ETV Bharat / state

জি এম চি এইচত নৱজাতকৰ মৃত্যু: মুৰব্বী অধ্যাপকসহ নিলম্বিত 4 চিকিৎসক

নৱজাতকৰ মৃত্যু সন্দৰ্ভত দোষী চিকিৎসক-নাৰ্ছ আৰু স্বাস্থ্যকর্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ স্বাস্থ্য বিভাগৰ ।

Guwahati Medical College Hospital
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 2, 2025 at 11:04 AM IST

|

Updated : September 2, 2025 at 1:02 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(জি এম চি এইচ)ত সংঘটিত নৱজাতকৰ মৃত্যু সন্দৰ্ভত তদন্তৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়া তিনিজনীয়া তদন্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিতে দোষী চিকিৎসক-নাৰ্ছ আৰু স্বাস্থ্যকর্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিছে স্বাস্থ্য বিভাগে । ইতিমধ্যে সদ্যোজাত কেঁচুৱাৰ বিশেষ যতন কক্ষত সংঘটিত দুৰ্ভাগ্য়জনক ঘটনাৰ বাবে জগৰীয়া কৰি 4 গৰাকী চিকিৎসকক নিলম্বন কৰা হৈছে ।

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছুইটি ছাংচন, স্বাস্থ্য শিক্ষা বিভাগৰ সঞ্চালক আৰু এইমছৰ বিশেষজ্ঞ চিকিৎসকৰে এই তদন্ত সমিতিখন গঠন কৰা হয় ৷ এই সমিতিখনে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দোষী চিকিৎসক-নাৰ্ছ আৰু স্বাস্থ্যকর্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিছে স্বাস্থ্য বিভাগে ।

গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ অধীক্ষক দেৱজিৎ চৌধুৰীৰ মন্তব্য় (ETV Bharat Assam)

তদন্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত 6 মাহৰ বাবে বহিষ্কাৰ কৰা হ'ল ডাঃ হৃষিকেশ ঠাকুৰীয়া আৰু ডাঃ পূজাক । ভুক্তভোগীৰ এজাহাৰত নাম আছিল দুয়োগৰাকীৰে । এই তদন্তৰ প্রতিবেদনৰ ভিত্তিতেই জি এম চি এইচৰ শিশু ৰোগ চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ অনুপমা ডেকা, একেটা বিভাগৰে সহযোগী অধ্যাপক ডাঃ দীপাংকৰ হাজৰিকাকো নিলম্বন কৰা হৈছে । নিলম্বনৰ সময়ছোৱাত এই দুয়োগৰাকী চিকিৎসকে প্রাইভেট প্রেক্টিচ কৰিব নোৱাৰিব বুলিও নির্দেশনাটোত স্পষ্ট কৰা হৈছে ।

নৱজাতকৰ মৃত্যুৰ এই ঘটনা সন্দর্ভত নাৰ্ছ ইনচার্জ গোমতি দেৱী, ষ্টাফ নাৰ্ছ চন্দনা নাথ আৰু আই চি ইউ টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰকো চাকৰিৰ পৰা নিলম্বন কৰিছে । নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ইতিপূর্বে ভঙাগড় থানাৰ আৰক্ষীয়ে এন আই চি ইউৰ দায়িত্বত থকা নাৰ্ছ ভানুপ্রিয়া মিছঙক গ্রেপ্তাৰ কৰিছে ।

Rusticated notice regarding the death of newborn in GMCH
নৱজাতকৰ মৃত্যু সন্দৰ্ভত বহিস্কাৰৰ নিৰ্দেশনা (ETV Bharat Assam)

কি কয় অধীক্ষক দেৱজিৎ চৌধুৰীয়ে ?

