ETV Bharat / state

তৈলখাদত অথন্তৰ: পাইপ ফাটি গেছে-বালিয়ে সমানে ওলাইছে

দুলীয়াজানৰ নগাজানত হাহাকাৰ অৱস্থা । উৱাদিহ পোৱা নাই অইল কৰ্তৃপক্ষই ৷

Duliajan oil pipe leakage
দুলীয়াজানৰ তৈলখাদত ভয়ংকৰ ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 9, 2025 at 3:06 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: দুলীয়াজানৰ নগাজানত অইলৰ তৈলখাদত ভয়ংকৰ ঘটনা । অইলৰ এন এইচ কে-৩০৯ তৈলখাদত ভয়ংকৰভাৱে নিৰ্গমন হৈছে গেছ । জানিব পৰা মতে তৈলখাদটোৰ ভূগৰ্ভৰ পৰা তীব্ৰগতিত গেছৰ লগতে বালিও নিৰ্গমন হৈছে । তৈলখাদটোৰ পৰা কেইবাফুট উচ্চতালৈ গেছৰ লগতে বালি ওলাই আহে । ফলস্বৰূপে সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰে ।

ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে উক্ত স্থানত অইল ইণ্ডিয়া লিমিটেডৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ লগতে অইলৰ দুৰ্যোগ প্ৰশমন বিভাগ, উৎপাদন বিভাগৰ বিষয়া, অভিযন্তা আৰু কৰ্মচাৰীসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ তৈলখাদটোৰ গেছ নিৰ্গমন সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই অইল ইণ্ডিয়া কৰ্তৃপক্ষই ।

দুলীয়াজানৰ তৈলখাদত ভয়ংকৰ ঘটনা (ETV Bharat)

শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন তৈলখাদত এটাৰ পাছত আন এটা গেছ নিৰ্গমনৰ ঘটনা সংঘটিত হৈছে । ২০২০ চনত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ ক্ষেত্ৰত বাঘজানত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান জন এনাৰ্জি প্ৰাইভেট লিমিটেডে কৰা কামত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড । ঠিক একেদৰেই অইল ইণ্ডিয়াৰ গুৰুত্বহীনতাৰ বাবে দুলীয়াজানত পুনৰ বাঘজানকাণ্ড হ'ব নেকি বুলি ৰাইজৰ মনত প্ৰশ্ন উত্থাপিত হৈছে ।

সমগ্ৰ ঘটনাক লৈ গৱেষণা কৰিব অইলে

ঘটনাস্থলীত উপস্থিত হোৱা অইল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ অভিযন্তাই কয়, "ঘটনা সংঘটিত হোৱা এন এইচ কে-৩০৯ খাদটো গেছ উৎপাদন কৰা খাদ । ইয়াৰ পৰা দৈনিক গেছ উৎপাদন কৰা হয় । আজি পুৱা তলৰ পৰা গেছৰ লগতে বালি ওলাই আহে । তলৰ পৰা তীব্ৰগতিত বালি অহাত গেছৰ পাইপ ছিগি যায় । ইয়াৰ পাছতে অধিক তীব্ৰ গতিত গেছ নিৰ্গমন হয় । ইতিমধ্যে অইলৰ বিভিন্ন বিভাগৰ এটা দলে চেষ্টা চলাই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে । কিয় তীব্ৰ গতিত বালি নিৰ্গমন হৈছে সেই বিষয়ে আমি গৱেষণা কৰিম যাতে ভৱিষ্যতে এনে ঘটনা পুনৰ নহয় ।"

লগতে পঢ়ক :উদ্বেগকজন: বৰাক নদী বিলুপ্ত দিশে ডলফিনৰূপে জনাজাত শিহু: বিশেষজ্ঞৰ মতে জলবায়ু পৰিৱৰ্তনৰ ফল - GANGES RIVER DOLPHIN