ETV Bharat / state

গুজৰাটৰ প্ৰতিষ্ঠিত অসমীয়া উদ্যোগীলৈ আমেৰিকাৰ বিশ্ববিদ্যালয়ে আগবঢ়ালে ডক্টৰেট ডিগ্ৰী - GAUTAM KALITA

কৃষিখণ্ডত দেখুওৱা সফলতাৰ বাবে গৌতম কলিতালৈ এই স্বীকৃতি ৷

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 9:56 PM IST

2 Min Read

হায়দৰাবাদ: কৃষিখণ্ডত নিৰৱচ্ছিন্নভাৱে আগবঢ়াই অহা সেৱাৰ বাবে গুৱাহাটীৰ গৌতম কলিতাক আমেৰিকাৰ চিদাৰব্ৰুক বিশ্ববিদ্যালয়ে (Cedarbrook University) কৃষিখণ্ডৰ ডক্টৰেট অৱ ফিল’ছফি ডিগ্ৰী প্ৰদান কৰিছে ।

৫ মাৰ্চত কলিতাক প্ৰদান কৰা এই সন্মানীয় ডিগ্ৰী যুৱ প্ৰজন্মৰ মাজত এক আদৰ্শ হিচাপে পৰিগণিত হ’ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে ।

GAUTAM KALITA
গৌতম কলিতালৈ ডক্টৰেট ডিগ্ৰী (ETV Bharat Assam)

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ অম্বিকাগিৰী নগৰৰ ভগদত্ত পথ নিৱাসী মহেশ্বৰ কলিতা আৰু গংগা কলিতাৰ পুত্ৰ গৌতম কলিতাই গুজৰাটৰ জুনাগড় অঞ্চলত ২০১৬ চনত প্ৰতিষ্ঠা কৰিছিল ‘‘এগ্ৰিকেয়াৰ বায়’টেক প্ৰাইভেট লিমিটেড’’ নামৰ জৈৱিক সাৰ উৎপাদন কৰা কাৰখানাটো । জৈৱিক সাৰৰ বিশ্বজুৰি জনপ্ৰিয়তাৰ কথা তেওঁৰ ভালদৰে জ্ঞাত । নিজেই স্বাৱলম্বী হোৱাৰ লগতে কলিতাই বহুসংখ্যক যুৱক-যুৱতী, পুৰুষ-মহিলাক কোম্পানীটোত নিয়োগ কৰি কৰ্মসংস্থাপন দিবলৈও সক্ষম হৈছে । গুজৰাটৰ দৰে ৰাজ্যৰ পৰাই তেওঁ অসমীয়াক আত্মনিৰ্ভৰশীল হোৱাৰ এটা নতুন বাট দেখুৱাবলৈ সক্ষম হৈছে ।

গুজৰাটত স্থাপন কৰা সেই সাৰ কোম্পানীটোৰ এটা পেকেজিং গোট গুৱাহাটীৰ চন্দ্ৰপুৰত প্ৰতিষ্ঠা কৰি বহুতো দুখীয়া নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়াৰ লগতে বিভিন্ন ৰাজ্যকে ধৰি অসমৰ প্ৰতিখন জিলাত নিজৰ কোম্পানীৰ ডিলাৰ নিয়োগ কৰে ।

শিক্ষিত তথা উদ্যমী যুৱকজনৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ‘‘এগ্ৰিকেয়াৰ বায়’টেকে’’ বৰ্তমান প্ৰায় ৬০ বিধ সাৰ আৰু চাপ্লিমেণ্ট উৎপাদন কৰে । কটন মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী কলিতাই সাৰ কোম্পানীটোৰ ৬০০ ৰো অধিক ডিলাৰৰ লগতে সহস্ৰাধিক পাইকাৰী ব্যৱসায়ীৰ জৰিয়তে বছৰি প্ৰায় ৮-১০ কোটি টকাৰ সাৰ যোগান ধৰিবলৈ সক্ষম হৈছে । সেই ধনেৰে বহু লোকক দৰমহা দি নিজেও আত্মনিৰ্ভৰশীল হৈছে গৌতম কলিতা ।

লগতে পঢ়ক: ভৱানী শৰ্মা; SpaceX-ৰ বিৰল কৃতিত্বৰ অংশীদাৰ এগৰাকী অসমীয়া - SPACEX ENGINEER BHABANI SHARMA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.