ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ Chai Chatters & Chapters শীৰ্ষক প’ডকাষ্ট আৰম্ভ

১৮ জুনৰ সন্ধিয়া ৭.০০ বজাত বিশ্ববিদ্যালয়ৰ অফিচিয়েল ফেচবুক আৰু ইউ টিউব প্লেটফৰ্মত প্ৰিমিয়াৰ হ’বলগীয়া প্ৰথম অধ্যায়ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্ত উপস্থিত থাকিব ।

CHAI CHATTERS AND CHAPTERS
অনুষ্ঠানটোৰ আঁত ধৰোতাৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী (GAUHATI UNIVERSITY)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 10:14 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: লুইতৰ পাৰত সগৌৰৱৰে কৃষ্ণচূড়াৰ বুকুত জিলিকি থকা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ে শৈক্ষিক, সাংস্কৃতিক, গৱেষণামূলক তথা বিভিন্ন দিশৰ অৱদানকসমূহক আগুৱাই নিয়াৰ লক্ষ্যৰে ‘‘চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ’’ শীৰ্ষক প'ডকাষ্ট মুকলি কৰিছে । ১৮ জুনৰ সন্ধিয়া ৭.০০ বজাত বিশ্ববিদ্যালয়ৰ অফিচিয়েল ফেচবুক আৰু ইউ টিউব প্লেটফৰ্মত প্ৰিমিয়াৰ হ’বলগীয়া প্ৰথম অধ্যায়ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্ত উপস্থিত থাকিব ।

উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই এই পদক্ষেপৰ প্ৰতি উৎসাহ প্ৰকাশ কৰি কয়, “এই প’ডকাষ্টে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চহকী সংস্কৃতিক বিশ্বৰ দৰ্শকৰ সৈতে ভাগ-বতৰা কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিব । ই আমাৰ শৈক্ষিক দিশ, সাংস্কৃতিক পৰম্পৰা আৰু আমাৰ শিক্ষাৰ্থী তথা অধ্যাপকৰ অৰ্থপূৰ্ণ কথা-বতৰাক উৎসাহিত কৰিব ।”

তেওঁ লগতে উল্লেখ কৰে, ‘‘প্ৰথম খণ্ডটোত জড়িত হ'বলৈ পাই মই আনন্দিত হৈছো আৰু এই বিশেষ পদক্ষেপৰ সৈতে জড়িত হ’বলৈ সকলোকে আমন্ত্ৰণ জনাইছো ।’’

CHAI CHATTERS AND CHAPTERS
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্ত (GAUHATI UNIVERSITY)

উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বাংগীণ বিকাশৰ উদ্দেশ্য আৰম্ভ কৰা প'ডকাষ্ট ‘‘Chai, Chatters & Chapters’’ত পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ অগ্ৰগতিৰ পৰা আৰম্ভ কৰি উদ্ভাৱনৰ দিশৰ অগ্ৰণী গৱেষণামূলক প্ৰচেষ্টাসমূহ অন্বেষণ কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ বৈচিত্ৰময় সংস্কৃতি প্ৰতিফলন হ'ব ।

এই প'ডকাষ্টৰ প্ৰতিটো অধ্যায়ত শৈক্ষিক সাধনাৰ উপৰিও বিশ্ববিদ্যালয়ৰ বিভিন্ন ক্ৰীড়া আৰু সাংস্কৃতিক ক্লাব, এন চি চি তথা এন এছ এছৰ অধীনৰ বিভিন্ন দিশ সামৰি লোৱা হ’ব । প্ৰাক্তন শিক্ষাৰ্থী, গৱেষক, নীতি-নিৰ্ধাৰক, অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ কণ্ঠক সন্নিবিষ্ট কৰা এই প'ডকাষ্টৰ মূল লক্ষ্য হৈছে সমাজবিজ্ঞানৰ পৰা বিজ্ঞানলৈকে, পদাৰ্থ বিজ্ঞানৰ পৰা মনোবিজ্ঞানলৈকে আৰু গৱেষণাৰ পৰা ইণ্টাৰ্ণশ্বিপলৈকে বিস্তৃত শৈক্ষিক বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শিক্ষাৰ্থীৰ বিকাশৰ বাবে কাম কৰা ।

উত্তৰ-পূৰ্বাঞ্চল, সমগ্ৰ ভাৰত তথা দক্ষিণ-পূব এছিয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন পদক্ষেপক বিশেষ মঞ্চ প্ৰদান কৰাৰ অৰ্থে আৰম্ভ কৰা উক্ত প'ডকাষ্টত বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ আৰু সাধাৰণ জনতাক সহযোগিতা আগবঢ়াবলৈ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অনুৰোধ জনাইছে ।

লগতে পঢ়ক: প্ৰেমিকৰ বাবেই ল’লে নেকি এই সিদ্ধান্ত; বন্ধ কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