তেজপুৰ : আজি গৰু বিহু । অসমীয়া হেঁপাহৰ বিহুক লৈ ৰাজ্যজুৰি ব্যাপক উছাহ দেখা গৈছে । বাপতিসাহোন ৰঙালী বিহু বা ব'হাগ বিহুৰ প্ৰথম দিনটোত গৰু বিহু পালন কৰা হয় । এই বিহু সাধাৰণতে ১৪ এপ্ৰিল তাৰিখে অৰ্থাৎ চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিত অনুষ্ঠিত হয় । সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ ডিপোতাত কেন্দ্ৰীয়ভাৱে গৰু বিহুৰ কাৰ্যসূচী পালন কৰা হৈছে । ডিপোতা নদীত সমূহীয়াভাৱে গৰু ধুওৱা পৰম্পৰাত গাঁৱৰ জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ উলহ-মালহৰে গৰু ধুৱাই নদীৰ পাৰত বিহু নাচিছে । এই কাৰ্যসূচীত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ৰাইজৰ সৈতে একলগে বিহু গালে । সমান্তৰালভাৱে তেজপুৰ গহন উদ্যানতো পৰম্পৰা অনুসৰি গৰু ধুওৱা কাৰ্যসূচী পালন কৰে উদ্যানৰ কৰ্মকৰ্তাই ।
গৰু বিহুৰ বিশেষত্ব :
এই সময়তে প্ৰকৃতিয়ে ন-ৰূপ ধাৰণ কৰে, গছ-লতাই ন-ৰূপেৰে ঠন ধৰি উঠে । পৰম্পৰা অনুসৰি গৰু বিহুৰ দিনটোত গৰুক বিশ্ৰাম দিয়াৰ লগতে যত্ন লোৱা হয় । গৰুবোৰক নদী বা জান-জুৰিলৈ নি প্ৰথমে তেল, মাহ-হালধি আদি লগোৱা হয় আৰু তাৰ পিছত ধুওৱা হয় । ইফালে পূৰ্বৰে পৰা প্ৰস্তুত কৰা ৰখা লাও, বেঙেনা, কেৰেলা আদি গৰুৰ গালৈ দলিয়াই এনেদৰে গোৱা হয়- "লাও খা, বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হ'বি বৰ গৰু...।" একেদৰে দীঘলতি, মাখিয়তি পাতেৰে কোবাই এনেদৰে গাই- "দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত । মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত ।"

ইফালে পৰম্পৰা অনুসৰি লাও, বেঙেনা আদিৰ কিছু অংশ গৃহস্থই ঘৰে ঘৰে লৈ যায় আৰু চুবুৰীয়াৰ সৈতে সেইবোৰ সলনি কৰে । এই দিনটোৱে অসমৰ কৃষিনির্ভৰ সমাজত পশুপালনৰ বিশেষ গুৰুত্ব, প্ৰকৃতিৰ সৈতে সম্পৰ্ক আৰু ধাৰ্মিক অনুভূতিৰ এক অপূৰ্ব প্ৰতিফলন ঘটায় । চহা জনজীৱনৰ অবিচ্ছেদ্য অংগ এই পৰম্পৰা অতীজৰে পৰাই যিদৰে প্ৰচলিত হৈ আহিছে একেদৰে আজিও চলি আহিছে । গৰু বিহুৰ ইতিহাস অসমীয়াত বহু গভীৰ আৰু পৰম্পৰাগত । ই অসমৰ কৃষিভিত্তিক সমাজ আৰু গাঁৱৰ-জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ।
গৰু বিহুৰ ইতিহাস :
ই প্ৰাচীন সময়ৰ পৰাই চলি আহিছে । মূলতে এই বিহু কৃষিভিত্তিক সমাজৰ এটি অংগ । অসমীয়া লোক-সাহিত্য, সংগীত আৰু সংস্কৃতিৰে এই বিহুৰ গভীৰ সংযোগ আছে । গৰুবোৰৰ ওপৰত কৃষকসকল যথেষ্ট নিৰ্ভৰশীল আছিল । হালবোৱা, পৰিবহণ আদিৰ দৰে কামত গৰু ব্যৱহাৰ কৰা হৈছিল । সেয়ে অসমীয়া বছৰৰ আৰম্ভণিতে এই গৰুবোৰক ধুৱাই যত্ন লোৱা এক পৰম্পৰা হিচাপে গঢ়ি উঠিছিল । কেৱল এয়াই নহয় গৰুৰ মংগল তথা সু-স্বাস্থ্য কামনা কৰা আৰু তাৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয় ।

ব্ৰাহ্মণ যুগৰ সম্পৰ্ক :
কেইটামান ঐতিহাসিক তথ্য অনুসৰি গৰু বিহু বা গো-স্নান উৎসৱৰ উৎপত্তি বৈদিক যুগৰ গো-পূজা বা গো-স্নানৰ পৰম্পৰাৰ পৰা হ'ব পাৰে । গৰুক 'গো মাতা' বুলি কোৱা হয় -হিন্দু ধৰ্মত এই পূজাৰ ধৰ্মীয় তাৎপৰ্য আছে ।
অসমীয়া সংস্কৃতিৰে সংযোগ :
সময়ৰ পৰিৱৰ্তনত এই ধৰ্মীয়-আচাৰ-সংক্রান্ত অনুষ্ঠান লোক-উৎসৱ হিচাপে গঢ় লৈ উঠিল । গৰু বিহু এতিয়া কেৱল ধৰ্মীয় বা আচাৰভিত্তিক নহয়, সামাজিক মিলন আৰু আনন্দৰো এক উৎসৱ । এইটো ৰঙালী বিহুৰ আৰম্ভণি - যি নতুন বছৰৰ সূচনা, নতুন আশাৰ প্ৰৱেশ ঘটায় ।
গাঁও আৰু সমাজত এক সামাজিক অনুষ্ঠান :
গাঁওখনৰ সকলো লোকে একগোট হৈ গৰুক ধুৱাবলৈ লৈ যায়, সেয়া এক সমাজিক মিলনো । যুৱক-যুৱতী, জ্যেষ্ঠ নাগৰিকসকল লগ হৈ একেলগে বিহুগীত গায়, আনন্দ কৰে-ই অসমীয়াৰ সমাজ জীৱনৰ এক প্ৰাণস্পন্দন । সংক্ষেপে ক'বলৈ গ'লে, গৰু বিহু হৈছে অসমৰ কৃষিজীৱী সংস্কৃতি, ধৰ্মীয় বিশ্বাস আৰু সমাজ জীৱনৰ এক যুগ্ম ৰূপ-যাৰ শিখৰ বহু দূৰ অতীতলৈকে পোৱা যায় ।