ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে কেমেৰাৰ সন্মুখত কিয় ভুল তথ্য দি আছে ? প্ৰশ্ন গৌৰৱ গগৈৰ

পলিটেকনিক প্ৰতিষ্ঠানৰ প্ৰৱক্তাক চাকৰিৰ পৰা অব্য়াহতি দিয়া প্ৰসংগত চৰকাৰক সমালোচনা গৌৰৱ গগৈৰ ।

MP Gaurav Gogoi In Chachal
সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰৱক্তা সংস্থাৰ ধৰ্ণাত গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 7:21 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: নাৰ্যপ্ৰাপ্তিৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰা পলিটেকনিক প্ৰতিষ্ঠানৰ ৭৩ গৰাকী প্ৰৱক্তাই চাকৰি হেৰুওৱাৰ পিছতো প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে । অসমৰ পলিটেকনিকসমূহত ২০১৬-১৭ চনৰ পৰা কৰ্মৰত এইসকল প্ৰৱক্তাক কামৰ পৰা অব্য়াহতি দিয়াৰ পিছতো তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি চলাই থকা ধৰ্ণাত দেওবাৰে উপস্থিত হয় সাংসদ গৌৰৱ গগৈ ।

ধৰ্ণাথলীত প্ৰতিবাদকাৰী প্ৰৱক্তাসকলৰ সৈতে মত-বিনিময় কৰে সাংসদ গৌৰৱ গগৈয়ে । তেওঁলোকৰ শৈক্ষিক আৰু নিযুক্তি সম্পৰ্কীয় নথি-পত্ৰসমূহো পৰীক্ষা কৰে সাংসদগৰাকীয়ে । ইয়াৰ পিছতেই গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, "তেওঁলোকৰ দাবী পূৰণ হোৱাটো বিচাৰো । চৰকাৰৰ ফালৰ পৰা কোনো বহল চিন্তা আজিলৈ মই দেখা পোৱা নাই । ছেমিকণ্ডাক্টৰ প্ৰকল্পত কাম কৰা কৰ্মীসকলক পলিটেকনিক শিক্ষকেই পঢ়ুৱায় । তেনেস্থলত এওঁলোকৰ প্ৰতি চৰকাৰৰ বৈষম্য কিয় ? আজি অসমত বহিঃৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়েহে সংস্থাপনৰ সুযোগ লাভ কৰে ।" অসমত চাকৰিৰ নিশ্চয়তা কিয় নাই বুলিও প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে ।

সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰৱক্তা সংস্থাৰ ধৰ্ণাত গৌৰৱ গগৈ (ETV Bharat Assam)

সাংসদগৰাকীয়ে লগতে কয়, "মুখ্যমন্ত্ৰীয়ে কেমেৰাৰ সন্মুখত কিয় ভুল তথ্য দি আছে তাৰ উত্তৰ বিচাৰো । হয়তো তেওঁক কোনোবাই ভুল তথ্য দিছে । মুখ্যমন্ত্ৰীয়ে এইসকল শিক্ষকৰ সমস্যাসমূহ মৰমেৰে সমাধান কৰক । সংঘাত কৰিব নালাগে । মুখ্যমন্ত্ৰীয়ে দক্ষতাৰ প্ৰমাণ দিয়ক । ইয়াক লৈ আমি কোনো ৰাজনীতি কৰিব বিচৰা নাই । এইসকল শিক্ষক ভালে থাকিলে পলিটেকনিক তথা অভিযান্ত্ৰিক বিষয়সমূহ সুকলমে চলি থাকিব ।"

প্ৰতিবাদকাৰী প্ৰৱক্তাসকলৰ নথিপত্ৰসমূহ কেমেৰাj সন্মুখত প্ৰদৰ্শন কৰি সেয়া ভুৱা নেকি বুলি প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে । "এনেকুৱা পৰিৱেশৰ সৃষ্টি হ'লে কাৰিকৰী প্ৰতিষ্ঠান প্ৰতিষ্ঠাৰ দিশত অসম পিছ পৰি থাকিব । অসমৰ শিক্ষক সমাজে সন্মুখীন হোৱা সমস্যাৰ ওৰ পেলাওক চৰকাৰে ।" গগৈয়ে কয় ৷ উল্লেখ্য যে চাকৰিৰ পৰা অব্যাহতি দিয়া পলিটেকনিক প্রৱক্তাসকলে কেইবাদিনো ধৰি গুৱাহাটী মহানগৰীৰ চচলত প্ৰতিবাদ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:পলিটেকনিকৰ প্ৰবক্তাক কামৰ পৰা ৰিলিজ কৰাৰ কাৰণ কি : উত্তৰ দিলে শিক্ষামন্ত্রীয়ে - ASSAM POLYTECHNIC INSTITUTE

পলিটেকনিক শিক্ষকৰ সংস্থাপনৰ বিষয়টো মানৱীয় দৃষ্টিভংগীৰে সমাধান কৰক; মুখ্যমন্ত্ৰীলৈ আছুৰ চিঠি - ASSAM POLYTECHNIC INSTITUTE