ETV Bharat / state

এমাহৰ ভিতৰতে আকৌ বিতৰ্কৰ মাজত GMCH, এইবাৰ নৱজাতক সলনি হোৱাৰ অভিযোগ উত্থাপন

GMCH-ত নৱজাতক সলনি হোৱাৰ অভিযোগ উত্থাপন কৰিছে এটা পৰিয়ালে ৷ কিন্তু ভুক্তভোগী পৰিয়ালটোৰ বিপৰীতে মন্তব্য কৰিছে অধীক্ষক দেৱজিৎ চৌধুৰীয়ে ৷

Gauhati Medical College hospital in Fresh Controversy Over Alleged Baby Swap Case
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 31, 2025 at 10:56 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : আকৌ বিতৰ্কৰ মাজত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH) ৷ এমাহৰ ভিতৰতে GMCH-ত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা । এইবাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নৱজাতক সলনিৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী এটা পৰিয়ালে ।

পৰিয়ালটোৱে অভিযোগ কৰা মতে GMCH-ৰ ভিতৰত সলনি হৈছে তেওঁলোক শিশুটি । পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, শুকুৰবাৰে গোৱালপাৰৰা ধুপধৰাৰ পৰা প্ৰিয়ংকা সৰকাৰ নামৰ মহিলাগৰাকীক প্ৰথমে বকোৰ চিকিৎসালয়লৈ নিয়া হয় ৷ কিন্তু চিকিৎসকে মহিলাগৰাকীক চিজাৰিয়ান কৰিব লাগিব বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।

GMCH-ত নৱজাতক সলনি হোৱাৰ অভিযোগ উত্থাপন (ETV Bharat Assam)

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিশা মহিলাগৰাকীয়ে স্বাভাৱিক পদ্ধতিৰে এটি ল'ৰা সন্তান জন্ম দিয়ে । জন্মৰ পিছতেই নৱজাতকটিক প্ৰসুতিগৰাকীক চাবলৈ দিয়ে ৷ তাৰ পাচতে শিশুটিক আছুটীয়াকৈ ৰখা হয় ৷ বহু সময় ধৰি শিশুটিক মাতৃৰ হাতত গতাই নিদিয়াৰ বাবে তেওঁ চিকিৎসকক সন্তানটিৰ কথা সোধে ৷ চিকিৎসকেও সন্তানটি ভালে আছে বুলি কৈছিল ৷ কিন্তু শনিবাৰে পুৱা চিকিৎসকে নৱজাতকটোৰ মৃত‍্যু হোৱা বুলি পৰিয়ালটোক অৱগত কৰে ।

পৰিয়ালটোৱে এই কথা মানি ল’ব পৰা নাই । জন্মতে সুস্থ থকা নৱজাতকটো কেনেকৈ মৃত‍্যু হ’ব পাৰে বুলি পৰিয়ালটোৱে প্ৰশ্ন উত্থাপন কৰিছে ৷

মৃত শিশুটিৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘মোৰ শিশুটি জীয়াই আছে ৷ জন্মৰ পাচতে মই তাক দেখিছো ৷ ডাক্তৰে মোৰ সন্তানটো মৰা বুলি কৈ এটা বেলেগ শিশু আমাক দিছে ৷ মোৰ সন্তানটোৰ এখন হাতত ছয়টা আঙুলি আছে ৷ কিন্তু আমাক দিয়া মৃত শিশুটিৰ এখন হাতত ছয়টা আঙুলি নাই আৰু মোৰ সন্তানৰ ওজন ৩ কেজি ৩০০ গ্ৰাম আছিল ৷ কিন্তু আমাক দিয়া মৃত শিশুটিৰ ওজন ২ কেজি ২০০ গ্ৰামহে ৷ আমাৰ শিশুটি ইয়াত সলনি হৈছে ৷’’

উক্ত পৰিয়ালটোৱে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত জি এম চি এইচৰ অধীক্ষক দেৱজিৎ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, "শুকুৰবাৰে মহিলা গৰাকীক নিশা ৮ মান বজাত জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল । উন্নত চিকিৎসা প্ৰদান কৰা হৈছিল আৰু নিশা প্ৰায় ৪.৩০ মান বজাত মহিলাগৰাকীয়ে প্ৰসৱ কৰে । আজি পুৱা শিশুটিৰ মৃত্যু হৈছিল । তেওঁলোকে মৃত শিশুটিক সাধাৰণভাৱেই গ্ৰহণ কৰিছিল ৷ কিন্তু এতিয়া বিপৰীত অভিযোগ কৰিছে ৷ অভিযোগ কৰা মতে তেনে কোনো ঘটনা আমাৰ হাস্পতালত হোৱা নাই ৷"

লগতে পঢ়ক : নৱজাতকৰ মৃত্যুত লজ্জিত হ’ল মুখ্যমন্ত্ৰী ! তিনিজনীয়া তদন্ত সমিতিয়ে উদঘাটন কৰিব প্ৰকৃত সত্য