এই বিষয়টো সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ অধীক্ষক দেৱজিৎ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, "এন আই চি ইউত এটি নৱজাতকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত তদন্ত সমিতিয়ে চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল । সেইমৰ্মে মেডিকেল এডুকেশ্য়ন ৰিছাৰ্চ বিভাগ, স্বাস্থ্য সঞ্চালকালয় আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অৱ হেল্থ চাইঞ্চে কৰ্তব্যত গাফিলতি কৰা 7 জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল । সেই অনুসৰি জি এম চি এইচৰ শিশু ৰোগ চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ অনুপমা ডেকা, একেটা বিভাগৰ সহযোগী অধ্যাপক ডাঃ দীপাংকৰ হাজৰিকা, ষ্টাফ নাৰ্ছ গোমতি দেৱী, ষ্টাফ নাৰ্ছ চন্দনা নাথ আৰু আই চি ইউ টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰক নিলম্বন কৰা হয় ।’’

Medical Education and Research Department notice
প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ জি এম চিৰ অধ্যক্ষলৈ দিয়া নিৰ্দেশ (ETV Bharat Assam)

‘‘ডাঃ হৃষিকেশ ঠাকুৰীয়া আৰু ডাঃ পূজাক ছমাহৰ বাবে বহিষ্কাৰ কৰা হৈছে। ইপিনে জি এম চি এইচৰ শিশু ৰোগ চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক অনুপমা ডেকাৰ ঠাইত আজিৰে পৰা ডাঃ দুলাল কলিতাক দায়িত্ব দিয়া হৈছে ।"

তেওঁ লগতে কয়," জি এম চি এইচত যিবোৰ SOP আছিল সেইবোৰ ভালদৰে পালন কৰিবলৈ কৈছে প্ৰতিবেদনে । আমাৰ ফালৰ পৰা যাতে কোনো গাফিলতি নহয় তাৰ বাবে আমি আটাইবোৰ ভালদৰে চালি জাৰি চাই আছো ।" অধীক্ষক চৌধুৰীয়ে কয় ৷

প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ জি এম চিৰ অধ্যক্ষলৈ নিৰ্দেশ :

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এন আই চি ইউত নৱজাতকৰ মৃত্যুৰ দুৰ্ভাগ্যজনক ঘটনাটোত চৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰিছে । এনে ধৰনৰ ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ জি এম চিৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য আৰু অতিৰিক্ত অধীক্ষক ডাঃ প্রদীপ কুমাৰ দাসলৈ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে নিৰ্দেশ প্ৰদান কৰিছে । অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং স্বাক্ষৰিত এক নিৰ্দেশনাত চিকিৎসা মহাবিদ্যালয় হাস্পাতালখনত কঠোৰ নিৰীক্ষণ, সম্পূৰ্ণ সুৰক্ষা প্ৰট’কল আৰু কঠোৰ অনুশীলন কৰা আৰু ভৱিষ্যতে বিশেষ সাৱধানতা অবলম্বন কৰিবলৈ নিৰ্দেশ দিছে । ভৱিষ্যতে এই ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ নিশ্চিত কৰিব লাগিব বুলিও উল্লেখ আছে পত্ৰখনত ।

উল্লেখ্য় যে, অতিৰিক্ত মুখ্য সচিব ছুইটি ছাংচন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বর্মন আৰু এইমছৰ শিশু ৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসক এগৰাকীয়ে জি এম চি এইচৰ নৱজাতক মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত কৰি চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰিছিল ।

লগতে পঢ়ক:জি এম চি এইছত নৱজাতকৰ মৃত্যু; কৰ্তব্যত গাফিলতিৰ অভিযোগত নাৰ্ছক গ্ৰেপ্তাৰ - GMCH NEWBORN DEATH CASE

নৱজাতকৰ মৃত্যুত লজ্জিত হ’ল মুখ্যমন্ত্ৰী ! তিনিজনীয়া তদন্ত সমিতিয়ে উদঘাটন কৰিব প্ৰকৃত সত্য - CM ON NEWBORN DEATH

Last Updated : September 2, 2025 at 1:02 PM IST