পাঠ্যপুথিত বিষ্ণু ৰাভাৰ ভুল তথ্য: গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দায়সৰা মন্তব্য
বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই লিখিছে, "এই বঁটাবোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কেতিয়া পালে তাৰ কিবা তথ্য কাৰোবাৰ হাতত আছে যদি জনাব ।"

Published : December 4, 2024 at 6:41 PM IST
গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ (FYUGP) প্ৰথম ষাণ্মাসিকৰ বাধ্যতামূলক বহুমুখী পাঠ্যক্রমত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কে ভুল তথ্য প্ৰকাশ কৰাক লৈ অসমৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিন্তু এই কথাক লৈ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই ।
উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ (FYUGP) প্ৰথম ষাণ্মাসিকৰ বাধ্যতামূলক বহুমুখী পাঠ্যক্রমৰ আধাৰত কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ (অংশকালীন) সহকাৰী অধ্যাপক ইমৰাণ হুছাইন, দমদমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডঃ দীক্ষিতা বুঢ়াগোঁহাই আৰু ভোলানাথ কলেজৰ সহকাৰী অধ্যাপক ডঃ ইব্রাহীম আলি মণ্ডলে প্ৰণয়ন কৰা 'আধুনিক অসমৰ নিৰ্মাতা' গ্ৰন্থখনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কে ভুল তথ্য প্ৰকাশ কৰিছে ।
এই গ্ৰন্থখন সূৰ্য প্ৰকাশে প্ৰকাশ কৰিছে । গ্ৰন্থখনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই পদ্মশ্ৰী, সংগীত নাটক অকাদেমি বঁটা, ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণ-পত্ৰ আৰু অসম উপত্যকা সাহিত্য বঁটা লাভ কৰাৰ বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ কৰিছে ।
এই সন্দৰ্ভত ছচিয়েল মিডিয়াত গ্ৰন্থখনৰ তথ্য দি বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই লিখিছে, "এই বঁটাবোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কেতিয়া পালে তাৰ কিবা তথ্য কাৰোবাৰ হাতত আছে যদি জনাব । মই মানে পৰিয়ালৰ কোনেও নাজানো ।"
আনহাতে, এই সন্দৰ্ভত ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশিষ্ট লেখিকা বিনীতা বৰা দেৱচৌধুৰীয়ে লিখিছে, "অপ্ৰিয় হ’লেও সত্য অসমৰ উচ্চ শিক্ষাৰ জগতখন ধ্বংসৰ মুখলৈ নি আছে কেৱল নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰা এচাম শিক্ষকে ৷ ছাত্ৰ-ছাত্ৰী, বিষয় আৰু নিজৰ ভাষা-সাহিত্যৰ লগতে জাতীয় জীৱনৰ প্ৰতি এক বিন্দুও দায়বদ্ধতা নথকা মানুহেহে লিখিব পাৰে এনে তথ্য ৷ ৰাজহুৱা গৰিহণাৰ লগতে বিভাগীয় পদোন্নতিও আচলতে বন্ধ কৰিব লাগে এনেবোৰ শিক্ষকৰ ৷ বিষ্ণু ৰাভা অসমীয়া মানুহৰ হৃদয়ত আছে ৷ সেই বিষ্ণু ৰাভাক অপমান কৰা নাইনে এনে ভুল তথ্যৰে ? তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ প্ৰতি সন্দেহ ওপজাটো স্বাভাৱিক ৷ তদন্ত হ’ব লাগে লেখক, প্ৰকাশক উভয়ৰে ক্ষেত্ৰত ৷"
কিন্তু আশ্চৰ্যজনকভাৱে এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ (FYUGP) দায়িত্বত থকা ৰাতুল মহন্তই কয়, "এই সন্দৰ্ভত আমাৰ তাত কোনো অভিযোগ অহা নাই । অভিযোগ আহিলে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"
উল্লেখ্য যে 'আধুনিক অসমৰ নিৰ্মাতা' মূল গ্ৰন্থখনৰ লগতে বেদান্ত হাজৰিকা, অসীম দত্ত আৰু অঞ্জলি ডেকাৰ দ্বাৰা সম্পাদিত মডেল প্ৰশ্নকাকতখনতো একেটা ভুলকে সন্নিৱিষ্ট কৰা হৈছে । এতিয়া পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তথা অসম চৰকাৰৰ শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব ।

