জিএনআৰচিৰ ২০০ গৰাকী স্বাস্থ্যমিত্রক বঁটা প্ৰদান
Swasthya Mitra Excellence Award: জিএনআৰচিৰ চতুর্থ সংখ্যক 'স্বাস্থ্যমিত্র এক্সিলেন্স এৱার্ড' প্ৰদান । এই অনুষ্ঠানত ৰোগমুক্ত আৰু স্বাস্থ্যৱান ব্যক্তি এগৰাকীয়েহে আর্থ সামাজিকভাৱে এখন দেশ আগুৱাই নিয়াত সহায় কৰিব পাৰে বুলি মন্তব্য় কৰে জিএনআৰচিৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই ।

Published : February 18, 2024 at 5:00 PM IST
গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী: উত্তৰ-পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ চিকিৎসা প্রতিষ্ঠান জিএনআৰচিয়ে প্রায় ১৫০০ স্বাস্থ্যমিত্ৰৰ উপস্থিতিত দেওবাৰে মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত চতুর্থ সংখ্যক 'স্বাস্থ্যমিত্র এক্সিলেন্স এৱার্ড' প্ৰদান কৰে । ব্যয়সাধ্য স্বাস্থ্য অভিযানক সফল কৰি তোলাত গুৰুত্বপূর্ণ ভূমিকা লোৱা ২০০ গৰাকী স্বাস্থ্যমিত্রক আজিৰ এই অনুষ্ঠানত বঁটা প্ৰদান কৰা হয় । অনুপ্ৰেৰণামূলক বক্তা দীপক শর্মা এই অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে ।
ব্যয়সাধ্য স্বাস্থ্য অভিযান আৰু জিএনআৰচিৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই এই সন্দৰ্ভত কয়, "সমগ্র বিশ্বৰে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত ব্যক্তিসকলক ব্যয়সাধ্য স্বাস্থ্য সেৱাৰ আওঁতালৈ অনাটো এক জটিল প্রক্রিয়া । আমাৰ মানুহবোৰক সংগঠিত কৰি, স্বাস্থ্য সম্পর্কে শিক্ষা প্রদান কৰি, তেওঁলোকৰ মাজত থাকি নিৰৱচ্ছিন্নভাবে স্বাস্থ্যৰ বুজ লৈ প্ৰয়োজন সাপেক্ষে জৰুৰীকালীন ৰোগৰ ক্ষেত্ৰত হাস্পতালত ভর্তি কৰোৱাকে ধৰি বহুকেইটা দিশ সামৰি লোৱাৰ উদ্দেশ্যে আজিৰ পৰা ছয় বছৰ আগতে ব্যয়সাধ্য স্বাস্থ্য অভিযান আঁচনি আৰম্ভ কৰা হৈছিল ।"
তেওঁ লগতে কয়, ‘‘ৰোগমুক্ত আৰু স্বাস্থ্যৱান ব্যক্তি এগৰাকীয়েহে আর্থ সামাজিকভাৱে এখন দেশ আগুৱাই নিয়াত সহায় কৰিব পাৰে । আমাৰ এই আঁচনিৰ জৰিয়তে আমি এখন ৰোগমুক্ত, সৱল, স্বাস্থ্যৱান আৰু সমৃদ্ধিশালী সমাজ গঢ়ি তুলিব বিচাৰো । আমাৰ স্বাস্থ্যমিত্ৰসকলকৰ অহর্নিশ কষ্টৰ ফলতহে আজি এই অভিযানে সফলতাৰ মুখ দেখিছে ।’’
জিএনআৰচিৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই পুনৰ কয়, "তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক সন্মান তথা স্বীকৃতি প্রদানৰ উদ্দেশ্যে আজিৰ এই বিশেষ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে । তদুপৰি আমাৰ এই স্বাস্থ্যমিত্ৰ সকলে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আয়ুষ্মান অসম আৰু আয়ুষ্মান ভাৰত যোজনাৰ সফল ৰূপায়নৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে ।"
‘‘প্ৰায়ভাগ ৰোগৰে মুখ্য কাৰণ হ'ল ইয়াৰ বিষয়ে বিশদভাৱে নজনাটো, অস্বাস্থ্যকৰ জীৱন যাপন আৰু সময়োপযোগী তথা প্ৰতিৰোধী চিকিৎসাৰ বিষয়ে অজ্ঞতা । ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ জৰিয়তে এই বিষয়সমূহৰ এক সমিধান উলিয়াবলৈ যত্ন কৰা বুলি উল্লেখ কৰি কয় যে এই কার্য তৃণমূল পর্যায়ত স্বাস্থ্যমিত্ৰসকলে ৰূপায়ণ কৰি আছে ।’’ ডাঃ বৰাই শেষত কয় ৷
লগতে পঢ়ক: APSC 2022 ৰ ফলাফলত বিসংগতিৰ অভিযোগ

