35 হাজাৰ শিক্ষকৰ নিযুক্তিত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ, চাৰি সপ্তাহৰ পিছত পুনৰ শুনানি - RECRUITMENT IN EDUCATION DEPARTMENT
Teachers recruitment: শিক্ষা বিভাগৰ বিশেষ নিযুক্তিৰ জাননীত অন্তৱর্তী স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । 35 হাজাৰ শিক্ষকৰ নিযুক্তিত স্থগিতাদেশ জাৰি কৰিছে উচ্চ ন্যায়ালয়ে ৷ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে চাৰি সপ্তাহৰ পিছত ৷

Published : August 13, 2024 at 7:32 AM IST
গুৱাহাটী, 13 আগষ্ট: ঠিকাভিত্তিক শিক্ষকেৰে পূৰণ কৰিবলৈ লোৱা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ মুঠ 35,133 গৰাকী শিক্ষক পদৰ বাবে শিক্ষা বিভাগে প্ৰকাশ কৰা বিশেষ নিযুক্তিৰ জাননীত গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱর্তী স্থগিতাদেশ জাৰি কৰিছে ।
প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে যোৱা 6 আগষ্টত প্ৰকাশ কৰা এই বিশেষ নিযুক্তিৰ বিজ্ঞাপনৰ জৰিয়তে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ সহকাৰী শিক্ষকৰ লগতে উচ্চ প্রাথমিকৰ বিজ্ঞান শিক্ষককে ধৰি মুঠ 35,133 টা শিক্ষক পদৰ বাবে ঠিকাভিত্তিক শিক্ষকসকলৰ পৰা আবেদন বিচৰা হৈছিল ।
শিক্ষা বিভাগে ঠিকাভিত্তিক শিক্ষকসকলৰ পৰা এই পদসমূহত নিয়মীয়া নিযুক্তি দিয়াৰ বাবে এই বিশেষ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যদিও প্রাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা বিজ্ঞাপনটোত ইতিমধ্যে 10-12 বছৰ চাকৰি কৰা ঠিকাভিত্তিক শিক্ষকসকলৰ বেতন সুৰক্ষাৰ লগতে জ্যেষ্ঠতা সুৰক্ষাৰ কোনো ব্যৱস্থা ৰখা হোৱা নাছিল ।
ফলস্বৰূপে চাকৰি নিয়মীয়াকৰণৰ দাবীত বিভিন্ন ধৰণে আন্দোলন কৰি অহা ঠিকাভিত্তিক শিক্ষকসকলে বর্তমান পাই থকা দা-দৰমহা আৰু অন্যান্য সুবিধাৰপৰা বঞ্চিত হোৱাৰ আশংকাত শিক্ষক সংস্থাৰ লগতে বহুসংখ্যক শিক্ষকে ভাগে ভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ।
সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজ প্ৰমুখ্যে অন্যান্যসকলে দাখিল কৰা লেখ আবেদনৰ উত্থাপনকালীন শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এল এছ জমীৰৰ বিচাৰপীঠে সোমবাৰে আবেদনকাৰীয়ে উত্থাপন কৰা বিষয়বোৰৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ আদেশ দিয়ে । লগতে সেইপর্যন্ত শিক্ষা বিভাগৰ বিশেষ নিযুক্তিৰ বিজ্ঞাপনত অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰে । চাৰি সপ্তাহৰ পাছত আদালতে আবেদনলানিৰ পৰৱৰ্তী শুনানি গ্রহণ কৰিব ।
উল্লেখ্য যে, 6 আগষ্টত প্রকাশিত বিজ্ঞাপন অনুসৰি 35,133 পদৰ বাবে অনলাইন আবেদন কৰাৰ অন্তিম দিন আছিল 12 আগষ্ট । ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই আদালতৰপৰা আবেদন প্ৰক্ৰিয়া আৰু আবেদনসমূহৰ পৰীক্ষা-নিৰীক্ষা কৰা প্ৰক্ৰিয়া অব্যাহত ৰখাৰ অনুমতি বিচাৰিছিল আৰু বাছনিৰ বিষয়টো আদালতৰ আদেশৰ ওপৰত নিৰ্ভৰ কৰিব বুলি চৰকাৰী স্থিতি দাঙি ধৰিছিল যদিও আদালতে মহাধিবক্তাৰ যুক্তি গ্রাহ্য নকৰিলে । আদালতে 6 আগষ্টৰ বিজ্ঞাপনটোতে অর্থাৎ সমগ্র প্রক্রিয়াটোতে অন্তৱৰ্তী স্থগিতাদেশ আৰোপ কৰে ।

