মই বহুত কষ্ট পাইছো, দোষীক শাস্তি দিব লাগে ! গেলাবিলত আক্ৰান্ত কিশোৰৰ মাতৃৰ কৰুণ বিননি
এগৰাকী মাতৃৰ বেদনা । হিয়া ঢাকুৰি কান্দিছে পুত্ৰৰ বেদনাত । উপস্থিত হৈছিল বিধায়ক বিশ্বজিৎ ফুকন ।

Published : August 5, 2025 at 8:19 PM IST
সৰুপথাৰ : "প্ৰস্ৰাৱ কৰিলে পেটত বিষ হয় । কাণখন তাল মাৰি ধৰে মাজে মাজে । বেছিকৈ খোৱা-বোৱাও কৰিব নোৱাৰো, পেটৰ বিষ আছে । সেই সময়ত পুলিচৰ গাড়ী এখন গৈছিল, গৈ ঘূৰি যোৱা দেখিছো । কিন্তু আমাৰ ওচৰত যোৱা নাই । এয়া হৈছে গেলাবিল-কাণ্ডৰ ভুক্তভোগী কিশোৰ শয়ন শইকীয়াৰ বেদনাকাতৰ ভাষ্য ।"
গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাই সপ্তম দিনত ভৰি দিলে । ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ৬ জনকৈ লোক । কিন্তু এতিয়াও সুস্থ হোৱা নাই ভুক্তভোগী শয়ন শইকীয়া আৰু কান্তু সাহানী । কান্তু সাহানী গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে যোৰহাটত চিকিৎসা কৰি ঘৰলৈ অনা হৈছে শয়ন শইকীয়াক ।
কিন্তু এতিয়াও আঘাতৰ পৰা উপশম নোপোৱাত মঙলবাৰে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা কৰা হয় । শয়ন শইকীয়াৰ এতিয়াও বুকু, পেট আৰু মূৰৰ বিষ থকাৰ লগতে প্ৰস্ৰাৱজনিত সমস্যাতো ভুগি আছে ।
ইফালে চিৰদিনলৈ ঘূণীয়া হোৱাৰ বেদনাত হিয়া ঢাকুৰি কান্দিছে তেওঁৰ অসহায় মাতৃয়ে । এতিয়াও অপৰাধীয়ে উচিত শাস্তি পোৱাৰ আশাত আছে মাতৃ বন্তি শইকীয়া ।
অসহায় মাতৃগৰাকীয়ে কয়, "মোৰ ল'ৰাটোক যিদৰে মাৰপিট কৰিছিল সিহঁতকো শাস্তি দিব লাগে । মোৰ ল'ৰাটো জীৱনটোলৈ ঘূণীয়া হৈ গৈছে । ভৱিষ্যতে কি কৰিব, ল'ৰাটো ঘূণীয়া কৰি দিলে । দুখীয়া মানুহ আমি কৰি-মেলি খাওঁ । কেনেকৈ কি কৰিম । চিকিৎসালয়ৰ পৰা আনিছো, এতিয়া পুনৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ কথা চিন্তা কৰিছো ।"
তেওঁ লগতে কয়, "ল'ৰাটোৰ গোটেই শৰীৰটোৱেই পৰীক্ষা কৰিব লাগিব । বুকুৰ বিষ আছে, পেটৰ বিষ আছে, মূৰত ঘূঁচিয়াইছে । সেইবোৰৰ বিষ আছে বুলি কৈছে । প্ৰস্ৰাৱ কৰিব নগ'লেই পেটত বিষায় । কালি বিধায়ক আহিছিল, উন্নত চিকিৎসাৰ বাবে নিবলৈ কৈছে ।"
ল'ৰাটোৰ ভৱিষ্যৎ জীৱনক লৈ চিন্তিত মাতৃয়ে কয়, "ল'ৰাটোক জীৱনত ভাল মানুহ কৰিম বুলি ভাবিছিলো । এতিয় ভৱিষ্যতলৈ ল'ৰাটোৱে কি কৰি খাব । মই ন্যায় বিচাৰিছো । দোষীয়ে শাস্তি পালেহে মাতৃ হিচাপে শান্তি পাম । ল'ৰাটোৱে কেনেকৈ কি কৰিব ঘূণীয়া দেহ লৈ ।"

এনেদৰেই কান্দোনত ভাগি পৰিছে শয়নৰ মাতৃয়ে । পুত্ৰৰ হৈ হিয়া ঢাকুৰি কান্দি কান্দি ন্যায় বিচাৰিছে মাতৃগৰাকীয়ে ।
ইপিনে গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাৰ লগত জড়িত ৩ জনক মঙলবাৰে গ্ৰেপ্তাৰ কৰে বৰপথাৰ আৰক্ষীয়ে । এতিয়ালৈকে ৰাজু শ্ৰেষ্ঠকে ধৰি ৬ জন ব্যক্তিক আটক কৰিছে বৰপথাৰ আৰক্ষীয়ে । পিছে এতিয়াও পলাতক মূল অভিযুক্তৰ দুই জ্যেষ্ঠ ভাতৃ শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ ।
আনহাতে, এতিয়ালৈকে আটকাধীন ব্যক্তিকেইগৰাকী হৈছে ২নং দৈয়াংপাৰৰ হেমন্ত বৰা (৪১), পূৰৱী বৰা ওৰফে ভনী (৩৫) আৰু সুশীলা বৰা ওৰফে চেনেহী (৫৪) । আনহাতে, ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠ দুয়োগৰাকী অভিযুক্তই নেপাললৈ পলাই যোৱাৰ সন্দেহ স্থানীয় লোকৰ । এতিয়ালৈকে ৰাজু শ্ৰেষ্ঠসহ ৬ জন অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে ।
উল্লেখ্য যে সোমবাৰে নিশা গেলাবিলকাণ্ডৰ ভুক্তভোগী কান্তু সাহানী আৰু শয়ন শইকীয়াৰ ৰেংমা গ্ৰাণ্ট আৰু দীঘলগাঞ্জাৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে পৰিয়ালবৰ্গৰ সৈতে কথা পাতে বিধায়ক বিশ্বজিৎ ফুকনে ৷ সোমবাৰে নিশা প্ৰথমতে ৰেংমা গ্ৰান্তৰ শয়ন শইকীয়াৰ বাসগৃহলৈ গৈ পৰিয়াল তথা স্থানীয় ৰাইজৰ সৈতে কথা-বতৰা পাতি পৰিস্থিতিৰ বুজ লয় বিধায়কগৰাকীয়ে ৷

