ETV Bharat / state

য়াৰলং চাংপোৰ ওপৰত চীনৰ বৃহৎ বান্ধৰ পৰিকল্পনা: বিশ্ব বিশেষজ্ঞসকলৰ উদ্বেগ

চীনে কেৱল বান্ধ নিৰ্মাণ কৰি শক্তিৰ একছত্ৰী সম্ৰাট হ'ব বিচৰাই নহয়, লগতে য়াৰলুং চাংপোৰ পানীৰ প্ৰৱাহ সলনি কৰাৰো পৰিকল্পনা কৰিছে ।

Chinas proposed Great Bend Dam
ব্ৰহ্মপুত্ৰ নদী (File Photo)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 2:45 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : য়াৰলং চাংপোৰ ওপৰত চীনৰ প্ৰস্তাৱিত 'গ্ৰেট বেণ্ড বান্ধ'ক লৈ বিশ্ব বিশেষজ্ঞসকলে মঙলবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে । উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীক তিব্বতত য়াৰলং চাংপো নামে জনা যায় ।

"উপ-হিমালয় অঞ্চলত জল সুৰক্ষা, পাৰিপাৰ্শ্বিক অখণ্ডতা আৰু দুৰ্যোগৰ স্থিতিস্থাপকতা নিশ্চিত কৰা : ব্ৰহ্মপুত্ৰৰ বিষয়" শীৰ্ষক দিনজোৰা আলোচনা-চক্ৰ মুকলি কৰি বিশিষ্ট লেখক তথা তিব্বত-বিশেষজ্ঞ ক্লড আৰ্পিয়ে কয় যে চীনে কেৱল বান্ধ নিৰ্মাণ কৰি শক্তিৰ একছত্ৰী সম্ৰাট হ'ব বিচৰাই নহয়, ইয়াৰ লগতে য়াৰলুং চাংপোৰ পানীৰ প্ৰৱাহ অসংখ্য সুৰংগৰ মাজেৰে হালধীয়া নদীলৈ পৰিৱৰ্তন কৰাৰো পৰিকল্পনা আছে ।

মঙলবাৰে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান থিংক টেংক এছিয়ান কনফ্লুয়েন্সে এই আলোচনা-চক্ৰৰ আয়োজন কৰে ।

আৰ্পিয়ে উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ নামচে বাওৰাত ৬০,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে প্ৰস্তাৱিত বান্ধৰ শৃংখলাটোৰ নামনি অঞ্চলত সম্ভাব্য বিধ্বংসী প্ৰভাৱৰ ওপৰত আলোকপাত কৰে ।

এছিয়াৰ ৰাজনীতি আৰু ইতিহাসৰ বিশেষজ্ঞ, সাংবাদিক তথা লেখক বাৰটিল লিণ্টাৰে ১৯৫০ ৰ দশকৰ শেষৰ ফালে তিব্বত অঞ্চলত চীনা আক্ৰমণ বিশেষভাৱে উক্ত অসংখ্য বৃহৎ নদীৰ ওপৰত লক্ষ্য কৰি লোৱা হৈছিল, যাৰ উৎপত্তি 'বিশ্বৰ ছাদ'ত, তাৰ ওপৰত আলোকপাত কৰে ।

তেওঁ কয়, "চীনে কেৱল মেকং নদীতে ১১ টা বৃহৎ বান্ধ নিৰ্মাণ কৰিছে, যিটো আন পাঁচখন দেশৰ জীৱনৰেখা ।" তেওঁ লগতে চীনৰ সৈতে ভাৰতে পানী বিতৰণ চুক্তি স্বাক্ষৰ কৰাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে, যাৰ অভাৱৰ ফলত দুয়োখন চুবুৰীয়া দেশৰ মাজত 'দ্বিপাক্ষিক সংঘাত' সৃষ্টি হ'ব পাৰে ।

অৰুণাচল প্ৰদেশৰ লোকসভা সদস্য আৰু চীনৰ পৰিকল্পনাৰ বিৰুদ্ধে সোচ্চাৰ হৈ অহাৰ বাবে জনাজাত জ্যেষ্ঠ বিজেপি নেতা তাপিৰ গাওৱে কয়, "এইটো বান্ধ হ'বলৈ যোৱা নাই, কিন্তু ই ভাৰত আৰু অন্যান্য নিম্ন অঞ্চলত অৱস্থিত দেশৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলগা 'জলবোমা' হ'ব ।"

গাৱে ২০০০ চনৰ জুন মাহত একেধৰণৰ 'জলবোমা'ৰ ফলত হোৱা প্ৰলয়ংকৰী বানপানীৰ কথাও মনত পেলাই দিয়ে । এই বানে চিয়াং নদীৰ ১০ খনতকৈও অধিক দলং ধ্বংস কৰিছিল । উল্লেখ্য যে অসমত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নাম লোৱাৰ পূৰ্বে য়াৰলুং চাংপোক অৰুণাচল প্ৰদেশত চিয়াং নামেৰে জনা যায় ।

