ETV Bharat / state

তিনি অধিবক্তালৈ শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ - GHC SHIFTING CONTROVERSY

মহাধিবক্তাৰ আদালত অৱমাননাৰ গোচৰৰ শুনানিৰ ৰায়দান ৷ বিষয়টোৰ শুনানি গ্ৰহণ কৰিছিল উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈই আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে ।

GHC SHIFTING CONTROVERSY
গুৱাহাটী উচ্চ ন্যায়ালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 11, 2025 at 8:19 PM IST

2 Min Read

গুৱাহাটী: মহাধিবক্তাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱমাননাৰ গোচৰৰ শুনানিৰ শুকুৰবাৰে ৰায়দান কৰা হয় । এই ৰায়দানত ন্যায়ালয়ৰ অৱমাননাৰ অভিযোগ উত্থাপন হোৱা তিনি অধিবক্তালৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে শপতনামা দাখিলৰ নিৰ্দেশ দিছে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে শপতনামা দাখিলৰ নিৰ্দেশ দিয়া তিনি অধিবক্তা হৈছে ক্ৰমে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ সভাপতি কমল নয়ন চৌধুৰী, জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচার্য আৰু অধিবক্তা পল্লৱী তালুকদাৰ ।

Gauhati High Court
আদালতে দিয়া ৰায়দান (ETV Bharat Assam)

উল্লেখ্য যে উত্তৰ গুৱাহাটীলৈ উচ্চ ন্যায়ালয় স্থানান্তৰৰ সন্দৰ্ভত প্রতিবাদ, মতানৈক্য অব্যাহত থকাৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয় কর্তৃপক্ষ, ন্যায়াধীশক উদ্দেশ্যি বিৰূপ মন্তব্য আগবঢ়োৱাৰ অভিযোগ তুলি মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই তিনিজনকৈ অধিবক্তাৰ বিৰুদ্ধে আদালত মঙলবাৰে অৱমাননাৰ গোচৰ তৰিছিল ।

Gauhati High Court
আদালতে দিয়া ৰায়দান (ETV Bharat Assam)

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ সভাপতি কমল নয়ন চৌধুৰী, জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচার্য আৰু অধিবক্তা পল্লৱী তালুকদাৰসহ অন্যান্যসকলৰ বিৰুদ্ধে ১/২০২৫ আৰু ২/২০২৫ নম্বৰত ১১ ,১২ ১৫ (i)(a) ধাৰাত আদালত অৱমাননাৰ গোচৰ তৰিছিল মহাধিবক্তাগৰাকীয়ে ।

মহাধিবক্তাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱমাননাৰ গোচৰটোৰ শুনানি অনুষ্ঠিত হৈছিল যোৱা বুধবাৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ত বুধবাৰে এক গোচৰৰ শুনানিয়ে বিশেষ চৰ্চা লাভ কৰিছিল ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ১ নং আদালতত অনুষ্ঠিত হৈছিল এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি । শুনানি গ্ৰহণ কৰিছিল উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে । এই শুনানিক লৈ আদালতৰ মজিয়াত ভিৰ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকলে ৷

Gauhati High Court
আদালতে দিয়া ৰায়দান (ETV Bharat Assam)

উল্লেখ্য যে বিষয় সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনে প্রতিবাদ অব্যাহত ৰখাৰ মাজতে মহাধিবক্তা শ‍ইকীয়াই আদালত অৱমাননাৰ দুটাকৈ গোচৰ তৰাটোৱে তাৎপর্য বহন কৰিছে ।

বুধবাৰে দীঘলীয়া শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল । শুকুৰবাৰে দিনত এই গোচৰটোৰ ৰায়দান কৰা হয় ।

গোচৰটোৰ মতে যোৱা ২৪ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল‌ সন্থাই অৱস্থান ধৰ্মঘট অনুষ্ঠিত কৰিছিল । কাৰ্যসূচীত সংশ্লিষ্ট তিনিগৰাকী অধিবক্তাই আদালতক অৱমাননা কৰি মন্তব্য দিছিল । এই মন্তব্য ইউটিউব আৰু এটা অসমীয়া বৈদ্যুতিন‌ মাধ্যমৰ বিশেষ অনুষ্ঠানত প্ৰচাৰিত হৈছিল । আদালতে এই‌ মন্তব্য ইউটিউব আৰু অসমীয়া বৈদ্যুতিন‌ মাধ্যমটোৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ দিয়ে ।‌ লগতে এইক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: ৰংমহলক লৈ তুমুল বিতৰ্ক আইন মহলত: বাৰ এচোছিয়েশ্যনক গৰিহণা মহাপঞ্জীয়কৰ - GAUHATI HIGH COURT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.