নিয়ন্ত্ৰণ কৰিব পৰা নাই বাৰীচুকৰ ৰীগৰ গেছ নিৰ্গমণ, অগ্নিকাণ্ডৰ আশংকাত নিদ্ৰাহৰণ ৰাইজৰ
প্ৰচণ্ড শব্দৰে গেছ নিৰ্গমণ হৈয়ে আছে । দিখৌৰ পানীৰে অগ্নিকাণ্ড প্ৰতিহত কৰাৰ চেষ্টা ।

Published : June 17, 2025 at 9:27 AM IST
শিৱসাগৰ: শিৱসাগৰৰ তৈলক্ষেত্ৰৰ ১৪৭ নম্বৰ ৰীগত আজি পৰ্যন্ত নিৰ্গমণ হৈ আছে গেছ । বাৰীচুকৰ ১৪৭ নং ৰীগত হোৱা নাই দুৰ্যোগ প্ৰশমন । আজি ষষ্ঠ দিনাও একেই পৰিৱেশ দেখা গৈছে । কেতিয়া নিয়ন্ত্ৰণলৈ আহিব তাক লৈ অনিশ্চিত অ'এনজিচি । ইয়াৰ সমানতৰাভাৱে চাৰিওকাষৰ পৰিৱেশৰ গুণগত মান পৰীক্ষা কৰি আছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ।
ইফালে প্ৰদূষিত পৰিৱেশৰ মাজতে ৰীগত অহৰহ দিখৌ নদীৰ পানী মাৰি অগ্নিকাণ্ড প্ৰতিহত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে অ'এনজিচিয়ে । এনে পৰিস্থিতিৰ ফলত অঞ্চলটোৰ ভুক্তভোগী ৰাইজৰ মাজত ক্ষোভৰ অগনি জ্বলা পৰিলক্ষিত হৈছে ৷
দেওবাৰে অ'এনজিচিৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিজ্ঞপ্তি মতে সোমবাৰে 'ৰিজিয়নেল ক্ৰাইছিছ মেনেজমেণ্ট টিম'ৰ দ্বাৰা 'জাংক শ্বট' অপাৰেচন চলোৱাৰ কথা আছিল ৷ কিন্তু এই প্ৰয়াসো ব্যৰ্থ হোৱা বুলি জানিব পৰা গৈছে । অহৰহ নিৰ্গমণ হৈ থকা এই গেছ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলত ক্ৰমান্বয়ে অঞ্চলটোত আনুষংগিক বিভিন্ন সমস্যাই দেখা দিছে ।
বহু অঞ্চলত জুই জ্বলোৱাত বাধা দিয়া হৈছে, যাতে অগ্নিকাণ্ডৰ সূত্ৰপাত নঘটে ৷ যাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰায় এহেজাৰ লোকক খাদ্যৰ যোগান ধৰি থকা হৈছে । তদুপৰি অঞ্চলটোৰ বহু লোকৰ স্বাস্থ্যও অৱনতি ঘটা দেখা গৈছে ৷
এই ৰীগটোৰ কাষতে থকা লোকসকল আশ্ৰয় শিবিৰত থাকিব লগা হোৱাত দৈনন্দিন কামৰ লগতে ছাত্ৰ-ছাত্ৰী শিক্ষা গ্ৰহণৰ পৰাও বঞ্চিত হ'ব লগা হৈছে । শিৱসাগৰ জিলা প্ৰশাসন, অ'এনজিচি তথা স্থানীয় বিধায়ক অখিল গগৈয়ে আশ্ৰয় শিবিৰৰ লগতে ৰীগৰ দাঁতিকাষৰীয়া লোকক পৰ্যাপ্ত সুবিধা প্ৰদান কৰিছে যদিও যোৱা পাঁচ-ছয়টা দিনে তীব্ৰ আশংকা আৰু মানসিক চাপৰ মাজত দিন কটাবলগীয়া হৈওছে ৷ ফলত এই লোকসকলে ক্ৰমান্বয়ে ধৈৰ্য হেৰুৱাব ধৰিছে ।
আনহাতে দেওবাৰে বিধায়ক অখিল গগৈয়ে গেছ নিৰ্গত ৰীগটো পৰিদৰ্শন কৰি আৰচিএমটিৰ বিষয়া তথা অ'এনজিচিৰ শীৰ্ষ মহলৰ সৈতে বাৰ্তালাপো কৰে ।
