বিত্তমন্ত্ৰীৰ এই বাজেট সম্পূৰ্ণ নিৰাশাজনক: গৌৰৱ গগৈ - India Budget 2024
India Budget 2024: চকী বচোৱা আৰু উদ্যোগপতিক অধিক ধনী কৰাৰ নীতিৰে প্ৰস্তুত কৰা এখন বাজেট বুলি আজি দাখিল কৰা বাজেটখনক সমালোচনা গৌৰৱ গগৈৰ । বিজেপিক চান্দা দিয়া উদ্যোগপতিসকলকহে এই বাজেটে উপাৰ্জন বৃদ্ধিৰ বাবে নতুন নতুন বাট মুকলি দিলে বুলি গৌৰৱ গগৈৰ মন্তব্য ।

Published : July 23, 2024 at 6:23 PM IST
গুৱাহাটী,২৩ জুলাই : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে সংসদত দাখিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন তৃতীয়খন চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট ৷ ২০২৪-২০২৫ বিত্তীয় বৰ্ষৰ এই বাজেটক নিৰাশাজনক আৰু চৰকাৰ বচোৱাৰ বাজেট আখ্যা দিছে লোকসভাৰ বিৰোধীৰ উপ-দলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে । কেৱল সেয়াই নহয় এই বাজেটে মধ্যবিত্ত, নিৱনুৱা আৰু কষকৰ বাবে একো দিব নোৱাৰিলে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ।
গগৈয়ে লগতে কয় যে বিজেপিক চান্দা দিয়া উদ্যোগপতিসকলকহে এই বাজেটে উপাৰ্জন বৃদ্ধিৰ বাবে নতুন নতুন বাট মুকলি দিলে ৷ সংসদত আজি বাজেট দাখিলৰ পিচতে সামাজিক মাধ্যম X ৰ যোগেদি বাজেট প্ৰসংগত এইদৰে নিজৰ প্ৰাথমিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে । বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক এই বাজেটত বিশেষ অগ্ৰাধিকাৰ দিয়া প্ৰসংগত গৌৰৱ গগৈয়ে কয় এই বাজেটত দুখন বিশেষ ৰাজ্য আৰু দুটা বিশেষ ৰাজনৈতিক দলক আগস্থান দিয়া হৈছে ।
গৌৰৱ গগৈয়ে কয়, “বিত্তমন্ত্ৰীৰ এই বাজেট সম্পূৰ্ণ নিৰাশাজনক বাজেট । কিয়নো এই বাজেট চৰকাৰৰ দুৰ্বলতা আৰু অস্তিত্বহীনতাৰ উদাহৰণ । এই বাজেটত দুখন বিশেষ ৰাজ্য আৰু দুটা বিশেষ ৰাজনৈতিক দলক আগস্থান দিয়া গৈছে । কিয়নো যিকোনো প্ৰকাৰে চৰকাৰখনৰ নিজৰ চকী ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে । কেৱল চৰকাৰৰ চকী ৰক্ষা কৰিবৰ বাবেই এই বাজেট অধিৱেশন পতা হৈছে ।”
ইয়াৰ উপৰিও সাংসদগৰাকীয়ে কয় “এই বাজেটত মধ্যবিত্ত, কৃষক বা নিৱনুৱাই একো লাভ কৰা নাই । হয়, সেইসকল উদ্যোগপতিয়ে পাইছে যিসকলে বিজেপিক চান্দা দি আহিছে । তেঁওলোকে নিজৰ মুনাফা বৃদ্ধি কৰিবৰ বাবে নতুন নতুন উপায় লাভ কৰিছে এই বাজেটৰ যোগেদি ৷ সকলো ফালৰ পৰা এই বাজেট ব্যৰ্থ । 'চকী বচাওক আৰু উদ্যোগপতিক অধিক ধনী কৰক' এই কথাহে বাজেটত আমি দেখিবলৈ পাইছো ।”
আনহাতে, বিহাৰক কেৱল বান আৰু জলসিঞ্চনৰ বাবে ১১,৫০০ কোটি টকা দিয়াৰ বিপৰীতে অসমক বানৰ সৈতে যুঁজিবৰ বাবে কেৱল অনুদান আগবঢ়াব বুলি বাজেটত উল্লেখ কৰা প্ৰসংগত গৌৰৱ গগৈয়ে কোনো প্ৰতিক্ৰিয়া বৰ্তমানলৈকে প্ৰকাশ কৰা নাই ৷

