যোৰহাট: ড্ৰাগছৰ লগতে নিচাজাতীয় সামগ্ৰী সেৱনে এতিয়া যুৱসকলক উচ্ছৃংখল কৰি তুলিছে । সাধাৰণ কথাতে এজন যুৱকে হত্যা কৰিছে আন এজনক । তাৰেই প্ৰতিফলন ঘটিছে যোৰহাটত ।
যুৱ উচ্ছৃংখলতাৰ বাবেই পুনৰ যোৰহাটত প্ৰাণ গ'ল আন এজন যুৱকৰ । কৃষ্ণজ্যোতি শইকীয়া নামৰ একৈশ বছৰীয়া যুৱকজনে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে তেওঁ জ্যেষ্ঠ ভাতৃয়ে মৃত্যুৰ সৈতে যুঁজিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিছনাত । যোৱা ফেব্ৰুৱাৰীত মাহত সংঘটিত এক পথ দুৰ্ঘটনাৰ আলম লৈয়ে যোৰহাট পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত পানীচকুৱা দেৰকুৰিয়া অঞ্চলত পুষ্পেন্দ্ৰ হাজৰিকা আৰু ভৃগু হাজৰিকাই বৃহস্পতিবাৰে নিশাৰ ভাগত গাড়ীৰ ভিতৰতে অঞ্চলটোৰে কৃষ্ণজ্যোতি শইকীয়া আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ পঞ্চজ্যোতি শইকীয়াক যাঠি, তৰোৱাল আৰু হাকোটালগা দাৰে নৃশংসভাৱে আক্ৰমণ চলায় । ফলত ঘটনাস্থলীতে কৃষ্ণজ্যোতি শইকীয়াই মৃত্যুক আঁকোৱালি লোৱাৰ লগতে চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে যুঁজিছে জেষ্ঠ ভাতৃয়ে ।
ইতিমধ্যে যোৰহাট আৰক্ষীয়ে নিশাতেই হত্যাকাণ্ডৰ লগত জড়িত পিতা-পুত্ৰক গ্ৰেপ্তাৰ কৰে । আনহাতে, শুকুৰবাৰে কৃষ্ণজ্যোতি শইকীয়াৰ মৃতদেহ ঘৰ আহি পোৱা লগে লগে ৰাজপথলৈ ওলাই আহে স্থানীয় ৰাইজ । ৰাইজে কৃষ্ণজ্যোতি শইকীয়াৰ মৃতদেহ হত্যাকাৰী ঘৰত সৎকাৰ কৰিবলৈ অগ্ৰসৰ হয় । কিন্তু পূৰ্বৰে পৰাই সষ্টম হৈ থকা নিৰাপত্তাৰক্ষীয়ে বাধা দিয়ে । ইয়াৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
পিছত ঘটনাস্থলীত উপস্থিত থকা যোৰহাট জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ বুজনিত ৰাইজ ক্ষান্ত হয় যদিও দোষীক উপযুক্ত শাস্তিৰ দাবীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ আৱৰোধ কৰে । অৱশেষত দোষীক উপযুক্ত শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াত ৰাইজে শোকাকুল পৰিৱেশৰ মাজত কৃষ্ণজ্যোতি শইকীয়াৰ মৃতদেহ সৎকাৰ কৰে ।
বৰ্তমান মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক ড্ৰাগছ টেষ্ট কৰাব লাগে
ইফালে ২০ এপিলত যোৰহাটৰ এক বিহু অনুষ্ঠানৰ এখন কাজিয়া ভাঙিবলৈ যোৱাৰ বাবে বেদাংগ ভূষণ বৰুৱাক নিৰ্মমভাৱে হত্যাৰ লগত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবী জনাই যোৰহাটৰ মাজেৰে ৰাইজে এক শান্তি সমদল উলিয়ায় । উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । সাংবাদিকৰে হোৱা বাৰ্তালাপত গৌৰৱ গগৈয়ে কয়, "কয়লা ছিণ্ডিকেটত যিদৰে বৰ্তমান চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী জড়িত আছে, ঠিক সেইদৰে ড্ৰাগছৰ লগতো এজন প্ৰভাৱশালী মন্ত্ৰী জড়িত আছে । সেয়েহে খেলুৱৈসকলক যিদৰে টেষ্ট কৰা হয়, ঠিক তেনেদৰে বৰ্তমান চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে বিধায়কসকলকো ড্ৰাগছৰ টেষ্ট কৰাব লাগে ।" ইয়াৰ দ্বাৰা আওপকীয়াকৈ গৌৰৱ গগৈয়ে বৰ্তমান মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে ড্ৰাগছ লোৱা সন্দেহৰ কথাও উনুকিয়াই যায় ।
সমাজত হোৱা যুৱ উচ্ছৃংখলাতক লৈ উদ্বিগ্ন ৰাইজ
আনহাতে, যোৰহাট জিলাত উদ্ভৱ হোৱা যুৱ উচ্ছৃংখলতাক লৈ পৱন পাঠক নামৰ এজন গাঁওৰক্ষী বাহিনীৰ লোকে কয়, "বৰ্তমান সময়ত বাঢ়িছে যুৱ উচ্ছৃংখলতা । কম বয়সীয়া যুৱকসকল হৈ পৰিছে উন্মাদ । যুৱ উচ্ছৃংখলতাৰ মূল কাৰকসমূহেই হৈছে ড্ৰাগছ, মদ আৰু জুৱা । এনে নিচাজাতীয় সামগ্ৰী সেৱনত মত্ত হৈয়ে এনে ঘটনা সংঘটিত কৰিছে । কাৰণ এজন সুস্থ মানুহে এজন সুস্থ মানুহক হানি-খুঁচি কেতিয়াও হত্যা কৰিব নোৱাৰে । তেওঁ নিশ্চয় নিচাসক্ত হ'ব লাগিব । সেয়ে সমাজৰ পৰা ড্ৰাগছৰ দৰে ব্যাধিসমূহ নাইকিয়া কৰিবৰ বাবে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।