ETV Bharat / state

জি এম চি এইছত নৱজাতকৰ মৃত্যু; কৰ্তব্যত গাফিলতিৰ অভিযোগত নাৰ্ছক গ্ৰেপ্তাৰ

বলিৰ পঠা হ'ল নেকি ষ্টাফ নাৰ্ছ ? জি এম চি এইছৰ নৱজাতক মৃত্যুৰ ঘটনাত জড়িতৰ অভিযোগত ইনছাৰ্জ নাৰ্ছক গ্ৰেপ্তাৰ ।

GMCH Nurse arrests
কৰ্তব্যত গাফিলতিৰ অভিযোগত জি এম চি এইছৰ নাৰ্ছক গ্ৰেপ্তাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 20, 2025 at 6:23 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এন আই চি ইউত এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে । ইফালে অসমৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীৰ ৰোগীৰ প্ৰতি চৰম অৱহেলাৰো অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে ।

সামাজিক মাধ্যমত একাংশ লোকে এই ক্ষেত্ৰত চৰকাৰৰ ওপৰতো আঙুলি তুলিছে । তাৰ মাজতে মঙলবাৰে নিশা জি এম চি এইছত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এগৰাকী নাৰ্ছক ।

কৰ্তব্যত গাফিলতিৰ অভিযোগত জি এম চি এইছৰ নাৰ্ছক গ্ৰেপ্তাৰ (ETV Bharat)

নাৰ্ছক গ্ৰেপ্তাৰ

নিশা ভঙাগড় আৰক্ষীয়ে প্ৰথমে সোধা-পোছা কৰে আৰু তাৰ পিছত গ্ৰেপ্তাৰ কৰে ভানুপ্ৰিয়া মিছং নামৰ নাৰ্ছগৰাকীক । পূব আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই সংবাদ মাধ্যমক এই কথা অৱগত কৰে । তেওঁ কয়, "সেইদিনা তেখেত ফটোগ্ৰাফী ৰূমত ইনছাৰ্জ হিচাপে আছিল । তেখেতক আমি এই গোচৰটোত গ্ৰেপ্তাৰ কৰিছো আৰু আদালতত হাজিৰ কৰোৱা হ'ব । ভঙাগড় থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰাৰ অধীনত ১৪০/২৫ নম্বৰত গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । জি এম চি এইছৰ শিশুৰ মৃত্যুৰ ঘটনাৰ আমাৰ তদন্ত চলি আছে । তেওঁৰ কামৰ অৱহেলাৰ আমি প্ৰমাণ পাইছো । আমি ডি ভি আৰ জব্দ কৰিছো ।"

পৰিয়ালৰ ক্ষোভ

ইফালে ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত চাকৰিত যোগদান কৰা ভানুপ্ৰিয়া মিছঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে হতবাক হৈ পৰিছে । ধেমাজিৰ পৰা তেওঁৰ পৰিয়াল বুধবাৰে আহি গুৱাহাটীত উপস্থিত হৈছে । তেওঁৰ পৰিয়ালটোৰ মতে এই ঘটনাত কেৱল তেওঁলোকৰ কন্যাই জগৰীয়া নহয় । চিকিৎসককে ধৰি যিসকল এই ঘটনাত দোষী সকলোকে তদন্তৰ আওতালৈ আনিব লাগে বুলিও পৰিয়ালটোৱে দাবী জনাইছে ।

এই সন্দৰ্ভত পৰিয়ালৰ সদস্যসকলে কয়, "দুখীয়া হোৱাৰ বাবেই ভানুপ্ৰিয়াক গ্ৰেপ্তাৰ কৰা হ'ল । ভানুপ্ৰিয়াক গ্ৰেপ্তাৰ কৰি বাকীসকল বচাব খুজিছে । তদন্ত সকলোৰে বাবে হওক । ভানুপ্ৰিয়াই সেইদিনা অকলে কৰ্তব্যত আছিল । ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁৰ ইউনিটত ২১ টা শিশু আছিল । তেওঁলোকৰ বাবে গাখীৰ প্ৰস্তুত কৰিবলৈ গৈছিল ভানুপ্ৰিয়াই ।"

কি কয় জি এম চি এইছৰ সহযোগী নাৰ্ছে ?

