ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত এবিভিপিক নিষিদ্ধ ঘোষণা - GU Students ABVP Clash

GU Students ABVP Clash : গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত নিষিদ্ধ হ’ল এবিভিপিৰ প্ৰৱেশ ৷ এই ঘোষণা গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ ৷ সংবাদমেলযোগে এই ঘোষণা স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ ৷

Gauhati University Students Union bans ABVP on campus over CAA clashes
গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত এবিভিপিক নিষিদ্ধ ঘোষণা
author img

By ETV Bharat Assamese Team

Published : March 25, 2024 at 7:42 AM IST

2 Min Read
Choose ETV Bharat
গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত এবিভিপিক নিষিদ্ধ ঘোষণা

গুৱাহাটী, 25 মাৰ্চ : গুৱাহাটী বিশ্ববিদ্যালয়ত বিগত 18 মাৰ্চৰ দিনা সংঘটিত হৈছিল এবিভিপি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজত সংঘৰ্ষ ৷ এই সংঘৰ্ষ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই দেওবাৰে এক সংবাদমেলৰ সম্বোধন কৰে । সংবাদমেলযোগে গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰৱেশ নিষিদ্ধ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ।

সংবাদমেলখনত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে কয়, "যোৱা 18 মাৰ্চৰ দিনা ABVP য়ে ছাত্ৰ সমাজৰ গণতান্ত্ৰিক প্ৰতিবাদত ব্যাঘাত জন্মাবৰ বাবে নিজে অপ্ৰীতিকৰ অসংবিধানিক কাৰ্যকলাপ হাতত লৈছিল আৰু এতিয়া তেওঁলোকে নিজৰ দোষ ঢাকিবৰ বাবে ঘটনাটোৰ মিছা ব্যাখ্যা কৰিছে’’ ৷

লগতে কয়, ‘‘বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ একতাক লৈ শংকিত সংগঠনটোৱে ছাত্ৰ সমাজৰ ঐক্যবদ্ধ কণ্ঠক ভাগ ভাগ কৰাৰ উদ্দেশ্যেৰে সিদিনাৰ প্ৰতিবাদী কাৰ্যসূচী দুটা বিশেষ সংগঠনে লোৱা বুলি অপব্যাখ্যা কৰি আহিছে ৷ কিন্তু সেইদিনাৰ প্ৰতিবাদী কাৰ্যসূচীত কোনো দল-সংগঠনৰ লোক নাছিল ৷ সেয়া আছিল দল-সংগঠন নিৰ্বিশেষে জাতিটোৰ স্বাৰ্থত ওলাই অহা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ যাৰ নেতৃত্ব লৈছিল স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই ৷"

বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰা, স্নাতকোত্তৰ ছাত্ৰ সন্থাক অপমান কৰা, বাৰম্বাৰ বিশ্ববিদ্যালয়ৰ শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা চলোৱা বুলি এবিভিপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন উত্থাপন হৈছে । সেয়ে ‘কা’ সমৰ্থনকাৰী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক জাতিদ্ৰোহী বুলি অভিহিত কৰি বিশ্ববিদ্যালয়ৰ চৌহদত সংগঠনটোক নিষিদ্ধ ঘোষণা কৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে অসম আৰু অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি আনিব পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও নিজৰ স্থিতিত অটল থকাৰ কথা ঘোষণা কৰে স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই ৷ ‘কা’ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক লগত লৈ ছাত্ৰ সংগঠন দুটাই ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী চলাই নিব বুলি সংবাদমেলত উল্লেখ কৰে ।

লগতে পঢ়ক: উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়, ছাত্ৰ সমাজ-এবিভিপিৰ মাজত সংঘাত