গুৱাহাটী : প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পিছত সাংসদ গৌৰৱ গগৈয়ে নিজৰ টীম শক্তিশালী কৰাত মনোনিৱেশ কৰিছে । এইবাৰ গৌৰৱ গগৈয়ে নতুনকৈ গঠন কৰিলে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগ । আনহাতে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ তালিকাত স্থান পালে কেইবাগৰাকী ন-পুৰণি কংগ্ৰেছ নেতাই । নতুন তালিকা অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে বেদব্ৰত বৰাক ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ অনুসৰি এই কমিটীখন নতুনকৈ গঠন কৰা হৈছে । সেই অনুসৰি কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ ক্ৰমে ৰূপক দাস, ইফতিকাৰ ইউনিছ, মনালিছা বৰুৱা হাজৰিকা, সম্বিদ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে । সেইদৰে হেপী গগৈ আৰু মোস্তাক গোলাম উচমানিক সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে ।

আনহাতে ১৬ গৰাকীক জ্যেষ্ঠ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হৈছে । তেওঁলোক হৈছে ক্ৰমে মেহদী আলম বৰা, আব্দুল খালেক, এতুৱা মুণ্ডা, ৰাজু চাহু, মোহন বসুমতাৰী, কুশল কুমাৰ শৰ্মা, ঋতুপৰ্ণ কোঁৱৰ, জয়প্ৰকাশ দাস, ইমদাদ হুছেইন, সঞ্জয় বৰুৱা, তৰ্পণ ফুকন, মনোৰঞ্জন বৰগোহাই, ৰমন ঝা, বৰ্ণালী ফুকন, নীৰণ বৰুৱা আৰু ৰূপা কলিতা দাস ।
ইফালে মুখপাত্ৰ হিচাপে নিযুক্তি দিয়াসকল হৈছে ক্ৰমে বিদিশা নেওগ, ছৈজুদ্দিন আহমেদ, মহচিন খান, আমান ৱাদুদ, গণেশ বৰ্মন, জ্যোতিময়ী বৈশ্য, ৰাকেশ চক্ৰৱৰ্তী, মতিউৰ ৰহমান, মিজানুৰ ৰহমান, সঞ্জীৱ ৰয়, বনদ্বীপ দত্ত, পীতাম্বৰ যোশী, হৰ্ষ প্ৰকাশ বৰদলৈ, ৰিতম সিং, ৰফিকুল ইছলাম, জেহেৰুল ইছলাম, অনিতা দেৱী, উপেন ৰাজ নাথ, অৰূপজ্যোতি ভূঞা আৰু পলাক্ষী দাস ।

লক্ষণীয় বিষয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পাছতেই দলটোক নতুন ৰূপ দিয়াৰ বাবে তৎপৰ হৈ পৰিছে সাংসদ গৌৰৱ গগৈ । সন্মুখত ২০২৬ৰ বিধানসভা নিৰ্বাচন । তাৰবাবে যুঁজ দিয়াৰ লক্ষ্যৰে টীম গঠনত লাগি গৈছে গৌৰৱ গগৈ । নিজৰ মন পচন্দৰ টীম গঢ়াৰ বাবে গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভৰ পাছতে নিজৰ লগত সংলগ্ন কৰিছিল তিনিগৰাকীকৈ যুৱনেতাক ।
সভাপতি গৌৰৱ গগৈৰ লগত সংলগ্ন কৰা হৈছিল প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ আৰু উদিতভানু দাসৰ লগতে যুৱনেতা মেঘনাথ চেত্ৰীক । এই তিনিজন গৌৰৱ গগৈৰ আস্থাভাজন আৰু ঘনিষ্ঠ বুলি পৰিচিত । ইয়াৰ পিছত ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব লোৱাৰ পাছত গৌৰৱ গগৈয়ে এখনৰ পাছত আনখনকৈ বৈঠক অনুষ্ঠিত কৰি আহিছে ।
প্রদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে গৌৰৱ গগৈ । ইয়াৰে অংশস্বৰূপে সাংসদ গৌৰৱ গগৈয়ে দলৰ ৭৮ গৰাকী নেতা-কৰ্মীক প্ৰদেশ কংগ্ৰেছৰ পর্যবেক্ষকৰূপে নিযুক্তি দি বিভিন্ন জিলাৰ দায়িত্ব প্ৰদান কৰিছিল । আজি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগক নতুন ৰূপ দিলে ।