ আদৰ্শ-ব্যক্তিত্ব স্মৰণ কৰাৰ সময়: গৌৰৱ গগৈ

শনিবাৰে জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হৈ গৌৰৱ গগৈয়ে শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ।

Zubeen Garg no more
জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি গৌৰৱ গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 6:22 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : জুবিন গাৰ্গবিহীন প্ৰথমটো দিন । অসমৰ এক সাংগীতিক সত্তা, ব্যক্তিত্ব, অনুষ্ঠানে অকালতে বিদায় লোৱাৰ পিছত এতিয়া ৰাজ্যৰ সৰ্বত্ৰে বিৰাজ কৰিছে বেদনা গধুৰ পৰিৱেশে। শোকত ম্ৰিয়মাণ হৈ পৰিছে সকলো । যেন সময়ো স্তব্ধ হৈ পৰিছে জুবিন গাৰ্গৰ হৃদস্পন্দনৰ সৈতে ।

ইফালে প্ৰাণৰ শিল্পীগৰাকীক হিয়া উজাৰি শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে । জাতি, ধৰ্ম, বৰ্ণ, পৰিচয়, ৰাজনীতি, সমাজনীতি সকলো একাকাৰ কৰি অসমীয়া জাতিৰ মহানায়কজনক অন্তিম শ্ৰদ্ধা জনাইছে সকলোৱে । শনিবাৰে জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হয় যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ । গৌৰৱ গগৈয়ে জুবিনৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জনায় ।

জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি গৌৰৱ গগৈৰ (ETV Bharat Assam)

আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত লোকসভাত বিৰোধী উপ-দলপতিগৰাকীয়ে কয় যে জুবিন গাৰ্গ সোঁতৰ বিপৰীতে যোৱা এজন মানুহ আছিল । তেওঁ আছিল স্পষ্টবাদী, কাকো ভয় নকৰা ব্যক্তি । জুবিনদা কেতিয়াও কাৰো প্ৰভাৱলৈ অহা নাছিল । তেওঁক সকলোৱে ভালকৈ স্মৰণ কৰাৰ সময় এতিয়া ।

আনহাতে, জুবিন গাৰ্গৰ মৃত্যু বিতৰ্ক সন্দৰ্ভত তেওঁ কয় যে বিভিন্ন কথা-বতৰা ওলাই আছে । ছিংগাপুৰত আজি জুবিনদাৰ পোষ্টমৰ্টেম সম্পূৰ্ণ হৈছে । পোষ্টমৰ্টেম ৰিপোৰ্টত বহু নজনা কথা প্ৰকাশ পাব । আমিও পোষ্টমৰ্টেম ৰিপোৰ্ট আহিলে কথাবোৰ বেছি স্পষ্ট হ'ব পাৰিব । চৰকাৰে জুবিনদাৰ সৈতে থকা লোকসকলক সোধা-পোছা কৰিব বুলি কৈছে । নিশ্চয় প্ৰকৃত সত্য ওলাব ।

আনহাতে, জুবিন সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্য, "মোতকৈ বেছি গৰিমা বৌ, পৰিয়ালে জুবিনদাৰ বিষয়ে বেছি ভালকৈ জানে । জুবিনদাৰ সমাধিস্থলক লৈ তেওঁলোকে যিয়ে সিদ্ধান্ত লয় মানি লোৱা হ'ব ।"

সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে কয়, "আমি যিমান গম পাইছোঁ যে ছিংগাপুৰত এটা পোষ্টমৰ্টেম ৰিপোৰ্ট বনাব । পোষ্টমৰ্টেম ৰিপোৰ্টত বহুত গুৰুত্বপূৰ্ণ কথা আমি গম পাম । চৰকাৰে সেই সময়ত যিসকল জুবিনদাৰ লগত আছে তেওঁলোককো প্ৰশ্ন সুধিব । আমি সকলোৱে তথ্যবোৰ জানিবলৈ বিচাৰোঁ । তথ্যবোৰ ওলোৱাৰ পিছত আমি এটা সিদ্ধান্ত ল'ব পাৰিম ।"

তেওঁ লগতে কয়, "পুনৰবাৰ কৈছোঁ, এই সময়ত জুবিনদাক স্মৰণ কৰাৰ সময় । জুবিনদাৰ আদৰ্শ স্মৰণ কৰাৰ সময় । জুবিনদাৰ ব্যক্তিত্ব স্মৰণ কৰাৰ সময় । এই সময়ত ঘৃণা নহয় ।"

লগতে পঢ়ক :জুবিনৰ মৃত্যুৰ পানী নসৰকা তদন্তৰ দাবী আছুৰ, লতাশিলত গুণমুগ্ধৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি
লগতে পঢ়ক :দেওবাৰে পুৱা ৬-৭ বজাৰ ভিতৰত গুৱাহাটী পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ: মুখ্যমন্ত্ৰী