ETV Bharat / state

মাৰ্টিনা টুডুলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পত্ৰ, কি আছে চিঠিখনত ?

চাওতাল জনগোষ্ঠীৰ প্ৰথমগৰাকী MBBS মাৰ্টিনা টুডুলৈ ৰাহুল গান্ধীৰ পত্ৰ । ৰাহুল গান্ধীৰ পত্ৰ লাভ কৰি কি ক'লে মাৰ্টিনা টুডুয়ে ?

Gaurav Gogoi meets the first Santal girl from Assam who earn an MBBS degree
গৌৰৱ গগৈৰ সৈতে মাৰ্টিনা টুডু আৰু তেওঁৰ আত্মীয় (@GauravGogoiAsm X)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 11:58 PM IST

|

Updated : June 3, 2025 at 7:10 AM IST

2 Min Read
Choose ETV Bharat

নগাঁও : অসমৰ এগৰাকী মেডিকেল উত্তীৰ্ণ ন-চিকিৎসকলৈ পত্ৰ প্ৰেৰণ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । নতুনকৈ চিকিৎসকৰ স্বীকৃতি লাভ কৰা যুৱতীগৰাকীলৈ ৰাহুল গান্ধীয়ে প্ৰেৰণ কৰা পত্ৰ প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ।

MBBS উত্তীৰ্ণ ছাত্ৰীগৰাকী হৈছে মাৰ্টিনা টুডু । মাৰ্টিনা টুডু হৈছে চাওতাল জনগোষ্ঠীৰ প্ৰথমগৰাকী MBBS উত্তীৰ্ণ চিকিৎসক । বিগত মে’ মাহত MBBS ৰ ডিগ্ৰী সম্পূৰ্ণ কৰি সমগ্ৰ চাওতাল জনগোষ্ঠীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মাৰ্টিনা টুডু বিগত কেইদিন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল সংবাদ মাধ্যমৰ লগতে বিভিন্ন মহলত ।

জনগোষ্ঠীটোৰ পৰা প্ৰথমগৰাকী MBBS উত্তীৰ্ণ মাৰ্টিনা টুডুৰ সফলতাৰ খবৰ লাভ কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়েও । এই খবৰ লাভ কৰিয়েই ৰাহুল গান্ধীয়ে মাৰ্টিনা টুডুলৈ এক শুভেচ্ছামূলক পত্ৰ প্ৰেৰণ কৰে । সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ইন্টাৰ্ণশ্বিপ কৰি থকা চাওতাল জনগোষ্ঠীৰ প্ৰথমগৰাকী চিকিৎসক মাৰ্টিনা টুডুক সোমবাৰে নগাঁৱৰ বাইপাছত সাক্ষাৎ কৰে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে ।

চাওতাল জনগোষ্ঠীৰ প্ৰথমগৰাকী MBBS মাৰ্টিনা টুডুৰ লগতে টুডুৰ পৰিয়ালক সোমবাৰে সাক্ষাৎ কৰি ৰাহুল গান্ধীয়ে প্ৰেৰণ কৰা পত্ৰ প্ৰদান কৰে গৌৰৱ গগৈয়ে । ৰাহুল গান্ধীয়ে প্ৰেৰণ কৰা পত্ৰ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে MBBS উত্তীৰ্ণ মাৰ্টিনা টুডুৰ লগতে পৰিয়ালৰ লোকৰ সৈতে বাৰ্তালাপ কৰে ।

লগতে মাৰ্টিনা টুডুক শুভেচ্ছা জ্ঞাপন কৰি গৌৰৱ গগৈয়ে কয়, “চাওতাল জনগোষ্ঠীৰ প্ৰথমগৰাকী MBBS উত্তীৰ্ণ মাৰ্টিনা টুডুৰ সফলতাৰ খবৰ লাভ কৰিয়েই ৰাহুল গান্ধীয়ে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে ।” ৰাহুল গান্ধীয়ে প্ৰেৰণ কৰা শুভেচ্ছামূলক পত্ৰই চাওতাল জনগোষ্ঠীৰ নতুন প্ৰজন্মকো প্ৰেৰণা যোগাব বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ।

গৌৰৱ গগৈৰ হাতৰ পৰা ৰাহুল গান্ধীৰ পত্ৰ গ্ৰহণ কৰি এই পত্ৰক আৰ্শীবাদ হিচাপে গ্ৰহণ কৰা বুলি উল্লেখ কৰি চাওতাল জনগোষ্ঠীৰ প্ৰথমগৰাকী চিকিৎসক মাৰ্টিনা টুডুয়ে কয়, “ৰাহুল গান্ধীয়ে মোক শুভেচ্ছামূলক পত্ৰ প্ৰেৰণ কৰি সমাজৰ প্ৰতি মোৰ দায়িত্ব বঢ়াই দিছে । সমাজৰ বাবে যাতে ভাল কাম কৰিব পাৰো তাৰ চেষ্টা কৰিম । ৰাহুল গান্ধীৰ লগতে গৌৰৱ গগৈয়ে এইদৰে মোক সন্মান প্ৰদান কৰি পত্ৰ প্ৰেৰণ কৰাত মই তেওঁলোকৰ শলাগ লৈছো ।”

উল্লেখ্য যে, সোমবাৰে মাৰ্টিনা টুডুক গৌৰৱ গগৈয়ে সাক্ষাৎ কৰাৰ সময়ত মাৰ্টিনা টুডুৰ পিতৃ, মাতৃৰ লগতে পৰিয়ালৰ আন কেইবাগৰাকী সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক : ৰূপকাৰ... নব্বৈ দশকৰ অসমীয়া শিল্প-সাংস্কৃতিক সাংবাদিকতাৰ নব্য-ৰূপকাৰ
Last Updated : June 3, 2025 at 7:10 AM IST