ETV Bharat / state

কোনো বাস্তৱ হিন্দুৱে ধৰ্মীয় অনুষ্ঠান প্ৰদূষিত নকৰে- মুখ্যমন্ত্ৰীক আক্ৰমণ গৌৰৱ গগৈৰ - GAURAV GOGOI SLAMS ASSAM CM

ধেমাজিত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ । দলীয় সভাত অংশ লৈ বিজেপি আৰু আৰ এছ এছক তীব্ৰ সমালোচনা গগৈৰ ।

Gaurav Gogoi slams Assam CM
আৰ এছ এছক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 20, 2025 at 11:27 AM IST

3 Min Read

ধেমাজি : ২০২৬ৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ মাজত বাকযুদ্ধ ক্ৰমাৎ বৃদ্ধি পাইছে । শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব লাভ কৰা সাংসদ গৌৰৱ গগৈক শাসকীয় বিজেপিয়ে বিভিন্ন ধৰণে লক্ষ্য কৰা দেখা গৈছে । ইজনৰ পিছত সিজন বিজেপি নেতাই গৌৰৱ গগৈক লক্ষ্য কৰি বাক্যবাণ এৰিছে । অৱশ্যে প্ৰতিটো সমালোচনাৰ উত্তৰ গৌৰৱ গগৈয়েও অতি বিস্তাৰে দিছে ।

আৰ এছ এছক টাৰ্গেট গৌৰৱ গগৈৰ

শেহতীয়াকৈ বিজেপিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাই অভিযোগ কৰিছিল যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী, সেনাধ্যক্ষই আৰ এছ এছক গালি পৰাৰ দৰে গৌৰৱ গগৈয়েও তেওঁলোকৰ শ্ৰুতলিপিমতে আৰ এছ এছক গালি পাৰিছে ।

ধেমাজিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ (ETV Bharat)

বিজেপি বিধায়কৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে কয়, "মই আৰ এছ এছৰ মতে কাম কৰিম নেকি ? আমাৰ দলৰ স্বাধীনতা সংগ্ৰামত যি অৰিহণা আছে আৰ এছ এছৰ আছে নেকি ? আমাৰ দলৰ যিমানবোৰ মুক্তিযোদ্ধা আছে আৰ এছ এছয়ে এটা মুক্তিযোদ্ধাৰ নাম কওকচোন । ৰাইজেই কওক, আমাৰ অসমৰ ভিতৰত যিমান মুক্তিযোদ্ধা আছে । সেইকাৰণে তেওঁৰ পৰামৰ্শ আমাক নালাগে । আমি কামখিনি কৰি যাম ।"

গো-মাংস, গাহৰি বিতৰ্ক

ইফালে ৰাজ্যত শেহতীয়াকৈ গো-মাংস, গাহৰি বিতৰ্ক আৰম্ভ হৈছে । হিন্দুৰ ধৰ্মীয় উপাসনাস্থলীৰ সন্মুখত গো-মাংস উদ্ধাৰ প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা বিস্ফোৰক মন্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপে গৌৰৱ গগৈয়ে কয়, "কোনো বাস্তৱ হিন্দুৱে কোনো ধৰ্মীয় অনুষ্ঠানক প্ৰদূষিত নকৰে । সেইটোৱে প্ৰমাণ যে তেওঁলোকে বাস্তৱ হিন্দু ধৰ্মটোৱে বুজি নাপায় । হিন্দু ধৰ্ম এটা উদাৰ ধৰ্ম । হিন্দু এটা পুৰণি ধৰ্ম । হিন্দু এটা শক্তিশালী ধৰ্ম । আমি সংৰক্ষণ দিওঁ, আমাৰ শালীনতাও আছে, ধৈৰ্য আছে, সাহস আছে আৰু শক্তি আছে । সেইকাৰণে ৰাইজে গম পাই গৈছে যে তেওঁলোকে মাত্ৰ ৰাজনীতি কৰি আছে ।’’

‘‘অসমৰ জনসাধাৰণে জানিবলৈ বিচাৰে যে তেওঁলোকে কৈছিল যিমান মাটি আছে দান দিব । যদি নিজৰ মাটি দান দিবলগীয়া আছে কোকৰাঝাৰত বড়ো মানুহৰ মাটি কিয় লৈছে উদ্যোগৰ কাৰণে, ডিমা হাছাওত ডিমাছা মানুহৰ মাটি কিয় লৈছে, কাৰ্বি আংলঙত কাৰ্বি মানুহৰ মাটি কিয় লৈছে । নিজৰ মাটি দান দিলেই হৈ গ'ল । আমি পুনৰবাৰ কৈছো গোটেইখিনি মাটি যদি মামা, মামী, আদানি, আম্বানীয়ে কিনি থব...বড়ো, কাৰ্বি, মিছিং, সোণোৱাল-কছাৰী মানুহবিলাক ক'ত যাব ?"

মুখ্যমন্ত্ৰীক উদ্দেশ্যি গৌৰৱ গগৈয়ে পুনৰ কয়, "তেওঁ যে আগতে কৈছিল মই মাটি দান দিম, কাক দান দিব ? নিজৰ ল'ৰাক দান দিব নেকি ? যেতিয়া ৰাইজে প্ৰতিবাদ কৰি আছে সেই সময়ত মাটি দান দিলেই হ'ল...। ইমান সহজ সৰলভাৱে আমি আমাৰ জনগোষ্ঠীৰ মানুহৰ মাটি তেওঁলোকক বিক্ৰী কৰিবলৈ নিদিও । এয়া অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাটি তেওঁৰ ব্যক্তিগত সম্পত্তি নহয় ।"

উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বুধবাৰে ধেমাজি জিলাত উপস্থিত হয় গৌৰৱ গগৈ । নিশা আৱৰ্ত ভৱতে থাকি বৃহস্পতিবাৰে নেতাগৰাকীয়ে জিলা কংগ্ৰেছৰ কাৰ্যালয় ইন্দিৰা ভৱনত এক সভাত অংশগ্ৰহণ কৰে । য'ত তেওঁ দলীয় নেতা-কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে বিজেপি আৰু আৰ এছ এছৰ বিৰুদ্ধে সৰৱ হৈ পৰে । জিলা কংগ্ৰেছে নৱ নিযুক্ত সভাপতিগৰাকীক উষ্ম আদৰণিও জনায় ।

লগতে পঢ়ক :গান্ধী পৰিয়ালক আঁতৰাই দিলে কংগ্ৰেছত পবিত্ৰতা আহিব পাৰে : মুখ্যমন্ত্রী - HIMANTA BISWA SARMA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.