গেছ নিৰ্গত ৰীগ পৰিদৰ্শন অখিল গগৈৰ :
উক্ত সাক্ষাতৎ আৰচিএমটিৰ মুৰব্বী শ্ৰীহৰিয়ে এই দুৰ্যোগৰ লগতে বিভাগে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত বিধায়ক গগৈক অৱগত কৰে । এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয়, "আৰচিএমটিৰ মুৰব্বী শ্ৰীহৰিৰ লগত এই সন্দৰ্ভত মই কথা পাতিলো । কালি নিয়ন্ত্ৰণ কৰিবলৈ এটা ব্য়ৱস্থা কৰিছিল যদিও ব্য়ৰ্থ হয় । এই ব্য়ৰ্থতাৰ পৰা তেওঁলোকে কিছু অধ্য়য়ন কৰিব পাৰিলে । তিনিদিন মানৰ ভিতৰত নিয়ন্ত্ৰণ হ'ব পাৰে । এইটো আন্দাজহে, এয়া দীঘলীয়াও হ'ব পাৰে ।’’
‘‘শ্ৰীহৰিয়ে মোক কয় যে বাৰীচুকৰ ১৪৭ নং ৰীগত হোৱা এক ভূতাত্বিক পৰিঘটনা, কোনো আশ্চৰ্যতকৈ কম নহয় । কিয়নো খাৰুৱা তেল অন্বেষণ কৰা এই ঠাইত এইধৰণৰ উচ্চ চাপ সম্পন্ন প্ৰাকৃতিক গেছৰ কোনো সম্ভাৱনা নাছিল । যাৰ বাবে এই বিপৰ্যয় ৰোধ কৰাত কিছু পলম হৈছে ।’’ তেওঁ কয় ৷
গগৈয়ে কয়, ‘‘এই নিৰ্গমণ ৰোধৰ বাবে যি যি কাৰিকৰী ব্যৱস্থা হাতত লোৱা হৈছে সেইবোৰ বিফল হৈছে যদিও এই প্ৰয়াসসমূহৰ দ্বাৰা পৰৱৰ্তী কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব, সেয়া নিৰ্ধাৰণ কৰা সম্ভৱ হৈছে বুলি বিষয়াগৰাকীয়ে কয় ।"
বৃহৎ প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ থকাৰ অনুমান :
ৰীগটো নিয়ন্ত্ৰণৰ ভিতৰলৈ আহিবলৈ কিমান দিন লাগিব সেয়া নিশ্চিত নহয় যদিও কালিৰ 'জাংক শ্বট' অপাৰেচনৰ পাছত বহু কথা কৰ্মৰত বিশেষজ্ঞই জানিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে ।
বিধায়ক গগৈক কয়, "এই অঞ্চলত এক বৃহৎ প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ থকাৰ অনুমান কৰা হৈছে । এই ভাণ্ডাৰ ইমানেই বৃহৎ যে ইয়াৰ দ্বাৰা ২৫-৩০ বছৰ গেছ উৎপাদন কৰিব পৰা যাব । অৱশ্যে ৰীগটোৰ দুৰ্যোগ প্ৰশমিত নকৰাকৈ এই সম্পদ কিমান ৰাইজৰ বাবে হিতজনক হ'ব তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন হৈছে ।’’
ভুক্তভোগীৰ ক্ষোভ :
শিৱসাগৰ জিলা প্ৰশাসনে ভুক্তভোগী লোকৰ বাবে মুকলি কৰা আশ্ৰয় শিবিৰত প্ৰদান কৰা খাদ্য আৰু আন যাৱতীয় ব্যৱস্থাক লৈ সন্তুষ্ট নহয় স্থানীয় লোক । পুৱা ৯ বজাত পুৱাৰ আহাৰৰ নামত দুখন ব্ৰেড আৰু এটা কণী প্ৰদান কৰাৰ পাছত যোৱা দেওবাৰে নিশা ১১ বজাত নিশাৰ আহাৰ প্ৰদান কৰাৰ অভিযোগ উঠিছে । জিলা প্ৰশাসনৰ নিৰ্দেশত সোমবাৰে উক্ত অঞ্চলৰ পশুধনৰ জৰীপ আৰু চিকিৎসাৰ ব্যৱস্থা কৰিছে পশুপালন বিভাগে ।
