ETV Bharat / state

বিদেশত গুঞ্জৰিত চিৰ চেনেহী ভাষা জননী; নগাঁও জিলা সাহিত্য সভাৰ প্ৰশংসনীয় পদক্ষেপ

বিদেশত অসমীয়া ভাষা বিকাশৰ বাবে নগাঁও জিলা সাহিত্য সভাৰ ব্যতিক্ৰমী পদক্ষেপ । প্ৰবাসী অসমীয়াক লৈ ভাষা বিকাশৰ মনোজ্ঞ আলোচনা-চক্ৰ ।

Global voice of Assamese Diaspora
বিদেশত অসমীয়া ভাষা চৰ্চাৰ বাবে নগাঁও জিলা সহিত্য সভাৰ প্ৰশংসনীয় পদক্ষেপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 6:44 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও : সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিও হৃদয়ত লৈ ফুৰে নিজৰ মাতৃভাষা । বিদেশত থাকিও নিজৰ প্ৰাণৰ অসমীয়া ভাষা বিকাশৰ চিন্তা-চৰ্চা কৰে প্ৰবাসী অসমীয়াই । ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষক ডঃ জগন্নাথ বিশ্বকৰ্মা, জাৰ্মানীৰ শ্ৰীমন্ত ভূঞা, ইংলেণ্ডত থকা মঞ্জিৰা চৌধুৰীৰ দৰে বহু প্ৰবাসী অসমীয়াই নিজৰ ভাষাৰ বিকাশৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ ।

বিদেশত থকা অসমীয়াৰ বাবে ইতিমধ্যেই অনলাইনত উপলব্ধ হোৱা এখনি আলোচনী প্ৰকাশ কৰি প্ৰতি তিনি মাহৰ অন্তত আলোচনীখন প্ৰকাশৰ পৰিকল্পনা কৰিছে প্ৰবাসী অসমীয়াই । শেহতীয়াকৈ বিদেশত অসমীয়া ভাষাৰ বিকাশৰ বাবে প্ৰবাসী অসমীয়াৰ মাজত ভাৰ্চুৱেল আলোচনা-চক্ৰৰ আয়োজন কৰিছে নগাঁও জিলা সাহিত্য সভাই ।

বিদেশত অসমীয়া ভাষা চৰ্চাৰ বাবে নগাঁও জিলা সহিত্য সভাৰ প্ৰশংসনীয় পদক্ষেপ (ETV Bharat Assam)

নগাঁও জিলা সাহিত্য সভাই প্ৰবাসী অসমীয়া উপ-সমিতিও গঠন কৰি উপ-সমিতিৰ উদ্যোগত আৰু নগাঁও মহাবিদ্যালয়ৰ সহযোগত অনলাইনযোগে অনুষ্ঠিত "বিদেশত অসমীয়া ভাষাৰ বিকাশ: প্ৰবাসী অসমীয়াৰ অভিজ্ঞতা" শীৰ্ষক এখনি আলোচনা-চক্ৰ ইতিমধ্যেই অনুষ্ঠিত কৰি বিদেশত অসমীয়া ভাষাৰ বিকাশৰ বাবে প্ৰতি তিনি মাহৰ অন্তত এনে আলোচনা-চক্ৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে নগাঁও জিলা সাহিত্য সভাৰ লগতে প্ৰবাসী অসমীয়াই।

কানাডা, ইউৰোপ, আয়াৰলেণ্ড, যুক্তৰাজ্য আদি দেশত থকা অসমীয়া প্ৰতিনিধিয়ে ইতিমধ্যে হৈ যোৱা আলোচনা-চক্ৰত অংশগ্ৰহণ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিৰ বিকাশৰ বাবে কেনেকৈ নিজকে উৎসৰ্গা কৰিছে আৰু অসমীয়া ভাষাৰ গৌৰৱ অক্ষুণ্ণ ৰখা সম্পৰ্কে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে ।

Global voice of Assamese Diaspora
প্ৰবাসী অসমীয়াৰ সৈতে ৱেবনিয়াৰ (ETV Bharat Assam)

ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষক-অধ্যাপক ডঃ জগন্নাথ বিশ্বকৰ্মাই সঞ্চালনা কৰা আলোচনা-চক্ৰখনত স্কটলেণ্ডৰ নিবাসী আৰু যুক্তৰাজ্যৰ অসম সাহিত্য সভাৰ উপ-সভাপতি নিৰলা বৰুৱা, যুক্তৰাজ‍্যৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মঞ্জিৰা চৌধুৰী, ইউৰোপৰ অসমীয়া গোটৰ সভাপতি জাৰ্মানীৰ শ্ৰীমন্ত ভূঞা, কানাডাৰ অসম সংঘৰ দিগন্ত বৈশ্যসহ বহুকেইগৰাকী প্ৰৱাসী অসমীয়াই ভাৰ্চুৱেলী আলোচনা-চক্ৰত অংশগ্ৰহণ কৰি অসমীয়া ভাষাৰ বিকাশ সন্দৰ্ভত আলোচনা কৰে ।

এই সন্দৰ্ভত বিশেষ উদ্যোগ গ্ৰহণ কৰা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকী কয়, “নগাঁও জিলা সাহিত্য সভাৰ প্ৰবাসী অসমীয়া উপ-সমিতিৰ সভাপতি তথা ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষক ডঃ জগন্নাথ বিশ্বকৰ্মাই উদ্যোগ লৈ অসমীয়া ভাষা বিকাশৰ বাবে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰবাসী অসমীয়াৰ মাজত আলোচনা-চক্ৰ অনুষ্ঠিত কৰে । তেওঁলোকৰ মাজত হোৱা আলোচনাত পাঁচশ বছৰৰ পূৰ্বেই শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সাহিত্যৰ যিগছি বন্তি জ্বলাই থৈ গৈছে, সেই বন্তিৰ শিখা বিদেশত থাকিও হৃদয়ত লৈ ফুৰিছে এই কথা অনুভৱ কৰিছোঁ ।"

Global voice of Assamese Diaspora
নগাঁও জিলা সাহিত্য সভাৰ বিশেষ উদ্যোগ (ETV Bharat Assam)

তেওঁ কয়, "অসমীয়া ভাষা বিকাশৰ বাবে প্ৰবাসী অসমীয়াসকলক লগত লৈ এখন আন্তৰ্জাতিক মঞ্চ গঠনৰ বাবে পৰিকল্পনা কৰা হৈছে । কেৱল এয়াই নহয়, বিদেশত থকা অসমীয়াৰ সন্তানসকলৰ বাবেও অসমীয়া ভাষা শুদ্ধকৈ শিকাৰ বাবে অসমীয়া এপৰো পৰিকল্পনা কৰা হৈছে ।”

ইয়াৰ উপৰি ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষক, অধ্যাপক জগন্নাথ বিশ্বকৰ্মাৰ সম্পাদনাত ইতিমধ্যেই 'প্ৰবাসী অসমীয়াৰ কলমেৰে' নামৰ প্ৰথমখন ই-আলোচনী প্ৰকাশ পোৱাৰ কথাও উল্লেখ কৰি প্ৰতি তিনি মাহৰ অন্তত আলোচনীখন ইণ্টাৰনেটত উপলব্ধ হ’ব বুলিও জানিবলৈ দিয়ে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকীয়ে ।

Global voice of Assamese Diaspora
আলোচনা-চক্ৰৰ এটা দৃশ্য (ETV Bharat Assam)

এই সন্দৰ্ভত ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষক, অধ্যপক ডঃ জগন্নাথ বিশ্বকৰ্মাই কয়, “বিদেশত অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰি আহিছোঁ । অসমীয়া ভাষা, সাহিত‍্য, সংস্কৃতি মহিমামণ্ডিত কৰাৰ বাবে সকলোৱে একেলগে মিলিজুলি কাম কৰিব পাৰিব লাগিব । বিদেশত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ প্ৰবাসী অসমীয়াসকলৰ সৈতে অসম সাহিত্য সভা আৰু ভাৰতীয় দূতাবাস, কেন্দ্ৰীয় আৰু ৰাজ‍্যিক চৰকাৰে একেলগে কাম কৰিলে অসমীয়াৰ গৌৰৱ যুগজয়ী হ'ব ।”

অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ লক্ষ্যৰে প্ৰবাসী অসমীয়াৰ মাজত অনুষ্ঠিত ভাৰ্চুৱেল আলোচনা-চক্ৰৰ বাবে নগাঁও মহাবিদ্যালয়ে কাৰিকৰী দিশত সহযোগ কৰাৰ কথাও উল্লেখ কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকীয়ে ।

লগতে পঢ়ক :বিশিষ্ট কবি-সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান - ANUBHAV TULSI PASSES AWAY
লগতে পঢ়ক :এয়া আকাশবাণী তেজপুৰ... এক ৰূপোৱালী যাত্ৰা - AIR TEZPUR