কাৰ উদ্দেশ্য কেৱল মাটি কিনা, ৰিজ'ৰ্ট খোলা; কালৈ এইপাত বাক্যবাণ গৌৰৱ গগৈৰ !
যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীক ফ্লাই অভাৰৰ মন্ত্ৰী বুলি কটাক্ষ গৌৰৱ গগৈৰ ।

Published : December 30, 2024 at 9:33 PM IST
মাজুলী: যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আজি মাজুলীত উপস্থিত হৈ পোনে পোনে বন্ধ হৈ থকা যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে । দলং নিৰ্মাণস্থলীত থকা নিৰ্মাণ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ লগত মত বিনিময় কৰি এতিয়ালৈকে নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় সাংসদগৰাকীয়ে । ইয়াৰ পিচতেই সাংসদগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।
সাংসদগৰাকীয়ে চৰকাৰক সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত কয়,"যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম আৰম্ভ হৈছিলহে, বন্ধ হ'লেই । পুনৰ নিবিদাৰ কথা আহি পৰিল । পুনৰ নিবিদাৰ বাবে যেতিয়া এটা প্ৰকল্প ৰৈ যায় তেতিয়া সেই প্ৰকল্পটো উদ্ধাৰ কৰাটো টান হয়।" তেওঁ পুনৰ কয়,"ৰাজ্য চৰকাৰ আজিৰ তাৰিখত কেৱল ফ্লাই অভাৰ বনোৱাত ব্যস্ত ।" মুখ্যমন্ত্ৰীগৰাকীক তেওঁ ফ্লাই অভাৰৰ মন্ত্ৰী বুলি কটাক্ষ কৰি কয়," মুখ্যমন্ত্ৰীয়ে কেৱল গুৱাহাটীত ফ্লাই অভাৰ বনোৱাতহে ব্যস্ত আজিৰ তাৰিখত । ফ্লাই অভাৰৰ বাহিৰে একো কৰিব পৰা নাই ।"
ইফালে,মনমোহন সিঙৰ অন্তিম সৎকাৰৰ সময়ত বিজেপি চৰকাৰে অপমান কৰা বুলি মন্তব্য় কৰে সাংসদগৰাকীয়ে । তেওঁ কয়,"প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক এটা উচিত সমাধিস্থল দিব লাগিছিল, যিটো বিজেপি চৰকাৰে নকৰিলে ।" আনহাতে,এন আৰ চি সম্পৰ্কে মন্তব্য কৰি সাংসদগৰাকীয়ে কয়,"সমস্যা সমাধান কৰাৰ উদ্দেশ্য বৰ্তমানৰ বিজেপি চৰকাৰৰ নাই । বৰ্তমান বিজেপি চৰকাৰৰ উদ্দেশ্য ক'ত আমি মাটি ল'ব পাৰো, ক'ত আমি ৰিজ'ৰ্ট খুলিব পাৰো ? নিজকে ধনী কৰাৰ সময়ত ৰাইজক কেনেকৈ বিভাজিত কৰিব পাৰো ? আজিৰ তাৰিখত সমস্যাৰ কথা বিজেপি চৰকাৰে নকয় ।"