ভানুপ্ৰিয়া মিছঙক আটক কৰাৰ পিছতে নিশা এন আই চি ইউত কৰ্মৰত একাংশ নাৰ্ছ থানাত উপস্থিত হয় । সহযোগী নাৰ্ছখিনিয়ে ভানুপ্ৰিয়াৰ ভুলৰ কথা স্বীকাৰ কৰিছে যদিও নাৰ্ছৰ সীমিত সংখ্যাক লৈও উদ্বেগ প্ৰকাশ কৰে ।

তেওঁলোকে কয়, "ঘটনাটো সংঘটিত হোৱাৰ নিশা কৰ্তব্যত থকা দলটো তদন্তৰ আওতালৈ আহিব লাগে । ভুল সকলোৰে হয় । ষ্টাফৰো ভুল আছে । চিকিৎসকৰো ভুল আছে । সেই নিশা তাই অকলে ৩৫ টা শিশু চোৱাচিতাৰ দায়িত্বত আছিল । শিশু বেছি হ'লে আমি এজনেই ৩৫-৪০ টা শিশু চাবলগীয়া হয় । ৩-৪ জন মানুহৰ প্ৰয়োজন হয় যদিও আমি এজনেই চাবলগীয়া হয় ।"

সহযোগী নাৰ্ছসকলৰ এই স্বীকাৰোক্তিৰ পিছতে এতিয়া জি এম চি এইছৰ ভিতৰচ'ৰাৰ প্ৰকৃত ছবিখনক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে । নাৰ্ছসকলে কোৱাৰ দৰে নিশা এগৰাকী নাৰ্ছেই ৩০-৩৫ টা শিশুৰ যতন ল'ব লাগে নেকি ? ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উন্নত চিকিৎসাৰ বাবে জি এম চি এইছলৈ অহা ৰোগীৰ মনতো এতিয়া শংকাৰ সৃষ্টি হৈছে । সঁচাকৈয়ে এনেদৰেই চলি আছে নেকি ৰাজ্যৰ ৰাজধানীত থকা চিকিৎসা মহাবিদ্যালয় হাস্পতাল ? ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ কৰিয়েই তদন্ত সামৰিব নেকি আৰক্ষীয়ে ? সেই নিশা কৰ্তব্যত থকা আন নাৰ্ছ আৰু চিকিৎসক তদন্তৰ আওতালৈ নাহিব নেকি ?

ষ্টাফ নাৰ্ছৰ পদৰ বিজ্ঞাপন

এই ঘটনাক লৈ বিতৰ্ক চলি থকাৰ মাজতে আকৌ ষ্টাফ নাৰ্ছৰ অভাৱৰ কথা একপ্ৰকাৰ প্ৰমাণ কৰিলে চৰকাৰ তথা জি এম চি এইছ কৰ্তৃপক্ষই । কাৰণ বিষয়টোৱে ৰাইজৰ মাজত গুৰুত্ব লাভ কৰাৰ সময়তে বুধবাৰে প্ৰকাশ কৰা হৈছে ষ্টাফ নাৰ্ছৰ পদৰ বিজ্ঞাপন । ১৫ টা খালী পদৰ নিযুক্তিৰ সাক্ষাৎকাৰৰ বাবে আবেদন জনোৱা হৈছে । ২৬ আগষ্টত অনুষ্ঠিত হ'ব নিযুক্তিৰ সাক্ষাৎকাৰ ।

লগতে পঢ়ক :নৱজাতকৰ মৃত্যুত লজ্জিত হ’ল মুখ্যমন্ত্ৰী ! তিনিজনীয়া তদন্ত সমিতিয়ে উদঘাটন কৰিব প্ৰকৃত সত্য - CM ON NEWBORN DEATH