গুৱাহাটী : ইতিমধ্যে সকলৰে জ্ঞাত যে গুৱাহাটী বিশ্ববিদ্যালয়খন দক্ষিণ-পূব এছীয় অধ্যয়ন কেন্দ্রই ২০১৭ চনতে পোৱা অনুদানৰ অপব্যৱহাৰ কৰা বুলি SFI-এ কিছুদিন পূৰ্বে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ জৰিয়তে উত্থাপন কৰিছিল অভিযোগ । SFI-এ উত্থাপন কৰা এই অভিযোগ মনেসজা আৰু বিভ্ৰান্তিকৰ বুলি খণ্ডন কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
লগতে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে এই সন্দৰ্ভত উপাচার্য অধ্যাপক ননীগোপাল মহন্তৰ নাম সাঙুৰি অনা কাৰ্যক এটা গভীৰ ষড়যন্ত্ৰ আখ্যা দিছে ।
বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰা বিবৃতিটোত কোৱা হৈছে -
“গুৱাহাটী বিশ্ববিদ্যালয়ে যোৱা কেইবাবছৰ ধৰি চলিত একাউণ্টত অনুদান লাভ কৰি আহিছে । বিশ্ববিদ্যালয়ৰ পৰীক্ষা পুঁজিৰ একাউন্টকে ধৰি সকলো একাউন্ট স্থানীয় পুঁজি আৰু কেগ- উভয়ৰে পৰীক্ষকে নিয়মীয়াকৈ পৰীক্ষা কৰে । অভিযোগ উত্থাপন কৰা হৈছে যদিও, প্রকৃতপক্ষে উপাচার্য অধ্যাপক ননীগোপাল মহন্ত বিষয়টোৰ সৈতে কোনো ধৰণে জড়িত নহয় । তেওঁৰ নাম অপ্ৰয়োজনীয়ভাৱে সাঙোৰ খুওৱাটো এটা গভীৰ ষড়যন্ত্ৰ মাথোন ।”

“অসম চৰকাৰে ২০১৭ চনৰ ৩১ মাৰ্চ তাৰিখে বিশ্ববিদ্যালয়ৰ পৰীক্ষা পুঁজিৰ একাউণ্টত এক কোটি টকাৰ আৰ টি জি এছৰ জৰিয়তে পোনপটীয়াকৈ জমা দিছিল । অভিযোগত উল্লেখ কৰাৰ দৰে সেই সময়ত অধ্যাপক ননীগোপাল মহন্ত কেন্দ্ৰটোৰ কোনো দায়িত্বত নাছিল । অধ্যাপক মহন্তক উপাধ্যক্ষ আৰু সঞ্চালক (ভাৰপ্ৰাপ্ত) হিচাপে লৈ তদানীন্তন উপাচাৰ্যৰ সঞ্চালনাত কেন্দ্ৰটোৰ প্ৰথমখন পৰিচালনা পৰিষদ তাৰ বহু পাছতহে, ১৫ মে' ২০১৭ ইং তাৰিখে ৪১ নং জাননীযোগে গঠন কৰা হৈছিল । কেন্দ্ৰটোৰ যৌথ স্বাক্ষৰকাৰীৰ সৈতে থকা ছেভিংছ বেংক একাউণ্ট তাৰ কেইমাহমানৰ পাছতহে সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছিল ।”

বিবৃতিটোত আৰু কোৱা হৈছে -
“এই এক কোটি টকাৰ অনুদান তদানীন্তন উপাচাৰ্যৰ অনুমোদন সাপেক্ষে সামগ্ৰিক পুঁজিৰ পৰা কেন্দ্ৰটোৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছিল । অভিযোগ কৰা ধৰণে এই ধনৰাশি প্রকল্প একাউণ্টত জমা কৰাৰ প্ৰশ্নই নুঠে ।”
বিশ্ববিদ্যালয় কর্তৃপক্ষই বিবৃতিটোৰ যোগেদি আৰু জনাইছে -
“অভিযোগ কৰা ধৰণে সংশ্লিষ্ট সময়ছোৱাত কোনো ধৰণৰ আৰ্থিক অপব্যৱহাৰ বা অনিয়ম হোৱা নাছিল । এনে অভিযোগ আঁৰত আছে বিদ্বেষপূৰ্ণ আৰু অশুভ ষড়যন্ত্ৰ, যাৰ সহায়ত সুদীৰ্ঘ আঠ বছৰ পাছত বৰ্তমানৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তৰ লগতে সমগ্ৰ বিশ্ববিদ্যালয়খনৰ ভাবমূর্তি কলংকিত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ।”
উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ দক্ষিণ-পূব এছীয় অধ্যয়ন কেন্দ্ৰটো 2017 চনত অসম চৰকাৰৰ আৰ্থিক সাহায্যত প্ৰতিষ্ঠাপিত হৈছিল । কেন্দ্ৰটো বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক পৰিষদৰ অধীনস্থ পৰিচালনা পৰিষদৰ নিৰ্দেশনামৰ্মে পৰিচালিত হয় ।
পৰিচালনা পৰিষদত অসম চৰকাৰৰ দ্বাৰা মনোনীত সদস্যসকল অন্তর্ভুক্ত হয় । কেন্দ্ৰটোত বিভিন্ন কাৰ্যাৱলী, কেন্দ্ৰটোৰ পৰা প্ৰস্তাৱিত হোৱাৰ পাছত, উপাচাৰ্যৰ অনুমোদন তথা পৰ্যায়ক্রমে কেন্দ্ৰটোৰ পৰিচালনা পৰিষদৰ বৈঠকত আলোচনামৰ্মেহে গৃহীত হয় ।
বিশ্ববিদ্যালয়ৰ বিবৃতিটোৰ মতে, দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ বৰ্দ্ধনশীল সম্পৰ্কৰ প্ৰেক্ষাপটত, বিশেষকৈ ভাৰতৰ এক্ট ইষ্ট আঁচনিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব ভাৰত এটা গুৰুত্বপূৰ্ণ অঞ্চলত পৰিণত হৈছে । এই পৰিপ্ৰেক্ষিতত দেশখনে, বিশেষকৈ উত্তৰ-পূব ভাৰতে পূব আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰ সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সুযোগসমূহ অনুধাৱন কৰাৰ বাবে অধিক আলোচনা আৰু জ্ঞান-তন্ত্ৰ প্ৰসাৰৰ মহান উদ্দেশ্য আগত ৰাখি এই কেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছে ।
কেন্দ্ৰটোৰ তত্বাৱধানত নেশ্যনেল ইউনিভাৰ্ছিটি অৱ লাওছৰ এটা দলে ২০১৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্রনিক্স আৰু কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বিভাগে চলোৱা মেশ্যিন লার্নিং এণ্ড পেটাৰ্ণ ৰিকগনিশ্যন নামৰ এটা অল্পঅৱধিৰ ডিপ্লোমা পাঠ্যক্রম সমাপ্ত কৰে । তদুপৰি, বেংককৰ থামাছাট বিশ্ববিদ্যালয়ৰ দুটা দলে ক্ৰমে ২০১৯ আৰু ২০২২ বৰ্ষৰ একোটাকৈ ষান্মাসিকত ভাৰতীয় অধ্যয়ন কেন্দ্ৰৰ বিভিন্ন বিষয় সম্বলিত পাঠ্যক্রম দক্ষিণ-পূব এছীয় অধ্যয়ন কেন্দ্ৰৰ তত্বাৱধানত সম্পূৰ্ণ কৰে ।
দক্ষিণ-পূব এছীয় অধ্যয়ন কেন্দ্ৰৰ শেহতীয়া কৰ্মৰাজিৰ ভিতৰত ২০২২ চনত লণ্ডনৰ কিংছ কলেজৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যাপক আৰু নতুন দিল্লীৰ অবজার্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ ষ্ট্রেটেজিক ষ্টাডিজ প্ৰগ্ৰেমৰ মুৰব্বী অধ্যাপক হৰ্ষ ভি. পন্টে ''Ukraine Russia War: Perspectives on Global and National Implications'' বিষয়ত দিয়া বক্তৃতাটি অন্যতম ।
থাইলেণ্ডৰ ১৫ খন বিশ্ববিদ্যালয়ৰ মুঠ ৩২ জন শিক্ষাবিদ আৰু বিষয়াৰ এটা দলে কেন্দ্ৰটোৰ সহযোগত ২০২৪ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ কৰি শৈক্ষিক বিনিময় কাৰ্যসূচী, গৱেষণা সহযোগিতা আৰু থাই অধ্যয়নৰ সম্ভাৱ্য প্ৰৱৰ্তন আদিৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰাটোও এইখিনিতে উল্লেখযোগ্য । কেন্দ্ৰটোৱে ইয়াৰ বাহিৰেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় তাৎপর্য সম্বলিত বিষয় সন্দৰ্ভত নিয়মীয়াকৈ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।