গুৱাহাটী : গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ পৰা ৭৭জোপা গছ স্থানান্তৰকৰণ সন্দৰ্ভত অসম চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে । জ্যেষ্ঠ সাংবাদিক মহেশ ডেকা আৰু গণ অধিকাৰ কৰ্মী জয়ন্ত গগৈয়ে দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত আদালতে এই নিৰ্দেশ দিয়ে । এই গোচৰৰ শুনানি গ্ৰহণ কৰে ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ লানুছুংকুম জমিৰ আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকে ।
আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে আদালতত ফটো দাখিল কৰি দেখুৱাই যে, ইতিমধ্যে স্থানান্তৰিত গছ কিছুমান শুকাই গৈছে । লগতে চৌধুৰীয়ে যুক্তি আগবঢ়ায় যে, অসম চৰকাৰে গছ স্থানান্তৰৰ বাবে বিশেষজ্ঞ পেনেল গঠন কৰিব লাগে, কিয়নো ৰাজ্য চৰকাৰৰ এনে স্থানান্তৰৰ পূৰ্বৰ অভিজ্ঞতাৰ কোনো নজিৰ নাই ।

চৌধুৰীৰ যুক্তি প্ৰদৰ্শনৰ পাছত ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ জমিৰে অসমৰ মহাধিবক্তা দেৱজিৎ শইকীয়াক সম্বোধন কৰি কয়, "আমি স্থানান্তৰৰ সন্দৰ্ভত আপোনালোকক গছসমূহৰ অৱস্থাৰ প্ৰতিবেদন ফটোসহ দাখিল কৰিবলৈ নিৰ্দেশ দিছোঁ ।"
কাইলৈ অৰ্থাৎ বুধবাৰে চৰকাৰে প্ৰতিবেদন দাখিল কৰিব বুলি ন্যায়ালয়ক আশ্বাস দিয়ে মহাধিবক্তা শইকীয়াই । গোচৰটোৰ চলিত মাহৰ ২৭ জুন, শুকুৰবাৰে পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে ।

উল্লেখ্য যে আমবাৰী অঞ্চলৰ ৭৭জোপা গছ স্থানান্তৰিত কৰাৰ লগতে অসম ৰাজ্যিক সংগ্ৰহালয় চৌহদত আৰু ২৩জোপা গছক স্থানান্তৰৰ বাবে চিনাক্তকৰণৰ পৰিকল্পনাৰ পাছতে মহেশ ডেকা আৰু জয়ন্ত গগৈয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল ।
ইয়াৰ পূৰ্বে যোৱা বছৰৰ অক্টোবৰ মাহত দীঘলীপুখুৰী অঞ্চলত ২১জোপা গছ কটাৰ বিৰোধিতা কৰি আবেদনকাৰীয়ে ৰাডজহুৱা স্বাৰ্থজনিত আবেদন (পি আই এল)দাখিল কৰিছিল । সেই সময়ত আদালতৰ মজিয়াত চৰকাৰে শপতনামা দাখিল কৰি দীঘলীপুখুৰী অঞ্চলৰ কোনো গছ-গছনি ক্ষতিগ্ৰস্ত নহ’ব বুলি আশ্বাস দিছিল ।

কিন্তু চলিত বৰ্ষৰ মে’ আৰু জুন মাহত যেতিয়া চৰকাৰে দীঘলীপুখুৰী-আমবাৰী অঞ্চলত গছ কটাবলৈ আৰম্ভ কৰিছিল, তেতিয়া আবেদনকাৰীয়ে আদালতৰ দৃষ্টিগোচৰ কৰিবলৈ অন্তঃৱৰ্তীকালীন আবেদন (আই এ) দাখিল কৰিছিল ।
শুনানিৰ সময়ত অসম চৰকাৰে আদালতক অৱগত কৰে যে, স্থানান্তৰৰ উদ্দেশ্যে ডাল-পাত কটা গছবোৰ দীঘলীপুখুৰীৰ নহয়, আমবাৰী অঞ্চলতহে আছে । ইয়াৰ পাছত আদালতে পূৰ্বৰ পি আই এল বন্ধ কৰি আবেদনকাৰীসকলক নতুনকৈ আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । তাৰ পাছতে মঙলবাৰে নতুনকৈ দাখিল কৰা পি আই এলৰ শুনানি গ্ৰহণ কৰা হয় ।