মানুহ নে ভূত ! পুনৰ পিচল ভূতৰ আক্ৰমণত আহত ছাত্ৰী - Ghost scare in Morigaon
Student injured in ghost attack: মৰিগাঁৱৰ তৰানী, কলবাৰী, শিলসাঁকো, চাৰণ পাৰত অব্যাহত আছে পিচল ভূতৰ দৌৰাত্ম্য । পিচল ভূতৰ আক্ৰমণত আহত কলেজীয়া ছাত্ৰী । সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা । নিশা হ'লেই আতংকময় পৰিৱেশ বিৰাজ কৰে গাঁও কেইখনত ।

Published : July 3, 2024 at 8:22 PM IST
মৰিগাঁও,৩ জুলাই: মৰিগাঁৱত এতিয়াও মাৰ যোৱা নাই পিচল ভূতৰ আতংক । জিলাখনৰ শিলসাঁকো, তৰানী, কলাবাৰী, বঘৰা, চাৰণ পাৰ আদি গাঁৱত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে পিচল ভূতৰ আক্ৰমণ । পিচল ভূতৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে যুৱতী, বোৱাৰী আনকি যুৱকো । ফলত সমগ্ৰ অঞ্চলটোত নিশা হ'লেই বিৰাজ কৰে পিচল ভূতৰ আতংকই । শান্তিৰে শুব পৰা নাই অঞ্চলটোৰ মহিলাসকল । আনকি পুৰুষসকলো সন্ধ্যা হোৱাৰ লগে লগে সোমাই নিজগৃহত ।
গাঁওৰক্ষী বাহিনী, গাঁৱৰ ৰাইজে বহু চেষ্টা কৰিছে যদিও চিনাক্ত কৰিব পৰা নাই পিচল ভূতক । পুনৰ মঙলবাৰে সন্ধিয়া ৮ মান বজাত শোৱনী কোঠাৰ পৰা বাহিৰলৈ অহা এগৰাকী যুৱতীক পিচল ভূতে ধৰে যদিও যুৱতীগৰাকীৰ হাতত থকা মোবাইল ফোনটোৰে জোৰেৰে ভূতৰ মূৰত প্ৰহাৰ কৰাত ভূতটোৱে পলাই পত্ৰং দিয়ে যদিও যুৱতীগৰাকীৰ হাতত আঁচোৰাৰ দাগ দেখা যায় । লগে লগে পৰিয়ালৰ লোকে ওচৰৰ চিকিৎসালয়লৈ নি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যুৱতীগৰাকীক ।
স্থানীয় লোক তথা ভুক্তভোগী পৰিয়ালটোৱে জনোৱা অনুসৰি ক'লা সাজ পৰিধান কৰি হাতত গ্ল'বচ পিন্ধা পিচল ভূতৰ কেৱল চকু কেইটাহে জিলিকি থাকে । ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে সদৰী কৰে যে কোনোবাই হয়তো তন্ত্ৰ-মন্ত্ৰ শিকি এই কাৰ্যত লিপ্ত হৈছে । সেয়ে ৰাইজে লগে লগে বিচাৰ খোচাৰ কৰাৰ পিচতো ভূতটোক ধৰিবলৈ সক্ষম নহয় । এইক্ষেত্ৰত প্ৰশাসনক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই ভুক্তভোগী পৰিয়ালটোৰ লোকসকলে ।
উল্লেখ্য যে, বিগত সপ্তাহত গাঁৱৰ ৰাইজে পিচল ভূতৰ সন্দেহত মৰিগাঁৱৰ দুলাল হীৰা নামৰ এজন যুৱকক ধৰি ঔকিল দি গটাই দিছিল মৰিগাঁৱৰ আৰক্ষীক । ইয়াৰ পিচত ৰাইজে দুই এদিনৰ বাবে স্বস্তিৰ নিশ্বাস পেলাইছিল যদিও মঙলবাৰে নিশা অনুৰূপ ঘটনা সংঘটিত হোৱাত আতংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ । ইফালে মৰিগাঁও সদৰ আৰক্ষী থানাত খবৰ দিয়াত মৰিগাঁও সদৰ আৰক্ষী থানাত নিশা টহল দিয়াৰ দিহা কৰিছে যদিও ইয়াৰ মাজতে অব্যাহত আছে পিচল ভূতৰ দৌৰাত্ম্য ।

