ETV Bharat / state

কচুতলীৰ উচ্ছেদ: চৰকাৰক জবাবদিহি আদালতৰ - GAUHATI HC ON KACHUTOLI EVICTION

কচুতলীত উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত নিহত হোৱা যুৱকৰ পৰিয়ালৰ লেখ আবেদনৰ শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।

Gauhati HC on kachutoli eviction
কচুতলীৰ উচ্ছেদ: চৰকাৰক জবাবদিহি আদালতৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 5:45 PM IST

4 Min Read

গুৱাহাটী : গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ কচুতলীত চলোৱা উচ্ছেদক লৈ অসম চৰকাৰ পুনৰ আদালতত জবাবদিহি হ'বলগীয়া হৈছে । যোৱা বছৰ ছেপ্টেম্বৰত সংঘটিত হোৱা সোণাপুৰৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছিল । শেহতীয়াকৈ সোণাপুৰৰ উচ্ছেদক লৈ আদালতত সমালোচনাৰ সন্মুখীন হয়‌ অসম চৰকাৰ ।

উল্লেখ্য যে সোণাপুৰৰ কচুতলীত চলা উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত জুবাহিৰ আলী নামৰ এজন ১৮ বছৰীয়া যুৱকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰী পক্ষক জবাবদিহি কৰিছে ।

কচুতলীৰ উচ্ছেদ: চৰকাৰক জবাবদিহি আদালতৰ (ETV Bharat)

উল্লেখ্য যে উচ্ছেদক কেন্দ্ৰ কৰি যোৱা ১২ ছেপ্টেম্বৰত ৰণক্ষেত্ৰত পৰিণত হৈছিল সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলীৰ উচ্ছেদস্থলী । উচ্ছেদিত, উত্তেজিত লোকৰ ক্ষোভ আগতীয়াকৈ তৰ্কিব নোৱাৰি আৰক্ষী প্ৰশাসনে গুলীচালনা কৰিবলগীয়া হোৱাৰ ফলত দুজনকৈ লোক নিহত আৰু আন কেইবাজনো আহত হয় ৷ লগতে আৰক্ষীৰ কেইবাজনো আহত হৈছিল ।

ইফালে প্ৰয়াত জুবাহিৰৰ পিতৃ-মাতৃয়ে ঘটনাৰ উচিত তদন্ত আৰু উপযুক্ত ক্ষতিপূৰণ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত WPC 1905/2025 নম্বৰৰ এখন লেখ আবেদন দাখিল কৰিছিল । এই লেখ আবেদনখনৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৩ সপ্তাহৰ সময় দি সমগ্ৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰক বিতং শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।

এই সন্দৰ্ভত গোচৰীয়া পক্ষৰ অধিবক্তা এ আৰ ভূঞাই কয়, "২০২৪ চনৰ ১২ ছেপ্টেম্বৰত সোণাপুৰৰ কচুতলীত আৰক্ষীৰ গুলীত জুবাহিৰ আলীৰ মৃত্যু হৈছিল । ই-ৰিক্সা চলাই ঘৰ চলাই অহা জুবাহিৰে দৈনিক কাম-কাজ সম্পন্ন কৰি নিৰ্দিষ্ট স্থানত উপস্থিত হওঁতেই গুলীবিদ্ধ হৈ মৃত্যু হয় ।"

অধিবক্তা ভূঞাই কয় যে গুলীচালনাৰ পূৰ্বে আৰক্ষীয়ে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেয়া কৰা নাছিল । আৰক্ষীৰ গুলীত জুবাহিৰৰ মৃত্যু সন্দৰ্ভত কোনো আৰক্ষীয়ে গোচৰ ৰুজু কৰি দণ্ডাধীশ পৰ্যায়ৰ কোনো তদন্ত কৰা নাই । এয়া আইন‌ বিৰুদ্ধ । তদুপৰি মানৱ অধিকাৰ আইনমতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক মৰণোত্তৰ পৰীক্ষাৰ কোনো তথ্য দিয়া নাছিল ।

তেওঁ লগতে কয়, "এনে প্রেক্ষাপটত উপযুক্ত ক্ষতিপূৰণ আৰু পুত্ৰৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত বিচাৰি পিতৃ-মাতৃয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে । এই লেখ আবেদনখনৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৩ সপ্তাহৰ সময় দি সমগ্ৰ বিষয়টোক লৈ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ, গুৱাহাটী আৰক্ষী আয়ুক্তালয়, অসম আৰক্ষী আৰু সোণাপুৰ ৰাজহ চক্ৰ বিয়ষালৈ শপতনামা দাখিলৰ নিৰ্দেশ দিছে ।"

উল্লেখ্য যে যোৱা ১২ ছেপ্টেম্বৰত সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলত উচ্ছেদ চলোৱাৰ পিছত আকৌ যোৱা ১৩ ছেপ্টেম্বৰত সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ ট্ৰাইবেল‌ বেল্ট আৰু ব্লক এলেকাত অবৈধভাৱে বসবাস কৰি থকা লোকক তিনিদিনৰ ভিতৰত ঘৰ খালী কৰাৰ বাবে সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই এখন জাননী জাৰি কৰিছিল ।

উক্ত জাননীখনক প্ৰত্যাহ্বান জনাই এই জাননী পোৱা ৫৫ টা পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত দুখন‌ লেখ আবেদন দাখিল কৰিছিল । এই‌ সন্দৰ্ভত গোচৰীয়া পক্ষৰ অধিবক্তা এ আৰ‌‌ ভূঞাই কয়, "কামৰূপ মহানগৰ জিলা আয়ুক্তই উচ্ছেদৰ পিছত যিখন জাননী জাৰি কৰিছিল, সেইখনক প্ৰত্যাহ্বান জনাই আদালতত লেখ আবেদন দাখিল কৰা হৈছিল । এই জাননীখন আইন অনুসৰি জাৰি কৰা হোৱা নাছিল বুলি আদালতে কামৰূপ মহানগৰ জিলা আয়ুক্তক সমালোচনা কৰিছিল । কামৰূপ মহানগৰ জিলা উপায়ুক্তই কোনো জৰীপ নকৰাকৈ এই জাননী জাৰি কৰা বুলি আদালতে সমালোচনা ‌কৰিছিল । আদালতে আবেদনকাৰীক তেওঁলোকৰ নথিসমূহ অহা ১৩ অক্টোবৰৰ ভিতৰত কামৰূপ মহানগৰ জিলা আয়ুক্তক জমা দিয়াৰ বাবে নিৰ্দেশ দিছিল । কামৰূপ মহানগৰ জিলা আয়ুক্তই এই নথিসমূহ পৰীক্ষা কৰি আবেদনকাৰীৰ এজন এজনকৈ ভাষ্য গ্ৰহণ কৰাৰ বাবে আদালততে নিৰ্দেশ দিছিল ।" তেওঁ লগতে কয়, "এই উচ্ছেদত ৫০০ টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল । এই গোচৰটোৰ আইনী প্ৰক্ৰিয়া অব্যাহত আছে ।"

লগতে পঢ়ক :অমৃতপাল সিঙৰ আৰু এজন সহযোগীক ডিব্ৰুগড়ৰ পৰা পঞ্জাবলৈ নিয়াৰ প্ৰস্তুতি - DIBRUGARH CENTRAL JAIL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.