ন্যায়ালয়ত মুখ থেকেচা ৰাজ্য চৰকাৰৰ; অনুকম্পামূলক নিযুক্তি সন্দৰ্ভত গুৱাহাটী হাইকোৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়
অনুকম্পামূলক নিযুক্তিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি । বন্ধ নহয় অনুকম্পামূলক নিযুক্তি ।

Published : April 8, 2025 at 4:48 PM IST
গুৱাহাটী : অনুকম্পামূলক নিযুক্তিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এক শুনানি গ্ৰহণ কৰি এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে । ৫৬ টা গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে ।
উল্লেখ্য যে, ১.৫ লাখ নিযুক্তিৰে চমক সৃষ্টি কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সংগোপনে বিলুপ্ত কৰিছিল অনুকম্পামূলক নিযুক্তিৰ প্ৰায় ২৫ হাজাৰ পদ । যোৱা বৰ্ষৰ ১৮ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ পাৰ্ছনেল বিভাগে এখন অফিচ মেম'ৰেণ্ডাম জাৰি কৰি চিৰদিনলৈ বন্ধ কৰিছিল অনুকম্পামূলক নিযুক্তি ।
এই বিতৰ্কিত অফিচ মেম'ৰেণ্ডামৰ ফলত মুখ্য সচিব আৰু জিলা আয়ুক্তৰ টেবুলত ওলমি ৰৈছিল শ শ আবেদনকাৰীৰ ফাইল । ফলত দিছপুৰৰ বিতৰ্কিত অফিচ মেম'ৰেণ্ডামখনক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছিল ৫৬ টাকৈ গোচৰ । ন্যায়ালয়ত অফিচ মেম'ৰেণ্ডামখনক বৈষম্যমূলক অভিহিত কৰি কৰ্মচাৰী সমাজক দুটা ভাগত বিভক্তকৰণেৰে সংবিধানৰ ১৪ অনুচ্ছেদ ভংগ কৰাৰ উঠিছিল অভিযোগ ।

অনুকম্পামূলক পদ বিলুপ্ত কৰি কাৰ্যতঃ ন্যায়ালয়ৰ ৰোষত পৰিছিল অসম চৰকাৰ । গোচৰৰ শুনানিত চৰকাৰী পক্ষৰ হৈ অৱতীৰ্ণ হৈছিল মহাধিবক্তা দেৱজিত শইকীয়া ।

এই সন্দৰ্ভত গোচৰীয় পক্ষৰ অধিবক্তা নুৰ হুছেইনে কয়, "দীঘলীয়া শুনানিৰ অন্তত ৰাজ্য চৰকাৰে অফিচ মেম’ৰেণ্ডামখনক প্ৰযোজ্য নকৰাকৈ আবেদনকাৰীৰ অনুকম্পামূলক নিযুক্তিৰ পুনঃবিবেচনা কৰিবলৈ সন্মত হয় । মহাধিবক্তাৰ প্ৰস্তাৱৰ ভিত্তিত অৱশেষত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাৰ (Michael Zothankhuma) বিচাৰপীঠে ২০১৭ চনৰ পূৰ্বে মৃত্যু হোৱা কৰ্মচাৰীৰ সন্তান তথা আত্মীয়ৰ যোগ্যতাৰ ভিত্তিত অনুকম্পামূলক নিযুক্তিৰ আবেদন বিবেচনাৰ নিৰ্দেশ দিয়ে ।"

অধিবক্তা নুৰ হুছেইনে কয়, "ন্যায়ালয়ে লগতে আবেদনসমূহ বিবেচনাৰ বাবে ৬ মাহৰ সময়সীমা বান্ধি দিছে চৰকাৰক । তদুপৰি অনুম্পামূলক আবেদন বিবেচনাৰ অন্তত লোৱা সিদ্ধান্ত আবেদনকাৰীক অৱগত কৰিবলৈয়ো ন্যায়ালয়ে নিৰ্দেশ দিয়ে ।"

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে বিত্ত বিভাগৰ দায়িত্বত থকাৰ সময়ত ২০১৭ চনৰ ১ এপ্ৰিলৰ পাছত মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীৰ আত্মীয়ৰ বাবে কৰ্মচাৰীজনৰ অৱসৰ পৰ্যন্ত সম্পূৰ্ণ দৰমহাকে ফেমিলী পেন্সন হিচাপে প্ৰদানৰ আঁচনি ঘোষণা কৰিছিল । ইয়াৰ বিপৰীতে ২০১৭ চনৰ ১ এপ্ৰিলৰ আগতে মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ বাবে অনুকম্পামূলক নিযুক্তি বাহাল ৰাখিছিল ।

মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি মন্ত্ৰীসকলক অনুকম্পামূলক আবেদন বিবেচনাৰ কৰ্তৃত্ব দি তাৎক্ষণিকভাৱে সকলো নিযুক্তি প্ৰদানৰ নিৰ্দেশ দিছিল । কিন্তু উচ্চতম ন্যায়ালয়ৰ পশ্চিমবংগৰ এটা গোচৰৰ ৰায়ৰ দোহাই দি শেহতীয়াকৈ চৰকাৰে অফিচ মেম’ৰেণ্ডামযোগে অনুকম্পামূলক ২২ হাজাৰ পদ গোপনে বিলুপ্তি কৰিছিল ।

