ETV Bharat / state

শুনক শুনক শুনক... ১০ জুলাইৰ পিছত আৰু কাকোৱেই সময় দিয়া নহ'ব... ঢোলৰ দিন গ'ল, মাইকযোগে ঘোষণা

১৩৮ হেক্টৰ ভূমিত চলিব উচ্ছেদ । উচ্ছেদস্থলীত সহস্ৰাধিক আৰক্ষী মোতায়েন ।

Eviction at Paikan RF
পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ বাবে সাজু বন বিভাগ-প্ৰশাসন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 1:52 PM IST

2 Min Read
Choose ETV Bharat

গোৱালপাৰা: গোৱালপাৰাত পুনৰ বন বিভাগে চলাব বৃহৎ উচ্ছেদ অভিযান । ১৩৮ হেক্টৰ ভূমিত এই উচ্ছেদ অভিযান চলিব । ইতিমধ্যে উচ্ছেদ চলাবলৈ বন বিভাগ আৰু জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে । ইয়াৰ বাবে উচ্ছেদস্থলীত মোতায়েন কৰা হৈছে সহস্ৰাধিক আৰক্ষী । লগতে উপস্থিত হৈছে প্ৰশাসনৰ বিযয়াও ।

নামনি অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন বিভাগ আৰু প্ৰশাসনৰ উচ্ছেদ অভিযান । গোৱালপাৰা চহৰৰ হাচিলাবিল ৰাজহ গাঁৱৰ উচ্ছেদ অভিযানৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই জিলাখনত বন বিভাগ আৰু জিলা প্ৰশাসনে পুনৰ উচ্ছেদ চলাবলৈ সাজু হৈছে ।

এইবাৰ গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান (ETV Bharat Assam)

এইবাৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চল এলেকাৰ বিদ্যাপাৰা আৰু বেতবাৰীত উচ্ছেদ অভিযান চলাব বন বিভাগ আৰু জিলা প্ৰশাসনে । কৃষ্ণাই অঞ্চলৰ বিদ্যাপাৰা, বেতবাৰী অঞ্চলত বন বিভাগ আৰু আৰক্ষীৰ বৃহৎসংখ্যক জোৱান টহল দিয়াৰ লগতে মাইকযোগে অহা ১০ জুলাইৰ পূৰ্বে বনাঞ্চলৰ ভূমি খালী কৰিবলৈ ঘোষণা কৰা হৈছে ৷

পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি দীৰ্ঘদিন ধৰি অবৈধভাৱে বসবাস কৰাৰ লোকসকলৰ বাবে ইতিমধ্যে কাউণ্ট-ডাউন আৰম্ভ হৈছে ৷ পাইকান সংৰক্ষিত বনাঞ্চলৰ ১৩৮ হেক্টৰ বেদখলীকৃত ভূমিত চলিব উচ্ছেদ ।

এই সন্দৰ্ভত গোৱালপাৰা জিলা বন বিষয়া তেজছ মৰিস্বামীয়ে সংবাদ মাধ্যমৰ আগত কয়, "অহা ১১ জুলাইৰ পৰা পাইকান সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান । পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমি উচ্ছেদৰ বাবে ইতিমধ্যে বন বিভাগ আৰু জিলা প্ৰশাসন সাজু হৈছে ৷ বৃহৎসংখ্যক বন বিভাগৰ বেটেলিয়ন দল, বন বিষয়া-কৰ্মচাৰীৰ দল আৰু আৰক্ষীয়ে যুটীয়াভাৱে বিদ্যাপাৰা, বেতবাৰীত খোজকাঢ়ি টহল দিছে ।"

জিলা বন সংমণ্ডল বিষয়াগৰাকীয়ে লগতে কয়, "পাইকান সংৰক্ষিত বনাঞ্চল মুঠ ৭১১ হেক্টৰ ভূমি এলেকা । ইয়াৰে ১৩৮ হেক্টৰ সংৰক্ষিত বনাঞ্চলৰ মাটিত অবৈধভাৱে একাংশ লোকে দীৰ্ঘদিন ধৰি বসবাস কৰি আছে । এইসকল লোকক উচ্ছেদ কৰিবলৈ জাননী জাৰি কৰাৰ সমান্তৰালকৈ মাইকিং কৰি অহা ১০ জুলাইৰ পূৰ্বে ভূমি খালী কৰিবলৈ ঘোষণা কৰা হৈছে ।"

উল্লেখ্য যে উচ্ছেদ হ'বলগীয়া বিদ্যাপাৰা আৰু বেতবাৰী অঞ্চলৰ ৰাইজে ইতিমধ্যে নিজে নিজে ঘৰ-বাৰী ভাঙি নিজৰ নিজৰ গন্তব্যস্থানলৈ ৰাওনা হৈছে ৷

লগতে পঢ়ক :ৰাজ্যৰ আৰু ক'ত ক'ত হ'ব উচ্ছেদ, কি ক'লে মুখ্যমন্ত্ৰীয়ে ? - ASSAM CM ON EVICTIONS
লগতে পঢ়ক :লখিমপুৰত উচ্ছেদিত পৰিয়ালক ২ বিঘাকৈ ভূমি প্ৰদানৰ দাবী তাই আহোম সংগঠনৰ - LAKHIMPUR EVICTION