২৪ অক্টোবৰত চূড়ান্ত শুনানি হ’ব মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ আবেদনৰ - Muslim Marriage and Divorce Act
Assam Muslim Marriage Act : ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলৱৎ কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে যোৱা ২৪ ফেব্ৰুৱাৰী মাহৰ কেবিনেটত ১৯৩৫ চনৰ অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইনখন বাতিলৰ প্ৰস্তাৱত অনুমোদন জনাইছিল । তাৰ পাচত যোৱা ১৫ মাৰ্চত ৰাজ্যপালে অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন প্রত্যাহাৰৰ বাবে অধ্যাদেশ জাৰি কৰিছিল ।

Published : September 18, 2024 at 5:22 PM IST
গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে ৰাজ্যত থকা ১৯৩৫ চনৰ অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইনখন বাতিল কৰা বিষয়ক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত বুধবাৰে পুনৰ শুনানি গ্ৰহণ কৰা হয় । অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ বাতিলৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে গ্রহণ কৰা সিদ্ধান্ত আৰু তাৰ পৰৱৰ্তী সময়ত জাৰি কৰা অধ্যাদেশক প্রত্যাহ্বান জনাই সদৌ অসম কাজী সন্থাই এখন লেখ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ।
ইয়াৰ লগতে তিনিটা আন পক্ষৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ বাতিলৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে গ্রহণ কৰা সিদ্ধান্ত আৰু তাৰ পৰৱৰ্তী সময়ত জাৰি কৰা অধ্যাদেশক প্রত্যাহ্বান জনাই তিনিখন লেখ আবেদন কৰিছিল । বুধবাৰে এই সকলো পক্ষৰ মতামত গ্ৰহণ কৰি আদালতে অহা ২৪ অক্টোবৰত গোচৰটোৰ চূড়ান্ত শুনানিৰ দিন ধাৰ্য কৰিছে ।
এই সন্দৰ্ভত গোচৰীয়া পক্ষৰ অধিবক্তা জুনাইদ খালিদে কয়, "মুছলমান লোকৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে ৰাজ্যত থকা ১৯৩৫ চনৰ অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইনখন বাতিল কৰা বিষয়ক লৈ আদালতৰ নিৰ্দেশমৰ্মে ইতিমধ্যে ৰাজ্য চৰকাৰে আদালতত শপতনাম দাখিল কৰিছে । এই শপতনামাক প্ৰত্যাহ্বান জনাই গোচৰীয়া পক্ষই আদালতত ইতিমধ্যে শপতনামা দাখিল কৰিছে ।"
উল্লেখ্য যে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলৱৎ কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে যোৱা ২৪ ফেব্ৰুৱাৰীৰ কেবিনেটত উল্লিখিত আইনখন বাতিলৰ প্ৰস্তাৱত অনুমোদন জনাইছিল । তাৰ পাচত যোৱা ১৫ মাৰ্চত ৰাজ্যপালে অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন প্রত্যাহাৰৰ বাবে অধ্যাদেশ জাৰি কৰে ।
আনহাতে, চৰকাৰৰ সিদ্ধান্ত আৰু অধ্যাদেশক প্রত্যাহ্বান জনোৱা কাজী সন্থাই পুৰণি আইনখন প্ৰত্যাহাৰৰ পাচত আৰু নতুন আইন বলৱৎ নকৰালৈকে এই সময়ছোৱাত মুছলমান লোকসকলৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে এক বিকল্প ব্যৱস্থাৰ বাবে আদালতৰ পৰা অন্তৱৰ্তী আদেশ বিচাৰিছিল যদিও আদালতে এই আবেদন নাকচ কৰিছিল ।
উল্লেখ্য যে যোৱা ২২ আগষ্টৰ পৰা অনুষ্ঠিত বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশনত এই সন্দৰ্ভত সদনত বিতৰ্ক হৈছিল । তাৰ পিচত বিধেয়কখন বিধানসভাত গৃহীত হয় ।
অধিবক্তা জুনাইদ খালিদে লগতে কয়, "এই সন্দৰ্ভত আজি আদালতত দুয়োপক্ষৰ যুক্তি আদালতৰ দুজনীয়া বিচাৰপীঠে শুনে । এই সন্দৰ্ভত আদালতে আজি কোনো নিৰ্দেশ নিদিয়ে । অহা ২৪ অক্টোবৰত এই সন্দৰ্ভত পুনৰ শুনানি হ'ব ।"

