বিজেপিৰ কোন কোন নেতা-পালিনেতাৰ দখলত আছে ভূমি : কংগ্ৰেছে প্ৰস্তুত কৰিব ৰিপ'ৰ্ট, ক'লে গৌৰৱ গগৈয়ে
এইবাৰ কংগ্ৰেছে প্ৰশ্ন কৰিব বিজেপিক । কিহৰ বাবে জৱাবদিহি কৰিব বিজেপিক ?

Published : July 12, 2025 at 9:23 PM IST
গুৱাহাটী : বিজেপি দলৰ কোন কোন নেতা আৰু পালিনেতাই ৰাজ্যৰ ক'ত ক'ত পি জি আৰ আৰু ভি জি আৰৰ মাটি দখল কৰি আছে । তাৰ তথ্য প্ৰস্তুত কৰিব প্ৰদেশ কংগ্ৰেছ । কেৱল সেয়াই নহয়, সাংবাদিকৰ সুৰক্ষাৰ বাবেও থিয় দিব কংগ্ৰেছ । এই কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে ।
আজি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ এখন কৰ্মশালা অনুষ্ঠিত হয় । দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত আয়োজন কৰা এই কৰ্মশালাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ তত্বাৱধায়ক চৰণ সিং চাপ্ৰা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অংশ গ্ৰহণ কৰে ।
কৰ্মশালাৰ অন্তত সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, "আজি দুটা সিদ্ধান্ত গ্ৰহণ কৰা হয় । সাংবাদিকৰ ওপৰত বিজেপি আৰু বিজেপি মিত্রদলৰ নেতা-কৰ্মীয়ে আক্ৰমণ আৰু অপমানিত কৰা ঘটনাৰ বিৰুদ্ধে কংগ্ৰেছ দল থিয় দিব । শাসকপক্ষৰ আক্ৰমণ তথা অপমানৰ সন্মুখীন হোৱা সাংবাদিকৰ পক্ষত থাকিব কংগ্ৰেছ দল । ধেমাজিত সাংবাদিক নিগ্ৰহৰ ঘটনাত কংগ্ৰেছৰ মিডিয়া বিভাগৰ লোক গৈছে । সাংবাদিকজনৰ খবৰ লৈছে । গুৱাহাটীতো মন্ত্রী জয়ন্ত মল্লবৰুৱাই সাংবাদিকক বেয়া ব্যৱহাৰ কৰিছিল । আজি আমাৰ মিডিয়া বিভাগৰ লোক সেই সাংবাদিকজনৰ খবৰ ল'বলৈ যাব ।"
তৰুণ গগৈৰ শাসনকালত সাংবাদিকৰ ওপৰত আক্ৰমণ হোৱা নাছিল :
বিজেপি আৰু আৰ এছ এছ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ চলাইছে বুলি মন্তব্য় কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পুনৰ কয়,"এই আক্ৰমণৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ পক্ষত আমাৰ মিডিয়া বিভাগে থিয় দিব । তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনকালত সাংবাদিকৰ ওপৰত এনেধৰণৰ অন্যায় আৰু অত্যাচাৰ হোৱা নাছিল । সাংবাদিক সকলে সমালোচনা কৰিব পাৰে । সাংবাদ মাধ্যমৰ স্বাধীনতা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্রীসকলক কাঢ়ি ল'বলৈ আমি নিদিও।"
কংগ্ৰেছ সংবাদ মাধ্যমৰ লগত আছে :
আনটো সিদ্ধান্তৰ প্ৰসংগত তেওঁ কয়, "বিজেপি চৰকাৰে কিছুমান বিশেষ অঞ্চলত উচ্ছেদ চলোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । আজি আমি মিডিয়া বিভাগৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত লৈছো । অতি কম দিনৰ ভিতৰত আমি সমগ্ৰ অসমৰ ক'ত ক'ত পি জি আৰ আৰু ভি জি আৰ মাটি বিজেপি দলৰ নেতা-পালিনেতাই দখল কৰিছে তাৰ এটা ৰিপ'ৰ্ট প্ৰস্তুত কৰিম । সেই ৰিপ'ৰ্ট লৈ আমি চৰকাৰক প্ৰশ্ন কৰিম যে সেই মাটি কেতিয়া বেদখলমুক্ত কৰিব । কেতিয়া জেচিবি আৰু বুলড'জাৰ পঠাব ।" তেওঁ লগতে সাংবাদিক সকলক ভয় নকৰি নিজৰ দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনাই কয় যে কংগ্ৰেছ দল সংবাদ মাধ্যমৰ লগত আছে ।