বায়ু-পানীৰ গুণাগুণ পৰীক্ষা :
উক্ত স্থানত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়া উপস্থিত হৈ স্থানীয় পৰিৱেশ নিৰীক্ষণ কৰিছে । লগতে উক্ত অঞ্চলৰ বায়ু আৰু পানীৰ গুণাগুণ চাবৰ বাবে যন্ত্ৰ স্থাপন কৰি ইয়াৰ ফলাফল পৰ্যবেক্ষণ কৰা বুলিও জানিব দিয়ে । বৰ্তমানে বায়ু আৰু পানীৰ গুণগত মান চিন্তাজনক নহয় যদিও শব্দ প্ৰদূষণে এক সমস্যাৰ সৃষ্টি কৰা বুলিও প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কয় ।
উল্লেখ্য় যে, এছ কে পেট্ৰ'কেমিকেলছ নামৰ এটা ব্যক্তিগতখণ্ডৰ কোম্পানীয়ে এই ৰীগৰ কাৰ্য পৰিচালনা কৰি আছিল । এই কোম্পানীটোৰ অধীনত আন ৰীগটো বিভিন্ন বিসংগতি ঘটি থকাৰ অভিযোগ আছে যদিও কি দৰদত অ'এনজিচি কৰ্তৃপক্ষই এই কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে সেই বিষয়ক লৈ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰি আহিছে ।
আনহাতে অভিযোগ অনুসৰি, ১৪৭ নং ৰীগত সংঘটিত দুৰ্যোগক লৈ অ'এনজিচি কৰ্তৃপক্ষই স্থানীয় লোকৰ লগতে সংবাদ মাধ্যমক সকলো কথা অৱগত কৰাৰ পৰা বিৰত আছে । বিভাগে আংশকাত থকা ৰাইজক আশ্বস্ত কৰাৰ সলনি এক দূৰত্ব বজাই ৰাখি ভুক্তভোগী ৰাইজক অধিক ভয়াৰ্ত কৰি তোলাৰ অভিযোগ কৰিছে স্থানীয় লোকে ।
সেইদৰে অ'এনজিচি কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগতো কোনো তথ্য সদৰী নকৰা বাবে এতিয়া বিভাগটোৰ সক্ষমতাৰ প্ৰতি সন্দেহৰ সৃষ্টি হৈছে । অনুৰূপ ধৰণে শিৱসাগৰ জিলা প্ৰশাসনেও সংবাদ মাধ্য়মক সবিশেষ তথ্য প্ৰদানৰ পৰা বিৰত থকাৰ অভিযোগ উঠিছে ।
ঘটনাস্থলী পৰিদৰ্শন গৌৰৱ গগৈৰ :
সোমবাৰে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অ'এন জি চিৰ লগতে চৰকাৰৰ খনিজ তেল আহৰণ নীতিক সমালোচনা কৰে ।
অ'এন জি চি এক ধনাঢ্য় প্ৰতিষ্ঠান হোৱাৰ পাছতো কিয় এনে ঘটনা সংঘটিত হয় বুলি প্ৰশ্ন কৰি কিয় অ'এন জি চিৰ সাধাৰণ ৰাইজৰ জীৱনৰ প্ৰতি দায়িত্ব নাই বুলি ক্ষোভ প্ৰকাশ কৰে । এগৰাকী সাংসদক অৱগত নকৰাকৈ ব্যক্তিগত প্ৰতিষ্ঠানক তৈলখননৰ দায়িত্ব প্ৰদান কৰা সন্দৰ্ভতো প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে ।

