আগন্তুক বাৰিষাৰ বাবে প্ৰস্তুত জল সম্পদ বিভাগ; শোণিতপুৰবাসীৰ এইবাৰৰ ৰক্ষা কবচ জি অ' টিউব
শোণিতপুৰৰ বানত বিধ্বস্ত মথাউৰিত জি অ' টিউবৰ ব্যৱহাৰ ৷

Published : May 23, 2025 at 11:10 AM IST
তেজপুৰ : বাৰিষা সমাগত । বাৰিষাৰ সময়ত অসমৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাত ব্ৰহ্মপুত্ৰ আৰু জীয়া ভৰলী নদীৰ পৰা উৎপত্তি হোৱা বাঢ়নী পানীয়ে বিভিন্ন ঠাইত মথাউৰি ভঙাৰ ফলত কৃষকৰ যথেষ্ট ক্ষতি হয় । এই মথাউৰিসমূহ নিৰ্মাণৰ বাবে জল সম্পদ বিভাগে পূৰ্বৰ তুলনাত বৰ্তমান বিভিন্ন ধৰণৰ আধুনিক পদ্ধতিৰে মথাউৰিসমূহ নিৰ্মাণ কৰা কাম আৰম্ভ কৰে ।
এই মথাউৰিসমূহৰ ভঙা অংশ পুনৰ নিৰ্মাণৰ বাবে বৰ্তমান সময়ত জি অ' বেগৰ ব্যৱহাৰ কৰি পূৰ্বতকৈ সাৰ্থকতা লাভ কৰা বুলি জানিব পৰা গৈছে । শোণিতপুৰ জিলাৰ বৰচলা আৰু নদুৱাৰ সমষ্টিৰ দুটা বৃহৎ অংশত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে অনিষ্ট কৰা ব্ৰহ্মপুত্ৰ ডেকৰ ১.৫ কিলোমিটাৰ দৈৰ্ঘ্য মথাউৰি নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে বৰচলাত । বিগত বৰ্ষত ইয়াৰ কাষতে ৪ কিলোমিটাৰ ভগ্নাংশ নিৰ্মাণ কৰা হয় আৰু এই দুয়োতা ঠাইত ১ কোটি টকাৰ ব্যয়ৰে জি অ' টিউব সংস্থাপন কৰা হৈছে ।

শোণিতপুৰ জিলাৰ জল সম্পদ বিভাগৰ কাৰ্যকৰী অভিযন্ত্ৰা খিনিন্দ্ৰ বৰ্মনে কয়, ‘‘মথাউৰি নিৰ্মাণত জি অ’ টিউব ব্যৱহাৰ কৰা হৈছে ৷ এটা টিউবৰ দৈৰ্ঘ্য ২৫ মিটাৰ । আনহাতে, জীয়া ভৰলী নদীৰ খহনীয়াত ৰঙাপৰা সমষ্টিত ৪ কিলোমিটাৰ আৰু পূৰ্বতে ৩ কিলোমিটাৰ এই টিউবৰ ১ কোটি টকাৰ ব্যয়ৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে অনুমোদিত হৈছে আৰু কোচম চলি আছে ।’’
জাৰণী চাপৰি তেজপুৰ জাহাজ ঘাট ৰঙাজান ২ নং মিৰি গাঁও আদিত এই জি অ’ টিউবৰ ব্যৱহাৰ কৰা হৈছে । কিন্তু এই জি অ’ টিউব ব্যৱস্থা কি আৰু কিমান নিৰাপদ, বিশেষকৈ কোন কোন অঞ্চলত ব্যৱহাৰ কৰা হয়, সেই সন্দৰ্ভত বহু সময়ত বহু প্ৰশ্নই উত্থাপন হয় ৷

খিনিন্দ্ৰ বৰ্মনে কয়, ‘‘জি অ' টিউব হৈছে বিশেষকৈ উপকূলীয়, নদী আৰু সাগৰীয় অভিযান্ত্ৰিকীত বিশেষকৈ মথাউৰি সুৰক্ষা আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ জি অ' চিন্থেটিক কণ্টেইনমেণ্ট । ইয়াত মথাউৰিসমূহত ইয়াক ব্যৱহাৰৰ কৰি লাভৱান হৈছে ৷ ফলস্বৰূপে নদীৰ পাৰত বান্ধৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছে ৷’’
বৰ্মনে কয় , "জি অ' টিউব হৈছে উচ্চ শক্তিৰ জি অ' টেক্সটাইল পদাৰ্থৰে নিৰ্মিত বৃহৎ, দীঘলীয়া কাপোৰৰ তৈয়াৰ কৰা এটা বৃহৎ নলা, য’ত বালি, খনন কৰা সামগ্ৰী ভৰাই থোৱা হয় । এবাৰ বালি বা খনন সামগ্ৰী ভৰোৱাৰ পাচত ই কঠিন হৈ যোৱাৰ পাচত এটা কঠিন বান্ধ হিচাবে কাম কৰে । অসমত এই জি অ' বেগ বা টিউব প্ৰথমে মাতমৰা বান্ধত ব্যৱহাৰ কৰিছিল বিগত ২০০৭ চনত ।’’

তেওঁ কয়, ’’মথাউৰিৰ ভিতৰত পানীৰ সোঁতক ই বাধা দিয়ে, যাতে গাঁথনিগত স্থিৰতা বৃদ্ধি পায় । ই খহনীয়া নিয়ন্ত্ৰণত কাম কৰে ৷ বিশেষকৈ নদীৰ ঢৌ বা সোঁতৰ ফলত হোৱা মাটিৰ খহনীয়া ৰোধ কৰিবলৈ নদীৰ পাৰ বা উপকূলৰ কাষত স্থাপন কৰা হয় ।’’
নিৰ্মাণৰ সময়ত অস্থায়ী কফাৰডেম হিচাপে বা স্থায়ী মথাউৰিৰ উপাদান হিচাপেও ইয়াক ব্যৱহাৰ কৰিব পাৰি । এক কথাত ক’বলৈ হ’লে জি অ' টিউবে বানপানীৰ সুৰক্ষা কবজ হিচাবে আন্তঃগাঁথনি বা কৃষিভূমি সুৰক্ষিত কৰিবলৈ বানপানীৰ বাধা হিচাপে কাম কৰে । বৰ্তমান বিভাগে এই পদ্ধতিৰ দ্বাৰা পুৰণা ভগ্নাংশসমূহ নিৰ্মাণ কৰি প্ৰায় সম্পূৰ্ণ কৰিছে বুলি কাৰ্যকৰী অভিযন্ত্ৰা বৰ্মনে কয় ।