অৰুণাচল পূবৰ সাংসদগৰাকীয়ে গ্ৰেট বেণ্ডত প্ৰস্তাৱিত বান্ধৰ পৰা হঠাতে পানী এৰি দিয়াৰ সম্ভাৱনাৰ বাবে অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ ওপৰত আন এটা বান্ধ নিৰ্মাণৰ প্ৰস্তাৱতো সমৰ্থন ব্যক্ত কৰে ।

আনহাতে, ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষ ডঃ ৰণবীৰ সিঙে উল্লেখ কৰে যে ব্ৰহ্মপুত্ৰ অৱবাহিকা হৈছে ভাৰতৰ একমাত্ৰ পানীভৰ্তি নদী অৱবাহিকা আৰু বাকীবোৰত পানীৰ অভাৱ হয় । "চীনৰ এই বান্ধটোৰ বাবে আমি পানীৰ অভাৱ ঘটিবলগা ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকালৈ অপেক্ষা কৰি আছোঁ নেকি ?" তেওঁ আশ্চৰ্যচকিতভাৱে কয় । ডঃ সিঙে প্ৰকল্পটোৰ বিৰুদ্ধে আগতীয়া পদক্ষেপ গ্ৰহণ কৰা, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমৰ্থন সংগ্ৰহ কৰা আৰু সহযোগিতাৰ জৰিয়তে এক বহুমুখী ৰণনীতিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

এক কাৰিকৰী অধিৱেশনৰ সময়ত নিজৰ বিষয়বস্তু উপস্থাপন কৰি আই আই টি গুৱাহাটীৰ অধ্যাপক অনামিকা বৰুৱাই অধ্যয়নসমূহে কেনেদৰে তিব্বতীয় মালভূমিৰ তলৰ অংশত অধিক 'শুষ্ক দিন'ৰ ভৱিষ্যদ্বাণী কৰিছে তাৰ ওপৰত আলোকপাত কৰে । আনহাতে, অঞ্চলটোত নিৰ্মাণ হৈ থকা অসংখ্য বান্ধৰ ফলস্বৰূপে ভৱিষ্যতে অধিক 'বেয়া দিন' দেখা য়াব বুলিও তেওঁ মত প্ৰকাশ কৰে ।

তেওঁ অৱশ্যে উল্লেখ কৰে যে চীনৰ সৈতে এই বিষয়ত কোনো সহযোগিতামূলক অধ্যয়ন কৰা হোৱা নাই । সংসদকে ধৰি বিভিন্ন মঞ্চত বিষয়টো আলোকপাত কৰিবলৈ আকুল আহ্বানন জনাই অধ্যাপক বৰুৱাই কয়, "আহক ই আমাৰ বাবে অন্যায়ৰ কাৰণ হোৱাৰ পূৰ্বেই আমি ইয়াৰ বিপক্ষে থিয় দিওঁ ।"

আলোচনা-চক্ৰত পৰিস্থিতিবিজ্ঞান, জল সম্পদ ব্যৱস্থাপনা, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, পৰিৱেশ আইন, অভিযান্ত্ৰিক, নীতি প্ৰণয়ন, প্ৰশাসন আৰু অৰ্থনীতি ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে নেপাল আৰু ভূটানৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে ।

আলোচনা-চক্ৰখনৰ উদ্দেশ্য আছিল জলবায়ু পৰিৱৰ্তনৰ ক্ৰমবৰ্ধিত আশংকাৰ মাজত তিব্বতত প্ৰস্তাৱিত বান্ধৰ দ্বাৰা উদ্ভৱ হ'বলগা অপৰিসীম প্ৰত্যাহ্বানৰ ওপৰত চৰকাৰী সংস্থা, নাগৰিক সমাজ সংগঠন, পৰিৱেশকৰ্মী আৰু শিক্ষাবিদসকলৰ মাজত এক সহযোগিতামূলক আলোচনাক গুৰুত্ব প্ৰদানৰ চেষ্টা কৰা ।

লগতে পঢ়ক :অৰুণাচল সীমান্তত পকী দলং নিৰ্মাণতো বাধা চীনৰ; পবিত্ৰ হোলী ট্ৰিলৈ মাত্ৰ এখন ওলোমা দলং - ZEMITHANG HANGING BRIDGE
লগতে পঢ়ক :চীনৰ বান্ধ নিৰ্মাণৰ পৰিকল্পনাত উদ্বিগ্ন সংসদৰ বিৰোধী উপ-দলপতি গৌৰব গগৈ - MP GAURAV GOGOI